ৰাজীৱ প্ৰকাশ বৰুৱাৰ অৱসৰ, মুৰব্বীবিহীন ৰাজ্যৰ জনসংযোগ বিভাগ

ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা মুৰব্বীবিহীনভাৱে চলিছে ৰাজ্যৰ জনসংযোগ বিভাগ। সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাৰ কাৰ্যকাল ৩০ ছেপ্টেম্বৰত অন্ত পৰাৰ সূত্ৰে নিয়ম অনুসৰি তেওঁ শনিবাৰে বিভাগটোৰ দায়িত্ব পৰৱৰ্তী সঞ্চালকক অৰ্পণ কৰিব লাগিছিল যদিও, চৰকাৰেও এই পদত এতিয়ালৈকে কাকোৱে নিযুক্তি দিয়া নাই।
ইফালে বিভাগটোৰ পৰৱৰ্তী জ্যেষ্ঠ বিষয়াজনকো দায়িত্বভাৰ চমজাই নিদিলে ৰাজীৱ প্ৰকাশ বৰুৱাই। সেয়েহে এতিয়া কাৰ্যতঃ মুৰব্বীবিহীন হৈ আছে ৰাজ্যৰ জনসংযোগ বিভাগ। বিভাগটোৰ বহুতে ভাবিছিল, জ্যেষ্ঠ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্মৰ হাতত দায়িত্ব চমজাই দিব। তেনে এক ইংগিত ব্ৰহ্মক দিছিল যদিও সেয়া শনিবাৰৰ আবেলিকৈ হৈ নুঠিল।
দেওবাৰে বন্ধ হোৱাৰ সূত্ৰে মুৰব্বীবিহীনভাৱেই চলি আছে জনসংযোগ বিভাগ। অৱশ্যে সোমবাৰে এই ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আন এক সূত্ৰ অনুসৰি শেহতীয়া কেবিনেটত ৰাজীৱ প্ৰকাশ বৰুৱাৰ অৱসৰৰ পৰিৱৰ্তে তেওঁক অ’ এছ ডি হিচাপে নিযুক্তি প্ৰদানৰ এক প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে।
আমি ইতিমধ্যে উল্লেখ কৰিছিলো যে- প্ৰত্যক্ষ এ চি এছ বিষয়া নোহোৱাৰ বাবেই চাকৰিবিধি অনুসৰি ৰাজীৱ প্ৰকাশ বৰুৱাৰ কাৰ্যকাল বিধি সম্ভৱ নহ’ব। এই দিশত চৰকাৰী জ্যেষ্ঠ বিষয়াসকলেও বিষয়টো আঙুলিয়াই দিয়াইত তেওঁৰ কাৰ্যকালৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল’বলৈ গৈও থমকি ৰৈছিল।
ইফালে জনসংযোগ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব গৰাকীয়েও ৰাজীৱ প্ৰকাশ বৰুৱাক জনসংযোগৰ অ’ এছ ডি ৰূপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিছে চৰকাৰক। মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰে একাংশ ঘনিষ্ঠ হোৱাৰ সূত্ৰেই ৰাজীৱ প্ৰকাশ বৰুৱা এতিয়া জনসংযোগ বিভাগৰ অ’ এছ ডিত নিযুক্তি পোৱাৰ সম্ভাৱনা উজ্বল হৈ পৰিছে।
The post ৰাজীৱ প্ৰকাশ বৰুৱাৰ অৱসৰ, মুৰব্বীবিহীন ৰাজ্যৰ জনসংযোগ বিভাগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NUwBZS
via IFTTT
Comments
Post a Comment