আশাৰ অপমৃত্যু

নমিতা ৰায়

“আজি এই বিহুৰ দিনটোতো ছোৱালীজনী ঘৰলৈ আহিব নোৱাৰেনে ? “- পত্নী জেউতীৰ মাতত কিবা ভাবি থকা মহিকান্ত উচপ খাই উঠিল।

আজি বহাগৰ এক তাৰিখ। গাওঁখনত বিহুৰ উখল-মাখল পৰিবেশ । সকলোৱেই ব্যস্ত বিহুত । আজি অন্ততঃ তাই ঘৰখনলৈ আহিব লাগিছিল । তাইক লৈয়ে মহীকান্ত আৰু জেউতীৰ সংসাৰ । ল’ৰা এটা আছিল । পিচে বিধাতাই তাকো অকালতে তেওঁলোকৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল ।

সেয়ে তাইক লৈয়ে সিহঁতৰ একমাত্ৰ আশা-ভৰসা । পঢ়া-শুনাত তাই সৰুৰে পৰাই চোকা। মেট্ৰিক’তো ভালদৰে পাছ কৰাৰ বাবেই চহৰৰ কলেজত পঢ়িবলৈ পঠিয়াইছে তাইক মাক-দেউতাকে । চহৰত পঢ়াবলৈ কিমান যে খৰচ লাগে সেয়া একমাত্ৰ মহিকান্ত আৰু জেউতীয়েহে জানে।

খেতিৰ উপাৰ্জনেৰে পোৱা ধনেৰে কোনোমতেহে বছৰটো জোৰে। বাৰীত হোৱা বতৰৰ ফল-মূল, শাক-পাচলি আদি বিক্ৰী কৰি তাইৰ পঢ়া খৰচটো উলিয়ায় ।

‘হেৰি, নহ’লে এটা কামকে কৰিব নেকি…’
মহিকান্তই জেউতীলৈ মূৰ তুলি চালে । ” আপুনিয়ে দেখোন চহৰলৈ যাব পাৰে । তাইক বোৱা কাপোৰ এযোৰ আৰু পিঠা-পনা অকণমান দি আহিবগৈ পাৰে…”

জেউতীৰ চকু-মুখত এক দুখৰ ছাঁ মহিকান্তই লক্ষ্য কৰিলে। মহিকান্তই এখন্তেক ভাবিলে- ‘ঠিকেই। মই নিজেই দেখোন দি আহিবগৈ পাৰো । ঠিক আছে তুমি বস্তুখিনি এটি টোপোলা বান্ধি মোনা এখনত ভৰাই দিয়া। মই দি আহোগৈ। এতিয়াই গ’লে গধুলিৰ আগে আগে আহি পাম।’-বুলি মহিকান্তই খৰখেদা লগালে।

চহৰত ভৰি দিয়েই মহিকান্তৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে উপক্ৰম হ’ল। ইমান মানুহ ! বিহুৰ বতৰ যে সেইবাবেই চাগে ইমান মানুহ ।
ইয়াৰ পৰা তাইৰ ভাৰাঘৰটোলৈও বহুত দূৰ। ৰিক্সাত যাবলৈও বহুত টকা লাগিব । না, খোজকাঢ়ি যোৱাই ভাল। নিজকে বুজনি দি মহিকান্তই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে।ছেহ, এটা ডাঙৰ ঘটনা হ’ল নহয় ! মহিকান্তই নিজকে নিজে যেন প্ৰশ্ন কৰিলে। “এতিয়াটো তাই কলেজটো থাকিব পাৰে ! আজিকালি আৰু কলেজত বিহুৰ বন্ধ বোলে নিদিয়েই, কি যে দিন কাল আহিল ! এতিয়া কেনেকৈ লগ পাম তাইক? মহিকান্তই এখন্তেক ৰ’ল ! প্ৰথমতে কলেজৰ সন্মুখত ৰৈ তাইক পাওঁ নেকি চাওঁ । নাপালে ভাৰাঘৰলৈ যাম। তাতো তাইক নাপালে ভাৰাঘৰৰ মালিকৰ হাততে বস্তুখিনি দি উভতি যাব পাৰিম।”বুলি মনতে ভাবি মহিকান্ত আগবাঢ়িল ।

কলেজৰ সন্মুখত ৰৈ ৰৈ তেওঁৰ আমনি লাগিল । একাপ চাহ খাব পৰা হ’লে ভাল আছিল । ইফালে সিফালে চাই তেওঁ দেখা পালে ৰাষ্টাৰ সিটো পাৰে বহুকেইখন ডাঙৰ ডাঙৰ চাহৰ হোটেল । কলেজৰ সন্মুখত ৰৈ থাকোঁতে তেওঁ বহুকেইজন মানুহে কোৱা শুনিছিল যে, হোটেলকেইখনত বোলে কিবা অসামাজিক কাম-কাজো চলে । বৰ ভাল নহয় কিজানি এইকেইখন । পিছে তেওঁৰ অন্ঠ কন্ঠ শুকাই আহিছে । যি হয় দেখা যাব বুলি ভাবি পলম নকৰি তেওঁ এখন চাহৰ হোটেললৈ সোমাই গ’ল । হোটেলখনত বৰ ভীৰ। কলেজীয়া ল’ৰা-ছোৱালীয়ে আটাইবোৰ চকী দখল কৰি বহি আড্ডা মাৰি আছে । তেওঁ দোকানখনৰ অলপ ভিতৰলৈ সোমাই গ’ল। দোকানৰ পিছফালে বহুতো সৰু সৰু কোঠা । মহিকান্তই আচৰিত হৈ গ’ল । ইমান সৰু কোঠাত নো কি আছে তেওঁ ভাবি পাৰ নাপালে ।

কোঠাবোৰত ডাঠ পৰ্দা লগোৱা আছে । কোঠাবোৰ ইমানেই সৰু যে তাত দুজনমানহে মানুহ ভালকৈ বহিব পাৰে যেন বোধ হয় ।
মহিকান্তই ইমান দূৰ ভাগৰত অহা বাবে হাত-মুখখিনি ধুই লওঁ বুলি পাছফালে যাওঁতে তেওঁ জবাৰ নিচিনা ছোৱালী এজনী দেখা যেন লাগিল । মাত দিওঁ বুলি ভাবোতেই তাই অকণমানি কোঠা এটালৈ তেওঁক নেদেখাৰ দৰে ভাও ধৰি সোমাই গ’ল । আন এটা কোঠাৰ পৰা এহাল ল’ৰা-ছোৱালী ওলাই আহিল।মহিকান্তই লগে লগে কোঠাটোলৈ সোমাই গ’ল। চাহ খোৱাৰ আগতে লগত অনা টকা কেইটা ঠিকে-ঠাকে আছে নে নাই এবাৰ চাব বিচাৰিলে । সেয়ে তেওঁ টকাকেইটা উলিয়াই ল’লে ।হঠাৎ হাতৰপৰা এটি দহটকীয়া মুদ্ৰা পিচলি পৰি সুৰসুৰাই সিটো কোঠা পালেগৈ । মহিকান্তই পৰ্দাৰ তলেৰে হাতখন ভৰাই টকাটো বিচাৰিবলৈ চেষ্টা কৰিলে।

হঠাতে সিফালৰ কোঠাত থকা কোনোবা ছোৱালী এজনীয়ে কৈ উঠিল- ‘চোৱাচোন অনুপ দা, কোনোবা অসভ্যই তলেৰে হাত ভৰাই মোৰ ভৰিত সুৰসুৰণি দি আছে ।” ছোৱালীজনীৰ মাতটো চিনাকী চিনাকী যেন লাগিল মহিকান্তৰ—-“কোননো ! পৰ্দাখন দাঙি চাব নেকি ? পিছে এনেদৰে আনক চোৱাটো ভাল কথা হ’ব জানোঁ …? এনেতে ছোৱালীজনীয়ে কৈ উঠিল , “আমি যাওঁ বলা অনুপদা !”
এহাল ল’ৰা-ছোৱালী কোঠাটোৰ বাহিৰলৈ ওলাই আহিল ।

মহিকান্তই কোঠাটোৰপৰা মূৰটো বাহিৰলৈ উলিয়াই ছোৱালীজনীক চাবলৈ চেষ্টা কৰিলে। আৰে , “এয়াচোন তেওঁৰ নিজৰেই ছোৱালী জবা । মহিকান্তই শিলপৰা কপৌৰ দৰে সিহঁতহাল যোৱাৰ ফালে একেথৰে চাই থাকিল ।তাই ঘৰলৈ নোযোৱা বাবে মাকে কিমান দুখ কৰিছিল? ভাবিছিল তাই পঢ়িছে, কলেজ খোলা আছে।কিন্তু এয়া কি? মহিকান্তৰ বুকুখন বিষাই উঠিল। চলচলীয়া চকু কেইটা মোচি ল’লে। মহিকান্তই বুজি পালে সিহঁতে জবাক লৈ দেখা আশা এতিয়া  মৰিচিকা।

 

চুটি গল্প প্ৰতিযোগিতাখনৰ নিয়মালীসমূহ হ’ল-

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ’ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ’লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক’ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ’ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ’ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ’ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ’ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ’ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক’তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ’ব।

The post আশাৰ অপমৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xMEciY
via IFTTT

Comments