পিংকাথন গুৱাহাটী-২০১৮ ৰ সফল সামৰণি

ডিজিটেল ডেস্ক, গুৱাহাটীঃ দেশৰ সৰ্ববৃহৎ মহিলাৰ দৌৰ হিচাপে পৰিচিত কালাছৰ উদ্যোগত আয়ােজিত বাজাজ ইলেকট্রিকেলছ পিংকাথন গুৱাহাটীৰ আজি সফল সামৰণি পৰে। মহিলা সবলিকৰণৰ উদ্দেশ্যৰে ইয়াৰ খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত অনুষ্ঠিত ৩, ৫, ১০ আৰু ২১ কিঃমিঃ দূৰত্বৰ দৌৰত ৪৫০০ ৰাে অধিক প্রতিযােগিয়ে অংশগ্রহণ কৰে। এই দৌৰৰ উল্লেখ্য দিশটো হ’ল যে ইয়াত দৃষ্টিহীন, শ্ৰৱণহীন, কেন্সাৰ ৰােগত আক্রান্ত, কোলাত কেচুৱা লােৱা মহিলাকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকেও অংশগ্রহণ কৰে। দৌৰৰ আৰম্ভণিতে পিংকাথনৰ প্ৰতিষ্ঠাপক তথা অভিনেতা, ছুপাৰ মডেল আৰু আল্টামেন খ্যাত মিলিন্দ ছুমনে কাৰ্যসূচী শুভাৰম্ভ কৰে। অন্যহাতে ১০২ বছৰীয়া মহিলা এথলিট মান কৌৰে এই কাৰ্যসূচীত অংশগ্রহণ কৰাৰ লগতে মহিলাৰ স্তন কৰ্কট ৰােগ তথা অন্যান্য সমস্যা সমূহৰ পৰা নিজকে বচাই ৰাখি নিজৰ সু-স্বাস্থ্য অটুত ৰখাৰ ক্ষেত্ৰত মহিলা সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে আয়ােজন কৰা এই কাৰ্যসূচীক উৎসাহিত কৰে।

প্ৰসংগত মিলিন্দ ছুমনে কয় যে চতুর্থ বছৰৰ বাবে গুৱাহাটী মহানগৰীত পিকাথন শীর্ষক এই কাৰ্যসূচী আয়ােজন কৰিবলৈ পাই খুবেই আনন্দিত হৈছাে। কার্যসূচীত গুৱাহাটীবাসীৰ অংশগ্রহণ শলাগিবলগীয়া। সম্প্রতি পিংকাথনে মাৰাথনতকৈ বহু ওপৰত এক বিশেষ স্থান লাভ কৰিছে। আমি সমগ্র দেশৰ বিভিন্ন মহানগৰীত পিংকাথন আয়ােজন কৰাৰ পিছত এক অভিনৱ পৰিবর্তন লক্ষ্য কৰিছাে। ইয়াৰ ফলতে মহিলাসকলৰ মাজত এই ভাৱ জাগি উঠিছে যে এটা সুস্থ পৰিয়াল, এখন সুস্থ সমাজ তথা এখন সুস্থ দেশ এগৰাকী সবল মহিলাৰ পৰাই আৰম্ভ হয়। কাৰণ নিজৰ সু-স্বাস্থ্যই পৰিয়াল, সমাজকে ধৰি চৌপাশৰ সমাজখনক প্রতিফলিত কৰিব পাৰে। সবলিকৰণ সমাজৰ উপহাৰ নহয়, ই নিজেই নিজকে প্ৰদান কৰা উপহাৰহে তেওঁ লগতে কয় যে পিংকাথনে মহিলা সকলৰ মাজত নিয়মিত শৰীৰৰ চৰ্চা কৰাটো এক অভ্যাসত পৰিণত কৰিছে। আমি মহিলা সকলক উৎসাহিত কৰিব বিচাৰাে যে শুই উঠক আৰু দৌৰক, যিটো বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰণত সম্ভৱ হৈ নুঠে।

কালাছৰ উদ্যোগত আয়ােজিত বাজাজ ইলেকট্রিকেলছ পিংকাথন গুৱাহাটীৰ বিভিন্ন শিতানৰ দৌৰসমূহ সফলতাৰে সম্পূৰ্ণ কৰা প্ৰতিগৰাকী প্রতিযােগিকে এটা সুন্দৰ ছুনামিকা মেডেল, এটা বেগ আৰু ৪৫ বছৰৰ ওপৰৰ মহিলা প্রতিযােগিক এপল ইন্দ্রপ্রস্থ হাস্পাটালৰ পৰা বিনামূলীয়া স্ত্রীৰােগজনিত চিকিৎসা দিহা পৰামৰ্শ আৰু এটা বিনামূলীয়া মেমােগ্রাম প্রদান কৰা হয়। অন্যহাতে অংশগ্রহণকাৰীসকলৰ বাবে বিনামূলীয়া খােৱা পানী যােগান আৰু কোলাত কেচুৱা থকা মহিলা সকলৰ বাবে স্তন পানৰ বিশেষ ঠাই ৰখা হয়। সমগ্ৰ কাৰ্যসূচীত বাজাজ ইলেকট্রিকেলছ, কালাৰ্ছ, ভিৱাশ্ব প্লাছ, বিক, ইনার্জেল, এপল’ হাস্পাটাল, বিছলাৰী, বার্কলে, ট্রপিকানা আদি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে পৃষ্ঠপােষকতা কৰে। স্মর্তব্য যে মহিলা সবলিকৰণৰ বাবে কাম কৰি অহা পিংকাথনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

The post পিংকাথন গুৱাহাটী-২০১৮ ৰ সফল সামৰণি appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2NbEiFH
via IFTTT

Comments