কৰ্কট ৰোগ নিৰাময়ৰ বাবে বিশেষ বঙৰণি আগবঢ়োৱা ড০ অমল কটকীক সম্বৰ্ধনা

ডিজিটেল ডেস্কঃ অসম মেডিকেল কলেজৰ পৰিয়াল বৰ্গই ২৯ ছেপ্টেম্বৰত সম্বৰ্ধনা জনালে বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ সঞ্চালক ড০ অমল কটকীক।অসম মেডিকেল কলেজত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট চিকিৎসকগৰাকীক এই সম্বৰ্ধনা জনোৱা হয়।

উত্তৰ-পূবৰ কৰ্কট ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱাৰ বাবে উত্তৰপূব কৰ্কট ৰোগ বিশেষজ্ঞসকলৰ সংস্থাৰ মধ্যকালীন আলোচনাসভাত এই সম্বৰ্ধনা জনোৱা হয় ড০ কটকীক। অসম মেডিকেল কলেজৰ অধ্যক্ষ ড০ এইচ কে গোস্বামীয়ে তেখেতক এই সম্বৰ্ধনা জ্ঞাপন কৰে।

The post কৰ্কট ৰোগ নিৰাময়ৰ বাবে বিশেষ বঙৰণি আগবঢ়োৱা ড০ অমল কটকীক সম্বৰ্ধনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OoR7Bj
via IFTTT

Comments