সোমবাৰে ফুটবল জ্বৰত আক্ৰান্ত হ’ব গুৱাহাটী

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে আইএছএলৰ জ্বৰত আক্ৰান্ত হ’ব সমগ্ৰ গুৱাহাটী। ফুটবল তাৰকাৰ দুভৰিৰ যাদুৱে মোহাচ্ছন্ন কৰিব হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমীক।
মহানগৰীৰ সৰসজাই ষ্টেডিয়ামত সোমবাৰে নৰ্থ ইষ্ট ইউনাইটেড আৰু গোৱা এফ চিৰ মাজত অনুষ্ঠিত হ’ব আইএছএলৰ তৃতীয়খন খেল। সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হবলগীয়া মেচখনত ঘৰুৱা সৰ্মথনত জয়লাভ কৰাই মূল লক্ষ্য হব নৰ্থ ইষ্ট ইউনাইটেডৰ।
নৰ্থ ইষ্টৰ এইবাৰৰ ফুটবল দলটোত আছে কেইবাগৰাকীও নতুন খেলুৱৈ। ঘৰুৱা খেলপথাৰত প্ৰথমখন মেচত নামিব লগীয়া নৰ্থ ইষ্টৰ খেলুৱৈ সকল সোমবাৰৰ খেলখনক লৈ যথেষ্ট উৎসাহী।
দলটোৰ দুজনমান খেলুৱৈ আঘাতপ্ৰাপ্ত যদিও এই বৰ্ষত সকলোৱে পাৰ্যমানে কষ্ট কৰিছে বুলি মতপোষণ কৰিছে দলটোৰ প্ৰশিক্ষক এলকছ কেটৰীয়ে।
উল্লেখ্য যে আইএছএলৰ এইটো হৈছে পঞ্চম সংষ্কৰণ। বিগত চতুৰ্থ সংষ্কৰণত জয়ী হৈছিল চেন্নাইন এফ চি। এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’ব ৬খনকৈ মেচ।
The post সোমবাৰে ফুটবল জ্বৰত আক্ৰান্ত হ’ব গুৱাহাটী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NTaumM
via IFTTT
Comments
Post a Comment