বৈধ, অবৈধ আৰু একান্ত ব্যক্তিগত…

► মৃদুল কুমাৰ সন্দিকৈ
গাঁৱৰ এক কৃষক পৰিয়াল। গৰমৰ দিন। পত্নীয়ে ভাত ৰান্ধিবলৈ যোৱাৰ আগতে স্বামীক প্ৰায়ে সোধে- ‘হেৰি, আজি আপোনাক দাইলত দিম নে, জুইত দিম?’
এদিনীয়া মানুহে শুনিলে আচৰিত হ’ব। কয় কি এইগৰাকী মহিলাই? স্বামীক দাইলত দিব নে জুইত দিব সোধা এই মহিলাগৰাকীক লৈ নিশ্চিতভাৱে মনত সন্ত্ৰাসৰ সৃষ্টি হ’ব। কিন্তু আচল কথাটো সেয়া নহয়। স্বামীক তেওঁ যথেষ্ট শ্ৰদ্ধা, ভয়, ভক্তি কৰে। স্বামীৰ প্ৰিয় বস্তবোৰৰ ভিতৰত এটা হ’ল কঠাল গুটি। সেই কঠাল গুটি কেনেদৰে তেওঁ ভাতৰ সৈতে খাব, সেই কথা সুধিবলৈহে এইদৰে তেওঁক সোধে? কঠাল গুটি ভাল পোৱাৰ বাবেই গাঁৱত তেওঁক মানুহবোৰে নাম দিছিল ‘কঠাল গুটি’। স্বামীৰ নাম ‘কঠাল গুটি’ হোৱাৰ সূত্ৰে মহিলাগৰাকীয়ে কেতিয়াও এই শব্দটোৰ উচ্চাৰণ নকৰে। সেয়েহে তেওঁ সুধে- ‘হেৰি, আজি আপোনাক দাইলত দিম নে জুইত দিম?’
এয়া অসমীয়া সমাজৰ মহিলাৰ স্বামীৰ প্ৰতি থকা ভক্তি আৰু আন্তৰিকতা। ইয়াক কোনোবাই ক’ব পাৰে যে, পুৰুষ প্ৰধান এই সমাজ ব্যৱস্থাৰ এক স্বৰূপ এয়া।
মাজৰাতি কেবাবাৰো কলিং বেলটো বাজি থকাৰ পাছত স্বামীয়ে আহি দৰ্জাখন খুলি দিলে। গাড়ীৰ পৰা ঢলং-পলংকৈ নামি সোমাই আহিল পত্নী। ৰাতি লগৰ এজনীৰ বাৰ্থ দে’ পাৰ্টী আছিল। তাতে দেৰি হ’ল। গাঁৱত হোৱা হ’লে এয়া ভাবিব নোৱাৰা ঘটনা। কিন্তু আভিজাত্য পৰিয়ালৰ বাবে এইবোৰ সৰু কথা। পাৰ্টীৰ পাছত কিছু সময় ফূৰ্তিতে মহিলাবোৰে মিলি জুৱা খেলিলে। মৰ্ডান লাইফ ষ্টাইলৰ এইবোৰ যেন এৰাব নোৱাৰা অংশ।
স্বামীয়ে তেওঁক একো নহয়। কিয়নো পুৰুষৰ দৰেই মহিলাৰো আছে সমান অধিকাৰ। চহৰৰ আভিজাত্য সমাজত এইবোৰ মাজনিশালৈকে পাৰ্টী কৰি পুৰুষ যেনেকৈ ঘৰ সোমাব পাৰে, মহিলাও পাৰে। দুটা পৃথক ঘটনাই দুখন সমাজক প্ৰতিনিধিত্ব কৰে। এটাত ঘৰখনৰ প্ৰতি, স্বামীৰ পতি দায়ৱদ্ধশীল এগৰাকী পত্নী, আনটোত নাৰীৰ অধিকাৰক লৈ সচেতন এটা আভিজাত্য পৰিয়ালৰ জীৱন প্ৰণালীৰ প্ৰতিচ্ছবি।
ইয়াৰ কোনটো জীৱন প্ৰণালীত আপুনি অভ্যস্ত হ’ব সেয়া আপোনাৰ নিজৰ কথা। অসম তথা ভাৰতীয় সমাজ জীৱনত ইয়াৰ প্ৰয়োজনবোধ কোনটোৰ বেছি, সেই বিচাৰ নিজেই কৰি লওঁক।
মানুহৰ নিজস্ব আৰু ব্যক্তিগত কিছু সিদ্ধান্ত থাকে। তাৰ ভিতৰত কিছুমান অতি ব্যক্তিগত। কাৰ সৈতে কোনে কি সম্পৰ্ক কৰিব সেয়া ব্যক্তিগত বিষয়। কেতিয়াবা কাৰোবাক হঠাৎ ভাল লাগি যাব পাৰে। কোনোবা কাৰোবাৰ প্ৰতি আসক্ত হ’ব পাৰে। সেই প্ৰয়োজনবোধ দুজন ব্যক্তি বিশেষৰ মাজৰ কথা। ইয়াত আপেক্ষিকভাৱে আন কিছু কথা জড়িত হৈ থাকে। সেই কথাখিনি কেনেদৰে তেওঁলোকে গ্ৰহণ কৰি এই সম্পৰ্কক আগুৱাই নিব সেই চিন্তা-চৰ্চা তেওঁলোকে নিজেই কৰিব লাগিব। সামগ্ৰিকভাৱে এই সম্পৰ্কবোৰ সদায় গোপনীয় হয়। কিয়নো বিবাহৰ পাছৰ এনে সম্পৰ্কই আন বহুতৰ জীৱনবোধক প্ৰভাৱান্বিত কৰে।
তেনে এক সম্পৰ্ক গঢ়ি তোলাৰ পূৰ্বেই কোনোৱে সামাজিক দৃষ্টিকোণৰ পৰা নিজক বিশ্লেষণ কৰি অতি সাৱধানে ইয়াক আগুৱাই নিয়ে। কিয়নো তেওঁ জানে এয়া অপৰাধ। সমাজৰ দৃষ্টিত তেনে বিবাহৰ পিছৰ সম্পৰ্কৰ স্বীকৃতি নাই। এই কথা জানিও পৰিস্থিতিগত কাৰণত গঢ় লৈ উঠা সম্পৰ্কবোৰক কোনোৱেই বজৰুৱা হিচাপে গ্ৰহণ নকৰে। এই ধৰণৰ সম্পৰ্কক যি আখ্যা দিয়া নহওঁক সেয়া কিন্তু কিছু লোকৰ বাবে অতি পৱিত্ৰ আৰু তেওঁলোকৰ মানসিক তথা দৈহিক প্ৰয়োজনবোধক এক নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰে আগুৱাই লৈ যায়।
শেহতীয়াকৈ বিবাহ এক নৈতিকতাৰ বিষয় হৈ থকা নাই। কিন্তু বিবাহৰ সৈতে নৈতিকতাৰ সম্পৰ্ক আছে। সামাজিক বান্ধোন হিচাপে বিবাহৰ পাছত এগৰাকী পত্নীয়ে স্বামীৰ প্ৰতি যিধৰণে দায়ৱদ্ধশীল হ’ব লাগে, একে ধৰণে এগৰাকী স্বামীও পত্নীৰ প্ৰতি দায়ৱদ্ধশীল হোৱাতো প্ৰয়োজন। সামাজিক নীতি-নিয়ম আৰু সমাজৰ প্ৰতি থকা ভয়ে সেই দায়ৱদ্ধতাক সোঁৱৰাই দিয়ে। অতি শেহতীয়াকৈ বিবাহ এক ফেশ্বন হৈ পৰিছে। মন গ’লেই কাৰোবাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা, ইচ্ছা নহ’লেই সেই সম্পৰ্কক বিবাহ বিচ্ছেদেৰে অন্ত পেলোৱা ঘটনা বৃদ্ধি পাইছে।
ভাৰতীয় দৰ্শন আৰু সমাজ ব্যৱস্থাত এই পৱিত্ৰ সম্পৰ্কৰ মাজলৈ আধুনিকতাৰ প্ৰভাৱত পশ্চিমীয়া কিছু সংস্কৃতিৰ পয়োভৰ ঘটিছে। মুক্ত পৰিয়াল, মুক্ত যৌনতা আৰু মুক্ত সম্পৰ্কৰ আগমনে আমাৰ সমাজ জীৱনৰ দায়িত্ববোধক শৃংখলহীন কৰি তুলিছে। যাৰ পৰিণতিত পৰিয়াল কেন্দ্ৰিক টান, পতি-পত্নীৰ মাজত থাকিব লগা আন্তৰিকতা হেৰাই যোৱাৰ উপক্ৰম হৈছে এচামৰ মাজত।
পৰকীয়া প্ৰেম বৈধ নে অবৈধ? সামাজিক দৃষ্টিকোণেৰে এই সম্বন্ধৰ স্বীকৃতি কোনো দিনেই নাছিল। মানৱীয় দৃষ্টি ভংগীৰে এই প্ৰেমক কেতিয়াও কোনেও না কৰিব পৰা নাই। খোদ কৃষ্ণৰ ১৬০০ গোপীৰ সৈতে থকা সম্পৰ্ক ভাৰতীয় দৰ্শনৰ বাবে গ্ৰহণযোগ্য এই কাৰণেই যে তেওঁ ভগৱান। সেয়েহে কোৱা হয়- ঈশ্বৰে কৰিলে লীলা, আমি কৰিলে ধৰি-বান্ধি কিলা।
প্ৰেম এনেকুৱাই। হঠাৎ ক’ব নোৱাৰাকৈয়ে কাৰোবাৰ প্ৰতি আসক্ত, ভালপোৱা হৈ যাব পাৰে। ই এক শাশ্বত অনুভৱ। নৈতিকতাৰ প্ৰশ্নত প্ৰেম কেতিয়াবা অন্ধ হৈ পৰে। ভাল-বেয়া বিচাৰ নকৰাকৈ বহু গুণী-জ্ঞানী লোক প্ৰেমত পৰে। সেয়া কেতিয়াও সমাজ বা আইনৰ দৃষ্টিৰে গ্ৰহণযোগ্য হোৱা নাছিল।
২০১৮চনৰ ২৭ ছেপ্টেম্বৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত গঠিত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিলে। যি ৰায়দানত কোৱা হ’ল ভাৰতীয় দণ্ডবিধিৰ ৪৯৭ ধাৰা অসংবিধানিক। এই ঘোষণাৰ লগে লগে অবৈধ সম্পৰ্কই যেন বৈধতা লাভ কৰিলে। পৰকীয়া প্ৰেম এক প্ৰকাৰৰ আইন সংগত হ’ল। সেয়া প্ৰাথমিক দৃষ্টিকোণেৰে এই ৰায়দানৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া। ১৫৮ বছৰীয়া এখন আইনক অসংবিধানিক ঘোষণা কৰি নাৰীক সম-মৰ্যাদা দিয়াৰ লক্ষ্যৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ইয়াকো ক’লে যে- পত্নী কেতিয়াও স্বামীৰ সম্পত্তি নহয়।
ব্যক্তিগত কথা আৰু সামাজিক বাতাবৰণ ৰক্ষাৰ্থে সামাজিক নীতি-নিয়মৰ শিথিলতাই পশ্চিমীয়া দেশৰ সংস্কৃতিত পয়োভৰ ঘটাব। ই সমাজত কেনে প্ৰভাৱ পেলাব পাৰে তাক লৈ বিভিন্নজন চিন্তিত।
অবৈধ ‘বৈধ’ কৰা হ’ল বুলিও এতিয়া চৰ্চা চলিছে। পৰিয়ালৰ ধাৰণাক নুই কৰিব পৰাকৈ পতি-পত্নীৰ মাজৰ সম্পৰ্কত এনে স্বাধীনতাই সাৰপানী যোগাব বুলি আলোচনা কৰিছে। অৱশ্যে নাৰীৰ গৰিমা আৰু মৰ্যদাবোধৰ প্ৰসংগটো ইয়াত বিচাৰ কৰিবলগীয়া দিশ।
আইন থাকোতেও মানুহৰ মাজত এনে সম্বন্ধই গা কৰি উঠিছিল। ইয়াক খাৰিজ কৰি দিয়া ঘটনাই ভাৰতীয় সমাজ ব্যৱস্থাৰ প্ৰতি জটিলতা সৃষ্টি কৰিব বুলি চৰকাৰে ইংগিত দিছিল। কাৰ্যতঃ তেনে সামাজিক নীতি-নিয়মক আওকাণ কৰি এক প্ৰকাৰে পৰকীয়া প্ৰেমক লাইচেঞ্চ দিয়া বুলিও কোনো কোনোৱে ক’বলৈ কুণ্ঠাবোধ কৰা নাই।
এইবোৰ অতি ব্যক্তিগত বিষয়। ইয়াত সামাজিক দৃষ্টিকোণৰে মুক্ত দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ যাওঁতে নাৰীৰ অধিকাৰৰ সমান্তৰালভাৱে আধুনিকতামুখী মুক্ত যৌনতাক স্বীকৃতি দিয়া হ’ল নেকি? এই কথাও আমি আমাৰ সামাজিক প্ৰেক্ষাপটত আলোচনা তথা মুকলি বিতৰ্ক কৰাৰ প্ৰয়োজন আছে।
পৰকীয়া প্ৰেম সদায়ে এক মানসিক বুজা-বুজিৰে হোৱা সম্বন্ধ। ই গোপনীয়। তেনেস্থলত ‘অবৈধ’ প্ৰেম বা সম্বন্ধৰ বৈধতা বিষয়টো নিতান্তই সামাজিক দৃষ্টিকোণৰ এক জটিল বিষয় হৈ পৰিছে। ইয়াক লৈ ইতিমধ্যে মত-বিৰোধ হৈছে ভিন্ন জনৰ মাজত। সেই দৃষ্টিকোণ সমাজ অনুসৰি ভিন্ন হ’ব। এনে সম্পৰ্কৰ গ্ৰহণযোগ্যতাত আইনে সেউজ সংকেত দিলে। সমাজে তাক কিদৰে লয় বা ইয়াৰ প্ৰভাৱ কিদৰে পৰে সেয়াও হ’ব আন এক লক্ষণীয় বিষয়।
‘বৈধ’ কি? ‘অবৈধ’ কি? এয়া আপেক্ষিক। কৃষ্ণ আৰু ৰুক্মিণীৰ কথা বতৰা চলি আছিল। ‘বাজিৰাও মষ্টানী’ৰ সেই দৃশ্য। প্ৰিয়ংকা চোপ্ৰাই কৈ আছে এই কাহিনী ৰণবীৰ সিঙক- ‘ৰুক্মিণীয়ে কৃষ্ণক কৈছিল, প্ৰেম ময়ো আপোনাৰ সৈতে কৰিছো। কিন্তু মোৰ কিয় এনেকুৱা লাগে যেন মই আপোনাৰ পত্নী নহয় আপোনাৰ প্ৰেয়সী হ’লেহে বেছি ভাল আছিল। কৃষ্ণই সুধিলে- কিয়? ৰুক্মিণীয়ে ক’লে- পতি-পত্নীৰ সম্পৰ্ক যিমানেই দৃঢ় আৰু ভাল নহওঁক, মানুহে সদায় প্ৰেয়সীকহে মনত ৰাখে। যেনে- ৰাধে কৃষ্ণ, ৰাধে কৃষ্ণ, ৰাধে কৃষ্ণ…’ কৃষ্ণ আৰু ৰাধাৰ এই সম্পৰ্ক বৈধ নে অবৈধ?
সম্পৰ্ক এটাৰ গ্ৰহণৰ দৃষ্টিভংগীতেই বহু কথা ৰৈ যায়। সেয়া সমাজমুখী নহ’লেও জীৱনমুখী হ’ব পাৰে। বৈধ বা অবৈধ হ’ব নোৱাৰে কোনো সম্পৰ্ক। যিদৰে ৰাধা-কৃষ্ণৰ সম্পৰ্কক তেনে বৈধ-অবৈধ ধাৰণাৰে বন্দী কৰিব নোৱাৰি।
এইবোৰ কথা অতি ব্যক্তিগত কথা। অবৈধ বা পৰকীয়া প্ৰেমক বৈধতা প্ৰদানৰ প্ৰক্ৰিয়া তথাকথিত সমাজ ব্যৱস্থাৰ পৰা নিলগাই ৰাখি ইয়াক ব্যক্তিগত কৰি ৰখাই হয়তো সকলোৰে বাবে মংগল আছিল।
The post বৈধ, অবৈধ আৰু একান্ত ব্যক্তিগত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OXYpsM
via IFTTT
Comments
Post a Comment