‘টিক্ টকে’ নিদ্ৰা হৰণ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ!

ডিজিটেল ডেস্কঃ এটা ভাইৰেল হোৱা ভিডিঅ’ৱে খলকনি লগাইছে পঞ্জাৱত। পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক লৈ ‘টিক্ টক্’ নামৰ এটা চীনা এপত নিৰ্মান কৰা ভিডিঅ’ৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ এতিয়া চিন্তিত।

মুখ্যমন্ত্ৰীগৰাকীৰ কণ্ঠস্বৰ সম্পাদনা কৰি হৰ্ষ ছোফাট নামৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা ‘টিক্ টক্’ এপটোৰ সহায়ত প্ৰস্তুত কৰিছিল এই ভিডিঅ’টো। ভুৱা ভিডিঅ’টোত মুখ্যমন্ত্ৰী সিঙৰ কণ্ঠস্বৰ বিকৃত কৰি নিচাসক্ত অৱস্থাত থকা বুলি প্ৰচাৰ কৰা হৈছিল ।

উল্লেখ্য যে, তথ্য আৰু প্ৰযুক্তি আইন ২০০৮ৰ ৬৭ ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ৫০০ আৰু ৫০৫ ধাৰাত পঞ্জাৱ আৰক্ষীৰ চাইবাৰ কোষে ৰুজু কৰিছে গোচৰ।

ইতিমধ্যে সকলো সামাজিক মাধ্যমৰ পৰা ভিডিঅ’টো আঁতৰোৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। সমগ্র ঘটনাটোক লৈ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে অভিযান।

The post ‘টিক্ টকে’ নিদ্ৰা হৰণ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DIazVL
via IFTTT

Comments