কপিলী নৈৰ গৰাখহনীয়াই প্ৰাণ ল’লে এজনৰ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ বকুলগুৰীত কপিলীৰ গৰাখহনীয়াই ভয়াবহ ৰূপ লোৱাৰ বাবে মৃত্যুক সাৱটি লবলগীয়া হ’ল দিলীপ বৰা নামৰ এজন ব্যক্তিয়ে। চাইকেল চলাই গৈ থকাৰ সময়তে ফলত বিধ্বস্ত পথৰ পৰা কপিলী নৈত বাগৰি পৰে ব্যক্তিজন। তাৰ পাছতে প্ৰাণ হেৰুৱাই ব্যক্তিজনে। ইয়াৰ পূর্বেও এনেধৰণৰ বহুতো ঘটনা সংঘটিত হৈছে গৰাখহনীয়াৰ বাবে।
উল্লেখ্য যে, কপিলী নৈৰ খহনীয়াৰ বাবে ঠাইখনলৈ আহিব নোৱাৰে এম্বুলেন্স। যাৰ বাবে কিছুদিন পূৰ্বে ৰাজপথতে সন্তান প্ৰসৱ কৰিবলগীয়াও হৈছিল এগৰাকী মহিলাই। ইফালে গাঁওখনৰ মূল নামঘৰটো কিছুদিন পূৰ্বে খহনীয়াৰ বাবে জাহ গৈছিল কপিলীত। পিছে স্থানীয় ৰাইজে বাৰম্বাৰ চৰকাৰক দাবী জনোৱাৰ পিছটো গা নলৰিল চৰকাৰ তথা প্ৰশাসনৰ।
স্থানীয় জনপ্ৰতিনিধি গৰাকীয়েও এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। উপায়ন্ত হৈ গাঁওখনৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কপিলী নদীয়ে বকুলগুৰি অাৰু কাৰ্বিঅাংলং সংযোগী পথটোৰ প্ৰায় ২০০ মিটাৰ খহাই নিয়াত বকুলগুৰি নামঘৰটোলৈ ভাবুকি কঢ়িয়াই অানিছিল।
নামঘৰটো ভঙাৰ সময়ত নামঘৰীয়াৰ লগতে অাবেগিক হৈ পৰিল গাঁওখনৰ ৰাইজ। ৰাইজৰ চৰকাৰলৈ অাহ্বান শীঘ্ৰে বকুলগুৰি কপিলীৰ খহনীয়া ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব বকুলগুৰি গাঁৱকে ধৰি বহু গাঁও। পুনৰ এনেদৰে এজন লোকে মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক।
The post কপিলী নৈৰ গৰাখহনীয়াই প্ৰাণ ল’লে এজনৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OkjCjM
via IFTTT
Comments
Post a Comment