মহানগৰীত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ পাছতহে তৎপৰ আৰক্ষী

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত জেহাদিৰ উত্থানৰ পাছতো গা লৰা নাই অসম আৰক্ষীৰ। প্ৰশাসন ব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে ইতিমধ্যে চৰকাৰে লৈছে বিভিন্ন কাৰ্যপন্থা। কোটি কোটি টকা মুকলাই দিছে ৰাজ্য চৰকাৰে। কিন্তু শনিবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এটা ঘটনাই আৰক্ষী প্ৰশাসনৰ প্ৰকৃত স্বৰূপটোকে যেন উদঙাই পেলালে।
মহানগৰীৰ দক্ষিণ শৰণীয়াত নিৰোদ ডেকা নামৰ এজন ব্যক্তিৰ ঘৰত উদ্ধাৰ হ’ল ৬ টাকৈ মাৰণাস্ত্ৰ। ব্যক্তিজনৰ ঘৰত ৪ টা এয়াৰ গান,এটা পইণ্ট ২২ বৰৰ ৰাইফল আৰু পইণ্ট ১২ ৰ ডাবল বেৰেল বন্দুক উদ্ধাৰ হোৱাৰ পাছতে মহানগৰীৰ নিৰাপত্তা ব্যৱস্থাটোৰ প্ৰকৃত স্বৰূপ উন্মোচিত হ ‘ল। যি সময়ত কোনোবা ভি আই পি বা ভি ভি আই পি এজন ৰাজপথেৰে যোৱাৰ বাবে গুৱাহাটী মহানগৰীৰ ৰাজপথত প্ৰতিজন লোককে আৰক্ষীয়ে তন্ন তন্ন কৈ পৰীক্ষা কৰি চাই, সেই আৰক্ষীয়ে যেন শুংসূত্ৰ নাপাই কিছু কথাৰ।
এজন ব্যক্তিৰ ঘৰৰ এটা কোঠাত ইমান কেইটা বন্দুক তথা প্ৰায় ৭৬৬টা বন্দুকৰ গুলী পোৱাৰ ঘটনাটোৱে সমগ্ৰ মহানগৰবাসীৰ বাবে এক ভয়ংকৰ ভৱিষ্যতৰ আগজাননী দিছে। প্ৰণিধানযোগ্য যে, এনেদৰে এজন ব্যক্তিৰ ঘৰত ইমানখিনি মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ পাছতো পল্টন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ঘটনা সংক্ৰান্তত কোনো অভিযোগ নোলোৱাৰ কথা কয়।
আচলতে এই ঘটনা কিহৰ ইংগিত। যি সময়ত এজন ব্যক্তিয়ে গুৱাহাটী মহানগৰীত আৰক্ষীয়ে গীজগিজাই থকাৰ সময়তে এনেদৰে ঘৰৰ এটি কোঠাত মাৰণাস্ত্ৰ মজুত কৰি ৰাখিলে, সেই সময়তো যেন নিৰাপত্তা ব্যৱস্থাক লৈ অনুসূচনাত ভোগা নাই আৰক্ষী বিভাগ।ঘটনাৰ বিৱৰণি অনুসৰি অৰিয়েণ্টেল বেংকৰ মহানগৰীৰ চিৰিয়াখানা শাখাৰ পৰা সোঁতত ৪২ লাখ টকাৰ ঋণ লৈছিল নিৰোদ ডেকাৰ নামৰ দক্ষিণ শৰণীয়াৰ এজন ব্যক্তিয়ে।
ডেৰ বছৰ ধৰি ঋণ পৰিশোধ নকৰাৰ ফলত বেংকৰ তৰফৰ পৰা কেইবাবাৰো নিৰোদ ডেকালৈ জাননী প্ৰেৰণ কৰিছিল বেংক কৰ্তৃপক্ষই। কিন্তু কোনো সদুত্তৰ নাপাই শনিবাৰে বেংক কৰ্তৃপক্ষই পল্টনবজাৰ আৰক্ষীৰ জৰিয়তে নিৰোদ ডেকাৰ ঘৰত তালাচী চলাই। কিন্তু কেঁচু খান্দোতে সাপ ওলাল।
অৰ্থাৎ আৰক্ষীয়ে অন্যান্য সামগ্ৰীৰ তুলনাত বহুতো মাৰণাস্ত্ৰহে উদ্ধাৰ কৰে ব্যক্তিজনৰ ঘৰত। মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ পাছতো সেইসমূহ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ পত্ৰ থকাৰ কথা কৈ কোনো অভিযোগ পঞ্জীয়ন নকৰাৰ কথা উল্লেখ কৰে পল্টন বজাৰ আৰক্ষীয়ে। কিন্তু এজন ব্যক্তিয়ে ইমান কেইটা মাৰণাস্ত্ৰ কেনেদৰে ঘৰত মজুত কৰি ৰাখিছিল ই এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। প্ৰাপ্ত তথ্য অনুসৰি অভিযুক্ত নিৰোদ ডেকা এজন কয়লা ব্যৱসায়ী। সেই সূত্ৰে হয়তো আৰক্ষীয়ে এইক্ষেত্ৰত সঠিক তদন্ত চলাই ঘটনাৰ আচল মোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব।
যি দৰে চুৰ গলে বুদ্ধি আৰু বৰষুণ গলে জাপিৰ প্ৰয়োজন নাই, ঠিক তেনেদৰে যিকোনো এটা ঘটনা সংঘটিত হোৱাৰ সময়লৈ বাট চাই ৰয় মহানগৰ আৰক্ষী। এজন ব্যক্তিৰ ঘৰত ৬ টাকৈ মাৰণাস্ত্ৰ তথা প্ৰায় ৭৬৬ জাই সজীৱ গুলী উদ্ধাৰ কৰাৰ পাছতহে এতিয়া গা লৰিছে মহানগৰ আৰক্ষীৰ। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত যান বাহন ৰখাই শনিবাৰৰ সন্ধিয়াৰ তালাচী চলোৱা দেখিবলৈ পোৱা গ’ল মহানগৰ আৰক্ষীক।
মহানগৰীৰ চানমাৰী, গুৱাহাটী ক্লাব ইত্যাদি ঠাই সমূহত সকলো প্ৰকাৰৰ যান বাহন ৰখাই তন্ন তন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গল আৰক্ষীক। কিন্তু কিমানদিনলৈ চলিব এই তালাচী। এইয়া এইসময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। নে এনেদৰে হাজাৰজন নিৰুদ ডেকাৰ জন্ম হব গুৱাহাটী মহানগৰীত। আৰু আৰক্ষীৰ নাকৰ তলেৰে নিজ ঘৰত মজুত কৰিব মাৰণাস্ত্ৰ।
The post মহানগৰীত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ পাছতহে তৎপৰ আৰক্ষী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DFcLx9
via IFTTT
Comments
Post a Comment