প্ৰথম দিনাই দৰ্শকৰ হৃদয় জিনি ৬লক্ষাধিক টকা সংগ্ৰহ ‘ভিলেইজ ৰকষ্টাৰছ’ৰ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰা ৰীমা দাসৰ ‘ভিলেইজ ৰকষ্টাৰছে’ বিপুল সঁহাৰি লাভ কৰিছে দৰ্শকৰ। প্ৰথম দিনাই হাউছফুল হৈ পৰা এই ছবিখন চাবলৈ ভিৰ কৰিছিলহি চিনেমা হলত। টিকট নাপাই উভতিবলগীয়াও হৈছে বহু দৰ্শক।

ছবিখনে মুক্তিলাভ কৰাৰ দিনা ৰাজ্যখনৰ মুঠ ৩৪টা চিনেমাগৃহত ছবিখন প্ৰদৰ্শন কৰা হৈছিল যদিও, দ্বিতীয় দিনা দৰ্শকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৩৯টা ছবিগৃহত ছবিখন প্ৰদৰ্শন কৰা হয়। প্ৰথম দিনাই ৬ লক্ষাধিক টকা উপাৰ্জন কৰে ছবিখন।

দ্বিতীয় দিনা ছবিখনৰ সংগ্ৰহৃত ধনৰ সংখ্যা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। দেওবাৰে দৰ্শনীৰ বাবে ছবিখনৰ বাবে আগতীয়া প্ৰায়বোৰ টিকট বিক্ৰী শেষ হৈছে। বন্ধ বাৰ হোৱাৰ সূত্ৰে দেওবাৰে যথেষ্ট সংখ্যক লোকে ছবিখন চাবলৈ আহি চিনেমা হলত ভিৰ কৰাৰ সম্ভৱনা আছে।

The post প্ৰথম দিনাই দৰ্শকৰ হৃদয় জিনি ৬লক্ষাধিক টকা সংগ্ৰহ ‘ভিলেইজ ৰকষ্টাৰছ’ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xNw2qB
via IFTTT

Comments