ৰাজ্যখনত এক হাজাৰৰো অধিক বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে আমছুৱেঃ ৰেজাউল কৰিম চৰকাৰ
ডিজিটেল ডেস্ক, হাউলীঃ অসমৰ বিভিন্ন জিলাৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলত অভিযান চলাই ইতিমধ্যে এক হাজাৰৰো অধিক বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছো, এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। আজি আবেলি তিনি বজাত আমছুৰ জয়পুৰ বজাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত এন,আৰ,চি, ডি’ ভোটাৰ, আৰু বাল্য বিবাহৰ ওপৰত বিশাল সজাগতা সভা জিলা আমছুৰ সভাপতি নজৰুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক সভাপতি সৰকাৰে আৰু কয় যে, ল’ৰা-ছোৱালী সকলক শিক্ষাৰে সুশিক্ষিত তোলক তেতিয়াই দেখিব সমাজৰ পৰা কু-সংস্কাৰ, অন্ধ বিশ্বাস, বাল্য বিবাহ আদি সমস্যা দূৰ হৈ যাব বুলি তেওঁ উল্লেখ কৰে। লগতে এন, আৰ, চিৰ, সেৱা কেন্দ্ৰ সমূহত চি, চি কেমেৰা স্থাপন কৰিবলৈয়ো কৰ্তৃপক্ষক আহ্বান জনায়।
উক্ত সজাগতা সভাত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে উপস্থিত থাকি কয় যে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু হওঁক বা মুছলমানেই হওঁক ই অসম ত্যাগ কৰিবই লাগিব। ১৯৭১ চনৰ আগৰ কোনো প্ৰকৃত ভাৰতীয় নাগৰিক এন আৰ চিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বাদ দিলে আমছুৱে কেতিয়াওঁ হাত সাৱটি বহি নাথাকে, ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসম জুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। ৰহমানে আৰু কয় যে,সম্প্ৰতি বিদেশী ট্ৰাইবুনেল সমূহ স্বদেশীক বিদেশী বনোৱাত কাৰখানাত পৰিণত হৈছে। বৰ্তমান ট্ৰাইবুনেল সমূহত চক্ৰান্তমূলকভাৱে ৯৫ শতাংশ স্বদেশীক বিদেশী হিচাপে ঘোষণা কৰি আহিছে বুলি তেওঁ অভিযোগ কৰে আৰু ট্ৰাইবুনেল সমূহৰ সদস্য সকলে বি, জে, পি, চৰকাৰৰ শ্ৰুতলিপি মতে কাম কৰি আহিছে এটা জনগোষ্ঠিক টাৰ্গেট কৰি। শীঘ্ৰে এই প্ৰক্ৰিয়া বন্ধ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়। উক্ত সজাগতা সভাত আমছুৰ অাইন উপদেষ্টা মুস্তাফা খাদ্দাম হুছেইন, আমছুৰ সহকাৰী সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, সাংস্কৃতিক সম্পাদক মনিৰুজ জামান, উপ সভাপতি আবুল হুছেইন, নাজিৰ হুছেইন, জিলা উপ সভাপতি আব্দুল জুব্বাৰ আলী, জিলা আমছুৰ প্ৰাক্তন সভাপতি আবু তাহেৰ আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
The post ৰাজ্যখনত এক হাজাৰৰো অধিক বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে আমছুৱেঃ ৰেজাউল কৰিম চৰকাৰ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2N604uJ
via IFTTT


Comments
Post a Comment