সোমবাৰৰ পৰা ঘোষণা হ’ব ২০১৮বৰ্ষৰ নোবেল বঁটা, এইবাৰ ঘোষিত নহয় সাহিত্য নোবেল বিজেতাৰ নাম

ডিজিটেল ডেস্কঃ সাহিত্য প্ৰেমীৰ বাবে দুঃখবৰ। ২০১৮ বৰ্ষৰ সাহিত্য নোবেল বঁটা ঘোষণা নকৰে ছুইডিছ একাডেমীয়ে। বলাৎকাৰ আৰু যৌন নিৰ্যাতনৰ দৰে অপৰাধে স্পৰ্শ কৰিলে সাহিত্য নোবেল বঁটাকো। যাৰবাবে একাডেমীয়ে এনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। ৭০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এইবাৰ ঘোষণা কৰা নহ’ব সাহিত্য নোবেল বিজয়ীৰ নাম।
সোমবাৰে প্ৰচলিত নিয়ম অনুসৰি প্ৰথমে চিকিৎসা বিজ্ঞানৰ, মঙলবাৰে পদাৰ্থ বিজ্ঞানৰ, বুধবাৰে ৰসায়ন বিজ্ঞানৰ আৰু শুকুৰবাৰে শান্তিৰ নোবেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিব যদিও ঘোষিত নহয় এইবাৰ কোনো সাহিত্যিকৰ নাম। এলবাৰ্ট ক্যেমু, আৰ্নেষ্ট হোমিংৱে, ফিলিপ ৰথৰ পৰা আৰম্ভ কৰি বহু বিশ্ব বৰণ্য সাহিত্যিকক এই সন্মানেৰে সন্মানিত কৰা হৈছিল।
কিন্তু শেহতীয়া এক বিতৰ্কৰ বাবেই একাডেমীয়ে এই বঁটা প্ৰদানৰ ক্ষেত্ৰত থকা কিছু নিয়ম সংস্কাৰৰ সিদ্ধান্ত লৈ এনে পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, এইবাৰ বঁটাৰ অন্যতম বিচাৰক হিচাপে আছিল ৭২ বছৰীয়া ফ্ৰান্সৰ জাঁ-ক্লড আৰ্নল্ট। এওঁৰ বিৰুদ্ধে উত্থাপন হৈছে বলাৎকাৰ আৰু যৌন নিৰ্যাতনৰ অভিযোগ।
২০১১ চনত হোৱা এটা বলাৎকাৰ গোচৰৰ বিচাৰ হ’ব সোমবাৰে। সেই গোচৰত শাস্তিৰ সন্মুখীন হ’ব আৰ্নল্ট। এই বিতৰ্কৰ বাবেই একাডেমীয়ে এইবাৰ সাহিত্য নোবেল বঁটা ঘোষণা নকৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে একাডেমীৰ ভিতৰচৰাতো এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে।
২০১৬ বৰ্ষতো সাহিত্য নোবেল বঁটা প্ৰদানক লৈ যথেষ্ট বিতৰ্ক হৈছিল। জনপ্ৰিয় গায়ক ব’ব ডিলনক ২০১৬ বৰ্ষৰ সাহিত্য নোবেল সন্মান প্ৰদান কৰা হৈছিল। ইয়াক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। তাৰ পাছত পুনৰ এই নতুন বিতৰ্কই একাডেমীৰ ভিতৰচৰাত ধুমুহাৰ সৃষ্টি কৰিছে। সেয়েহে এনে সিদ্ধান্ত ল’লে ছুইডিছ একাডেমীয়ে।অৱশ্যে ২০১৯ বৰ্ষত সেই বৰ্ষৰ লগতে ২০১৮ৰ সাহিত্য নোবেল বঁটাৰ বিজেতাৰ নাম একেলগে ঘোষণা কৰা হ’ব।
The post সোমবাৰৰ পৰা ঘোষণা হ’ব ২০১৮বৰ্ষৰ নোবেল বঁটা, এইবাৰ ঘোষিত নহয় সাহিত্য নোবেল বিজেতাৰ নাম appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NbEJzO
via IFTTT
Comments
Post a Comment