উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ সাফল্যঃ যাত্ৰীসকলৰ পৰা ৰেকৰ্ড পৰিমাণ অর্থ উপার্জন
ডিজিটেল ডেস্ক,গুৱাহাটাঃ উত্তৰ-পূর্বাঞ্চল সীমান্ত ৰেলৰ যাত্রী সংখ্যা আনুপাতিক লক্ষ্যমাত্ৰাতকৈ ৭ শতাংশৰাে বেছি বৃদ্ধি পাইছে। যােৱা বছৰৰ অর্জিত সাফল্যৰ তুলনাত এই পৰিমাণ ৭.৪ শতাংশ বেছি। ৰেলৱে বােৰ্ডৰ পৰিসংখ্যান শাখাৰ প্রকাশিত তথ্যত এই কথা সদৰি কৰা হৈছে। ভাৰতীয় ৰেলৱেৰ অধীনস্থ সকলাে জোনৰ ভিতৰত এই বৃদ্ধি সর্বাধিক। একে ধৰণে চলিত বছৰৰ আগষ্ট মাহলৈ যাত্ৰীসকলৰ পৰা অর্জিত আয়ৰ পৰিমাণ যােৱা বছৰৰ তুলনাত ১২.১৫ শতাংশ বৃদ্ধি পাইছে। এই সময়ছােৱাত ভাৰতীয় ৰেলৰ যাত্ৰীসকলৰ পৰা অর্জিত আয়ৰ বর্ধিত পৰিমাণ ৩.৭৭ শতাংশ। এই ক্ষেত্ৰতাে ভাৰতীয় ৰেলৰ অধীস্থ সকলাে জোনৰ মাজত উত্তৰ-পূর্বাঞ্চল সকলােতকৈ আগত। প্রসঙ্গক্রমে উল্লেখযােগ্য যে, ৰেলমন্ত্রকে উত্তৰ-পূৱত যােগাযােগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে ২০১৪-১৮ বৰ্ষৰ ভিতৰত ৫৯ জোৰা নতুন ট্রেইন চালু কৰা হৈছে। এই নতুন ৰেল সেৱা সূচনাৰই প্রত্যক্ষ ফল যাত্রীৰ সংখ্যা বৃদ্ধি। বিদ্যমান সেৱাৰ উন্নীতকৰণাে আন এক কাৰণ।
The post উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ সাফল্যঃ যাত্ৰীসকলৰ পৰা ৰেকৰ্ড পৰিমাণ অর্থ উপার্জন appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2R9n13f
via IFTTT
Comments
Post a Comment