ৰীমা দাসক লৈও ষড়যন্ত্ৰ!

ডিজিটেল ডেস্কঃ ৰীমা দাসৰ সফলতাত যেন সুখী হ’ব পৰা নাই একাংশ লোক। এক চক্ৰই অতি কৌশলেৰে ৰীমা দাসৰ বিৰুদ্ধে নামিছে পৰিছে ষড়যন্ত্ৰত। চলচ্চিত্ৰৰে জড়িত এক শক্তিশালী লবীয়ে আজিও মানি ল’ব পৰা নাই ৰীমা দাসৰ এই সফলতা। অতি সাধাৰণভাৱে এখন অসাধাৰণ অসমীয়া ছবি নিৰ্মাণ কৰি অস্কাৰৰ বিদেশী শাখাৰ মনোনয়নৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হোৱা ৰীমা দাসৰ এই উত্থানক সেয়েহে বাধা দিবলৈ এই চক্ৰটোৱে তৎপৰতা প্ৰদৰ্শন কৰিছে। আনহে নালাগে, ইমান বিৰল সফলতা অৰ্জন কৰাৰ পাছতো ৰীমা দাসক দিব লগা সন্মান জনোৱাতো যেন ক’ৰবাত কোনোবাই কৃপণালি কৰিছে।
ৰাজ্যৰ প্ৰায় ৩৯ টা চিনেমা হলত ৰীমা দাসৰ চিনেমা চাবলৈ মানুহ উঠি পৰি আহিছে। সেই অনুপাতে কিন্তু চিনেমা হলবোৰে ৰীমা দাসৰ ‘ভিলেইজ ৰকষ্টাৰছ’ প্ৰদৰ্শনৰ ক্ষেত্ৰত যি আগ্ৰহ দেখুৱাব লাগিছিল সেই আগ্ৰহ প্ৰদৰ্শন কৰা নাই। পাঠশালাত ৰাইজৰ হেচাত এটা চিনেমা হলত ছবি প্ৰদৰ্শন কৰাৰ আশ্বাস চিনেমা হলৰ কৰ্তৃপক্ষই দিবলৈ বাধ্য হৈছিল। আবেলি ৫ বজাত সেই প্ৰদৰ্শনীৰ বাবে টিকট বিক্ৰী কৰাৰ পাছতো অন্তিম মুহূৰ্তত কাৰিকৰী বিজুতিৰ দোহাই দি প্ৰদৰ্শন কৰা হোৱা নাছিল ‘ভিলেইজ ৰকষ্টাৰছ’।
ইফালে মহানগৰীত ভিলেইজ ৰকষ্টাৰছ চাবলৈ যথেষ্ট চলচ্চিত্ৰ প্ৰেমী ছবিগৃহলৈ আহিছে। অনুৰাধা চিনেমা হ’লত পুৱা ১০.০০ বজাত আৰু সন্ধিয়া ৮.১৫বজাত হে ভিলেইজ ৰকষ্টাৰছ প্ৰদৰ্শন কৰা হৈছে। পুৱাৰ ভাগত সাধাৰণতে ছবিগৃহলৈ দৰ্শক কমকৈ আহে। কিন্তু দুপৰীয়া ১১.৪৫বজাত, ২.৪৫বজাত আৰু ৫.৪৫বজাত দৰ্শকৰ ভিৰ বাঢ়ে ছবিগৃহত । তেনেস্থলত সেই মুখ্য সময়খিনিত এই মহানগৰীৰ গুৰুত্বপূৰ্ণ চিনেমাহলটোতেই প্ৰদৰ্শীত হোৱা নাই ভিলেইজ ৰকষ্টাৰছ।
অপ্সৰা হলত দেওবাৰৰ দিনা ‘ছুই ধাগা মেড ইন ইণ্ডিয়া’ চলি আছে চাৰিটা প্ৰদৰ্শনী। প্ৰাগজ্যোতিষ হলতো দিনৰ ২ বজাৰ পৰাহে প্ৰদৰ্শীত হৈছে ভিলেইজ ৰকষ্টাৰছ। বাকী তিনিটা শ্ব’ৱে এই চিনেমা হ’লটোত চলিছে ‘ছুই ধাগা মেড ইন ইণ্ডিয়া’। উৰ্বশী হলত দিনৰ ২ বজাতহে চলিছে ভিলেইজ ৰকষ্টাৰছ। অথচ মহানগৰীৰ ছবিগৃহত ভিলেইজ ৰকষ্টাৰছ চাবলৈ টিকট বিচাৰি ঘূৰি আহিছে বহু দৰ্শক।
শনিবাৰৰ দিনা অনুৰাধা ছবিগৃহত মুঠ ৭৬৩জনে চালে ভিলেইজ ৰকষ্টাৰছ। এই দৰ্শনীত ৮০হাজাৰৰো অধিক টকা সংগ্ৰহ কৰিছে হলটোৱে। লক্ষণীয় কথা যে, প্ৰথমবাৰৰ বাবে হিন্দী চিনেমাৰ সৈতে ফেৰ মাৰিছে এইখন অসমীয়া ছবিয়ে। তৎস্বত্তেও ভিলেইজ ৰকষ্টাৰছক লৈ ৰাজ্যৰ ছবি উদ্যোগৰ সৈতে জড়িত একাংশৰ ভূমিকাক লৈ সৰ্বসাধাৰণৰ মাজত ঘণীভূত সন্দেহ। চৰ্চিত হৈছে তেওঁলোকৰ ৰহস্যজনক ভূমিকাৰ বিষয়টো।
অস্কাৰৰ মনোনয়নৰ বাবে প্ৰথমবাৰ বাচনি হোৱা এই ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰিবৰ বাবে তৎপৰ হৈছে এই সকল লোক। লক্ষণীয়ভাৱে একাংশ ছবিগৃহত ৰহস্যজনকভাৱে পূৰ্বৰ সময়সূচী অতি কৌশলপূৰ্ণভাৱে সলনি কৰি দিয়া হৈছে ভিলেইজ ৰকষ্টাৰছৰ ক্ষেত্ৰত। ইয়াক লৈ কিন্তু নীৰৱে আছে ৰাজ্যৰ কথাছবিৰ পৰিচালনা, প্ৰযোজনাৰে জড়িত লোকসকল। অৱশ্যে অসমৰ সংস্কৃতিপ্ৰেমী ৰাইজে মুক্তভাৱে এনে প্ৰতিক্ৰিয়াশীল চক্ৰৰ বিৰুদ্ধে থিয় দি ‘ভিলেইজ ৰকষ্টাৰছ’ চাবলৈ দলে-বলে ওলাই আহিছে।
The post ৰীমা দাসক লৈও ষড়যন্ত্ৰ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RcLswX
via IFTTT
Comments
Post a Comment