টিলাপাৰাৰ পাৰঘাটসমূহত ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ চৰম হেতালি, যিকোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে ভয়ঙ্কৰ  দুৰ্ঘটনা

ডিজিটেল ডেস্ক, টিলাপাৰাঃ নামনি অসমৰ ধুবুৰী আৰু গোৱালপাৰা  জিলাৰ সীমান্তৱৰ্তী এলেকা তথা বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টিলাপাৰা, ধুধনাথ আৰু কামাৰডিহি আদি অঞ্চলৰ পাৰঘাটসমূহৰ পৰা বহুসংখ্যক যন্ত্ৰচালিত নাওঁ বিভিন্ন স্থানলৈ আৰু বিভিন্ন স্থানৰ পৰা টিলাপাৰা পাৰঘাটলৈ যাতায়াত  দীৰ্ঘ দিনৰ পৰা চলি আহিছে। ওচৰৰ গোৱালপাৰা জিলাৰ বামুনেৰ আলগা, কাইশাৰ চৰ, ৰৌখুৱা, ছিঙ্গুলীপাৰা আদি বিভিন্ন স্থানৰ পৰা প্ৰায় আঠ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বছৰৰ অধিকাংশ দিন মহাবাহু ব্ৰহ্মপুত্ৰৰ এখন উপনৈৰ মাজেৰে যন্ত্ৰচালিত ভটভটী আৰু নৌকাৰে পাৰহৈ ধুবুৰী জিলাৰ টিলাপাৰা, বিলাসীপাৰা, চাপৰৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আদিত আহি অধ্যায়ন কৰে। কিন্তু যি সময়তে অসম চৰকাৰে এই বিপদসংকুল ভটভটী নৌকা আদিৰ বন্ধ ঘোষণা কৰিছে। ঠিক তেনে সময়তে এই অঞ্চলসমূহত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ একাংশ পাৰঘাট কৰ্তৃপক্ষই চৰম হেতালি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ঙ্কৰ দুৰ্ঘটা। প্ৰাণ যাব পাৰে বহু বিদ্যাৰ্থীৰ। উল্লেখ্য যে পাৰঘাট কৰ্তৃপক্ষই একাধিকবাৰ অহাৰ পৰিবৰ্তে একেইবাৰে ভটভটী বা নৌকা ভৰ্তি কৰিহে যাত্ৰা আৰম্ভ  কৰে বুলি বহুতে অভিযোগ তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা এটা সপ্তাহ  আগতে কামাৰডিহিৰ পৰা ছিঙ্গুলীপাৰা অভিমুখে যাত্ৰা আৰম্ভ কৰা নৌকাটো ছাত্ৰ-ছাত্ৰীক লৈ যাওঁতে নৈৰ মাজত গৈ ডুবি যায়, কিন্তু ঈশ্বৰৰ অসীম  কৃপাত বিদ্যাৰ্থীসকলে সাঁতোৰি নিজৰ নিজৰ প্ৰাণ ৰক্ষা কৰে। প্ৰখৰ ৰদ, বতাহ আৰু বৰষুণৰ মাজতেও শিক্ষাৰ উদ্দেশ্যৰে ছাত্ৰ-ছাত্ৰীসকলে মৰণক সৰণ দি এনে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে। পৰিবহণ  মন্ত্ৰী চন্দ্ৰমহোন পাটোৱাৰীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতেও এইসকলক এতিয়াও গভীৰ নিদ্ৰা মগ্ন থকা যেন পৰিলক্ষিত হৈছে। মন্ত্ৰী মহোদয়ৰ নজৰ টিলাপাৰা, বামুনেৰ আলগা আদি অঞ্চলৰ জল যাত্ৰীসকলৰ ওপৰত পৰিব নে? সেয়া এতিয়া  লক্ষ্যণীয় বিষয়।

The post টিলাপাৰাৰ পাৰঘাটসমূহত ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ চৰম হেতালি, যিকোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে ভয়ঙ্কৰ  দুৰ্ঘটনা appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2IoRDd1
via IFTTT

Comments