বিশ্বনাথত সাংমণ্ডলিক বন বিষয়াৰ কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত দেওবাৰে অনুষ্ঠিত এক বিশেষ বৈঠকত অসম চৰকাৰৰ বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগকেইটাৰ বিষয়াসকলৰ সৈতে জিলাখনত সংশ্লিষ্ট বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৰে চলি থকা অৰুণাচলী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আৱকাৰী বিভাগৰ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। বিশ্বনাথ জিলাত মীনপালনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনক মৎস্য উপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ জিলাখনৰ সম্ভাৱনাপূৰ্ণ জলাশয়সমূহত মাছৰ পোনা উৎপাদনৰ পদক্ষেপ ল’বলৈ আৰু এইক্ষেত্ৰত স্থানীয় বিধায়কসকলৰ সৈতে সমন্নয় ৰক্ষা কৰি আঁচনি হাতত ল’বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন আৰু পৰিৱেশ বিভাগৰ বিষয়াবৰ্গৰ সৈতে হোৱা পৰ্যালোচনা কালত মন্ত্ৰীগৰাকীয়ে বিভাগটোত শেহতীয়াকৈ পৰিলক্ষিত হোৱা গতিশীলতাৰ প্ৰশংসা কৰে আৰু এই উদ্যম অটুট ৰাখিবলৈ সকলোকে আহ্বান জনায়।

আগন্তুক খৰালি কালচোৱাত পথ নিৰ্মাণৰ কামত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ যথোপযুক্ত চাহিদা অনুসৰি শিল-বালিৰ যোগান সুনিশ্চিত কৰাৰ ব্যৱস্থা ল’বলৈ তেওঁ সাংমণ্ডলিক বন বিষয়াসকলক নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত সুবিধাৰ বাবে সম্ভৱস্থলত অতিৰিক্ত কোৱেৰী সৃষ্টিৰ বাবে পদক্ষেপ ল’বলৈও তেওঁ বিষয়াবৰ্গক আহ্বান জনায়।

এই বৈঠকত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ লগতে সংশ্লিষ্ট বিভাগকেইটাৰ শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে, দেওবাৰে দুপৰীয়া মন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ পানীভঁৰালত সাংমণ্ডলিক বন বিষয়াৰ (ডি এফ অ) কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখযোগ্য যে যোৱা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম চৰকাৰে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল নামেৰে এক নতুন বন সংমণ্ডল গঠনৰ কথা ঘোষণা কৰিছিল।

The post বিশ্বনাথত সাংমণ্ডলিক বন বিষয়াৰ কাৰ্যালয় মুকলি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RchaKG
via IFTTT

Comments