শংকৰদেৱৰ জন্মস্থানত ফান্সৰ গৱেষক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেওবাৰে সুদূৰ ফ্ৰান্সৰ গৱেষক ব্ৰীজিত ওৱৰ্ণ আৰু থেৰী ওৱৰ্ণে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ জন্মস্থান পূণ্যভূমি বটদ্রৱা থানত উপস্থিত হৈ গুৰুজনাৰ স্মৃতি বিজড়িত আকাশীগংগা, কীৰ্তনঘৰ, হাটিবহা, শিলিখা বৃক্ষ, সাঁচি গছ, দুইপদশিলা, টেম্বুৱানী জান আদি দৰ্শণ কৰে ৷
পেৰিছত অধ্যাপনা কৰি থকা গৱেষকদ্বয়ে সংস্কৃত ভাষাক বিশ্বৰ আন আন ভাষাৰ লগত পৰিচয় কৰাই দিয়া আৰু ভাৰতৰ প্ৰাচীনতম ভাষা হিচাপে সমগ্ৰ বিশ্বত মান্যতা দিয়াৰ হকে গৱেষণাৰ জৰিয়তে প্ৰচাৰ-প্ৰসাৰৰ কামত ব্ৰতী হৈ থকা বুলি বটদ্রৱা থান দৰ্শন কালত পৰ্যটক কেইগৰাকীক সংগ দিয়া তামিলনাডুৰ অধ্যাপক ড° বি ৰাজেন্দ্ৰনে জানিবলৈ দিয়ে ৷
বটদ্রৱা থানত পৰিচালনা সমিতিৰ হৈ সহকাৰী সম্পাদক যোগেন শইকীয়াই ইংৰাজী গ্রন্থ গামোছা আদিৰে দুগৰাকী বিদেশী অতিথিৰ লগতে আন আন অতিথিসকলক আদৰণি জনায় ৷
ভবিষ্যতে গুৰুজনাৰ জন্মস্থান দৰ্শন কৰিবলৈ অহাৰ সংকল্প ব্যক্ত কৰি অসমীয়া জাতীয় সাজ পৰিধান কৰি কীৰ্তনঘৰৰ নাম প্রসংগত অংশ লোৱাৰ হেঁপাহ মনতে লৈ যাব বুলিও ফ্ৰান্স দেশৰ গৱেষক দুয়োগৰাকীয়ে জানিবলৈ দিয়ে ৷
The post শংকৰদেৱৰ জন্মস্থানত ফান্সৰ গৱেষক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Qhlirm
via IFTTT
Comments
Post a Comment