মাতৃ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ দুই পুত্ৰক

ডিজিটেল সংবাদ, আজাৰাঃ শুকুৰবাৰে নিশাই বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত নহিৰাৰ জেজাৰবৰীৰ সোণালী কলিতা (৬৫) নামৰ এগৰাকী বৃদ্ধাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে দিয়া এজাহাৰৰ ভিত্তিত বৃদ্ধাগৰাকীৰ দুজন পুত্ৰ জড়িত থকাৰ তথ্য লাভ কৰি মন্টু কলিতা ( ৩৪) আৰু অৱনী কলিতাক ( ৩১) গ্ৰেপ্তাৰ কৰে। দুয়োজনেক মাতৃ হত্যাৰ গোচৰত আদালতত হাজিৰ কৰি আৰক্ষী জিম্মাত লয়।
যোৱা ২৭ আগষ্টৰ নিশা সোণালী কলিতাৰ ৰহস্যজনক ভাৱে মৃত্যু হৈছিল। স্থানীয় এজাহাৰকাৰী লোকৰ অভিযোগ অনুসৰি বৃদ্ধা মাতৃ গৰাকীক এই দুই পুত্ৰ মন্টু আৰু অৱনীয়ে প্ৰায়ে অত্যাচাৰ কৰিছিল। স্থানীয় লোকে ৪ ছেপ্টেম্বৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত পলাশবাৰী থানাত ৰুজু হোৱা গোচৰ নং ৩৪৩/২০১৮ , ধাৰা ১২০(বি)/৩০২/ ৩৪ অনুসৰি দুয়োজন ভাতৃক গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমিয় গোস্বামীয়ে।
দুয়োটা ঘটনাৰ সময়ত স্থানীয় ৰাইজে আৰক্ষীক হত্যাকাৰীক ধৰিবলৈ দাবী কৰি আহিছিল। আত্মীয় আৰু স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি লংকেশ্বৰ কলিতাৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আৰু সোণালী কলিতাৰ ৰহস্যজনক মৃত্যুৰ সৈতে পুত্ৰ জড়িত থকাৰ কথা সম্প্ৰতি পোহৰলৈ আনিবলৈ বিজয়নগৰ আৰক্ষী সক্ষম হোৱাৰ পাছত শনিবাৰে তিনিওগৰাকী অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰে।
The post মাতৃ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ দুই পুত্ৰক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OXk9oF
via IFTTT
Comments
Post a Comment