বৰপথাৰত কবিৰাজী চিকিৎসাৰ নামত যুৱতীক অশ্লীল ইংগিত : আটক ভণ্ড কবিৰাজ
ডিজিটেল ডেস্ক, সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ ৪নং ৱাৰ্ডত শুক্ৰ বাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এজন ভণ্ড কবিৰাজৰ কাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কবিৰাজী চিকিৎসাৰ নামত যুৱতীক অশ্লীল ইংগিত দিছিল ভণ্ড কবিৰাজে । অশ্লীল ইংগিত দি মহিলা যুৱতীৰ পৰা উপৰ্য্যুপৰি কাণতলীয়া চৰ খাবলগীয়া হ’ল ভণ্ড কালি সাধক কবিৰাজে।
কাৰ্বি আংলং জিলাৰ বোকাজানৰ নিৱাসী বাবুল দাস নামৰ কালি সাধক কবিৰাজ জনে শুক্ৰবাৰে গোলাঘাটৰ বৰপথাৰ নগৰৰ ৪ নং ৱাৰ্ডৰ এটা পৰিয়ালৰ ঘৰত কবিৰাজী চিকিৎসাৰ বাবে আহিছিল ৷ কিন্তু চিকিৎসাৰ নামত অশ্লীল ইংগিত দি মহিলাৰ চৰ থাপৰ হে খাবলগীয়া হ’ল ভণ্ড কবিৰাজে| অভিযোগ অনুসৰি বৰপথাৰৰ কল্যানীপাৰা অঞ্চলৰ পেটৰ বিষত ভুগি থকা দুগৰাকী যুৱতীক চিকিৎসা প্ৰদান কৰিছিল কবিৰাজ বাবুল দাসে৷ চিকিৎসাৰ বাবে যুৱতী দুগৰাকীক পৃথকে পৃথকে এটা কোঠালৈ নি দৰ্জা বন্ধ কৰি যৌন উৎপীড়ন আৰম্ভ কৰে ধুৰন্ধৰ কবিৰাজ বাবুল দাসে৷ কবিৰাজৰ এনে কাণ্ডৰ কথা এগৰাকী যুৱতীয়ে মাকক অৱগত কৰাত অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত উক্ত স্হানত বহু ৰাইজ সমবেত হৈ লম্পট কবিৰাজক ৰাজপথত থিয় কৰাই নিৰ্যাতিতা যুৱতী গৰাকীৰ লগতে তাইৰ মাতৃয়ে উত্তম মাধ্যম সোধায়৷ কবিৰাজী চিকিৎসা প্ৰদানৰ আচিলাৰে অসৎ উদ্দেশ্য পূৰণ কৰিবলৈ গৈ এইদৰে মহিলা যুৱতীৰ ইটোৰ পিচত সিটো কানতলীয়া চৰ খাব লগীয়া হল ভণ্ড কবিৰাজে। ইপিনে ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্হিত হৈ ধুৰন্ধৰ কবিৰাজ বাবুল দাসক আটক কৰি বৰপথাৰ থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে।
The post বৰপথাৰত কবিৰাজী চিকিৎসাৰ নামত যুৱতীক অশ্লীল ইংগিত : আটক ভণ্ড কবিৰাজ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2NTCman
via IFTTT
Comments
Post a Comment