দক্ষিণ শৰণীয়াত মাৰণাস্ত্ৰ উদ্ধাৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ মন্তব্য

  • দক্ষিণ শৰণীয়াৰ নিৰোদ ডেকাৰ ঘৰত মাৰণাস্ত্ৰ উদ্ধাৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ মন্তব্য।
  • ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈৰ মতে চাৰিটা এয়াৰ গান, দুটা অনুজ্ঞা পত্ৰ থকা পিষ্টল উদ্ধাৰ হৈছে।
  • অনুজ্ঞাপত্ৰ অনুযায়ী এজন ব্যক্তিয়ে কিমান গুলী ৰাখিব পাৰে সেই বিষয়ে নিৰীক্ষণ অব্যাহত আৰক্ষীৰ।
  • আৰক্ষীৰ মতে, ব্যক্তিজন কয়লা মাফিয়াৰ লগত জড়িত।
  • গতিকে আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব প্ৰকৃত তথ্য।
  • উল্লেখ্য যে মহানগৰীৰ অৰিয়েণ্টেল বেংক অব কমাৰ্চৰ চিৰিয়াখানাৰ শাখাৰ পৰা ২০১৬ চনত ৪২ লাখ টকাৰ ঋণ লৈছিল নিৰোদ ডেকাই।
  • নিৰ্দিষ্ট সময়ত পৰিশোধ কৰা নাছিল ধনৰাশি।
  • সেই অনুসৰি ব্যক্তিজনৰ ঘৰ বাজেয়াপ্ত কৰিবলৈ যোৱাৰ সময়ত এনেদৰে জব্দ হৈছিল মাৰণাস্ত্ৰসমূহ।

The post দক্ষিণ শৰণীয়াত মাৰণাস্ত্ৰ উদ্ধাৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ মন্তব্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OUvcyN
via IFTTT

Comments