কাজিৰঙাত ‘ইল ৰাইন’ ৰ তৰফৰপৰা বন কৰ্মীৰ নিৰাপত্তাৰ কাৰণে এশটা লাইফ জেকেট বিতৰণ

ডিজিটেল ডেস্ক,কাজিৰঙাঃ প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীযে কাজিৰঙা ৰাষ্ট্ৰীয উদ্যানত বানপানীৰ সৃষ্টি কৰে। বানপানীৰ মাজত ৰাষ্ট্ৰীয উদ্যানখনৰ বন কৰ্মীসকলে জীৱনৰ নিৰাপত্তা নোহোৱাকৈ বিপদ সংকুল ভাবে বন্য প্ৰাণীবোৰক উদ্ধাৰ আৰু সুৰক্ষাৰ কাম কৰি থাকে। ৰাষ্ট্ৰীয উদ্যানখনৰ বন কৰ্মী সকলৰ বিষেশকৈ বান পানীৰ সময়ত  নিৰাপত্তাৰ কথা চিন্তা কৰি আজি ৰাজ্যখনৰ প্ৰথম অসমীয়া মুখ্য বন সংৰক্ষক প্ৰভাকৰ বৰুৱাৰ  কন্যা শীলা বৰাই প্ৰতিষ্ঠা কৰা ইল ৰাইন’ ফাউণ্ডেচনৰ তৰফৰ পৰা এশটা লাইফ জেকেট প্ৰদান কৰা হয়। কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত খন্ড বন বিষয়া তৰুণ গগৈয়ে আত ধৰা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয উদ্যানৰ সহকাৰী বন সংৰক্ষক ৰিতুপবন বৰা, ‘ইল ৰাইন’ ফাউণ্ডেচনৰ অন্যতম প্ৰতিষ্ঠাপক মহেশ চন্দ্ৰ বৰা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ তথা কাজিৰঙাৰ বন কৰ্মী আদিৰ উপস্থিতিত উক্ত লাইফ বয় কেইটা আনুষ্ঠানিক ভাৱে বন কৰ্মীৰ মাজত বিতৰণ কৰা হয়। ইল ৰাইন ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক শীলা বৰাই জানিব দিয়া মতে ইযাৰ পূৰ্বেও গড়ঁ সুৰক্ষা দিয়া শ্ৰেষ্ঠ বন কৰ্মীক ৫০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ উপৰি কাজিৰঙা,  মনাহ, ওৰাং ৰাষ্ট্ৰীয উদ্যান আৰু পবিতৰা অভয়াৰণ্যত কৰ্মৰত  অস্থায়ী বন কৰ্মীসকলৰ জীৱন বীমা কৰাই দিছিল। উল্লেখ্য অলপতে কাজিৰঙা ৰাষ্ট্ৰীয উদ্যানৰ উত্তৰ বনাঞ্চলৰ অধীনত কৰ্তব্য কৰি থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণ মৃত্যু হোৱা বনকৰ্মী  গণেশ নেৱাৰৰ পৰিয়ালক উক্ত প্ৰতিষ্ঠানৰ তৰফৰ পৰা ৮০ হাজাৰ টকা প্ৰদান কৰিছিল বুলি শীলা বৰাই জানিব দিয়ে৷ ভবিষ্যতে কাজিৰঙা ৰাষ্ট্ৰীয উদ্যানৰ কাষত বসবাস কৰা ৰাইজৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণেও বিশেষ আচঁনি গ্ৰহণ কৰি কাম কৰিব বুলি উক্ত প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক মহেশ চন্দ্ৰ বৰাই সাংবাদিকক অবগত কৰে৷

The post কাজিৰঙাত ‘ইল ৰাইন’ ৰ তৰফৰপৰা বন কৰ্মীৰ নিৰাপত্তাৰ কাৰণে এশটা লাইফ জেকেট বিতৰণ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2OrbTR2
via IFTTT

Comments