মানসিক বিকাৰগ্ৰস্ত মহিলাৰ চিকিৎসাৰ দায়িত্ব ল’লে নগাঁও আইন সেৱা প্ৰাধিকাৰীয়ে

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ পদপথত প্ৰায়েই দেখিবলৈ পোৱা যায় এগৰাকী মহিলাক। তেওঁৰ আশ্ৰয়ৰ মূল স্থান ৰহাৰ পদপথসমূহ। মানুহগৰাকীৰ নাম লীনা বনিয়া। তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত। যাৰ বাবে ৰাস্তাৰ কাষতে তেওঁ সময় কটাই। অৱশ্যে এতিয়া ভালদিন আহিছে মহিলাগৰাকীৰ।

মহিলাগৰাকীক চিকিৎসাৰ বাবে আগবাঢ়ি আহিছে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী। আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণীতা মৰাং আগবাঢ়ি আহিছে তেওঁক সহায় কৰিবলৈ। ৰহাৰ পদপথত আশ্ৰয় লোৱা লীনা বনিয়া নামৰ মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক তেওঁৰ চিকিৎসাৰ বাবে সহায় কৰিব নগাঁও আইন সেৱা প্ৰাধিকাৰীয়ে।

শনিবাৰে বিয়লি ৰহা চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত দীৰ্ঘদিন ৰহাত অনাই বনাই ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত লীনা বনিয়াক উদ্ধাৰ কৰি চিকিৎসা তথা যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিহা কৰে তেওঁলোকে।

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সম্পাদিকা প্ৰনিতা মৰাঙৰ লগতে নগাঁৱৰ অধিৱক্তা শ্বাহনাজ চুলতানা,ৰূপালী গোস্বামী,নগাঁৱৰ অৰ্ধআইনী স্বেচ্চাসেৱক দ্বীপেন শইকীয়া ,দ্বীপ্তি চেতিয়া,মীৰা ডেকা ইত্যাদি সকলে শনিবাৰে মহিলাগৰাকীক নতুন জীৱন দিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকৰ আশা সোনকালে সুস্থ হৈ উঠিব মহিলাগৰাকী।

The post মানসিক বিকাৰগ্ৰস্ত মহিলাৰ চিকিৎসাৰ দায়িত্ব ল’লে নগাঁও আইন সেৱা প্ৰাধিকাৰীয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2y0nzzK
via IFTTT

Comments