লোকসভা নিৰ্বাচনত দিল্লীত বিজেপিৰ প্ৰাৰ্থী সেহবাগ-গম্ভীৰ ?

ডিজিটেল ডেস্কঃ বিজেপিৰ হৈ আগন্তক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হ’ব পাৰে বাৰেন্দ্ৰ সেহবাগ আৰু গৌতম গম্ভীৰ৷ এইধৰণেই আলোচনা আৰম্ভ হৈছে ৰাজধানী দিল্লীত৷ সূত্ৰত প্ৰকাশিত তথ্য মতে বিজেপি কেন্দ্ৰীয় নেতাই ইতিমধ্যে দুয়োগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ তাতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাৰ পৰা অন্তত ৩০-৪০ শতাংশ প্ৰাৰ্থীৰ নাম কৰ্তন কৰিব বিজেপিয়ে৷ মানুহৰ আস্থা অৰ্জনৰ বাবেই এই উদ্যোগ লোৱা হৈছে বুলি বিশেষ সূত্ৰত প্ৰকাশ৷ দিল্লীৰ অন্তৰ্গত লোকসভা সমষ্ঠিবোৰৰ বেছিভাগতে নতুন মুখ দেখা পোৱাৰ সম্ভৱনা আছে৷ এই নতুন মুখৰ মাজত স্থান পাব পাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন দুই বেটছমেন সেহবাগ আৰু গম্ভীৰ৷ পিছে বিজেপিক ৰূধিবলৈ কংগ্ৰেছে আম আদমী পাৰ্টীৰ লগত মিত্ৰতা কৰাৰ পূৰ্ণ সম্ভৱনা আছে৷

The post লোকসভা নিৰ্বাচনত দিল্লীত বিজেপিৰ প্ৰাৰ্থী সেহবাগ-গম্ভীৰ ? appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2DHcVnM
via IFTTT

Comments