পুলিচ আমাৰ শত্ৰু নে বন্ধু?

► মৃদুল কুমাৰ সন্দিকৈ
পুলিচ আমাৰ শত্ৰু নে মিত্ৰ? থানা এখনলৈ গ’লে আৰক্ষীৰ প্ৰতি ভাল ভাব নে বেয়া ভাব সৃষ্টি হয় আপোনাৰ? প্ৰায়ে শুনা যায়- পুলিচৰ ওচৰলৈ যাবই নোৱাৰি। দুহাত মেলি বহি থাকে পুলিচ। কিবা এটা হাতত গুজি দিলেহে পুলিচৰ হাত লৰ-চৰ কৰে। পুলিচক লৈ এনে বহু বদনাম আছে। কিন্তু পুলিচক কোনেও আওকাণ কৰিব নোৱাৰে।ৰাজ্য ঘোচখোৰ বিভাগ সমূহৰ ভিতৰত পুলিচৰ স্থান বহু ওপৰত। মানুহৰ এনে এক ধাৰণা গঢ় লৈ উঠিছে যে পুলিচ মানেই ঘোচখোৰ। তেনে দৃশ্য বহুতে দেখিছে। হাতত লাঠী এডাল লৈ ৰৈ থকা কনিষ্টবল বা হোমগাৰ্ডজনে ট্ৰাকৰ চালকৰ দৰ্জাখন লাহেকৈ টুকুৰিয়াই দিয়া সময়ত ট্ৰাকৰ চালকজনে লাঠীৰ ফাঁক ১০ বা ২০ টকা এটা গুজি দিয়ে। এই অভিযোগবোৰ পুৰণি হ’লেও পুলিচৰ প্ৰতি মানুহৰ সেই ধাৰণা কোনোদিনেই সলনি হোৱা নাই।
কিছুদিনৰ পূৰ্বে এগৰাকী আৰক্ষী বিষয়াই কান্ধত তুলি মহিলা এগৰাকী চিকিৎসালয়লৈ লৈ গৈছিল। এম্বুলেন্স মাতিছিল যদিও পলম হোৱাৰ বাবে আৰক্ষী বিষয়াজনে এইদৰে মহিলাগৰাকীক হাস্পতাললৈ নিছিল আৰু হাস্পতালত এটা সন্তান জন্ম দিছিল তেওঁ। আৰক্ষী বিষয়াজনৰ এই কাহিনী ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰ হৈছিল।
দুয়োটা পৃথক কাহিনী। এটা পুলিচে পইচা তোলা, আনটো পুলিচে সহায় কৰা। প্ৰথম কাহিনীটোৰ গইনা লৈ সকলোৱে কয়- পুলিচ মানেই ঘোচখোৰ।কিন্তু দ্বিতীয় কাহিনীটোৰ গইনা লৈ কোনেও নকয়- পুলিচ মানেই সহায় কৰে মানুহক। অৰ্থাৎ একোজন পুলিচে কৰা বেয়া কামটোৰ বাবে সমগ্ৰ পুলিচ বিভাগটোক দোষাৰোপ কৰা হয়। কিন্তু এজন পুলিচে কৰা ভাল কামক কেতিয়াও পুলিচ বিভাগটোৰ স্বীকৃতিৰ প্ৰতীক নহয়।
কোৱা হয়- পুলিচ এটা থেংকছলেছ জ’ব। পুলিচে কেতিয়াও মানুহৰ পৰা ভাল মন্তব্য নাপায়। যিমান কষ্ট কৰিলেও পুলিচৰ গাত দোষ ৰৈ যায়। ইয়াৰ বাবে কিন্তু কম-বেছি পৰিমাণে আৰক্ষীও জগৰীয়া। অসমত আৰক্ষীৰ দৰে এটা বাহিনী গঠন কৰা হৈছিল ১৮২৬চনতেই। ৰাজ্যখনৰ আইন-শৃংখলা ৰক্ষাৰ্থে ইংৰাজে এই বাহিনীটো গঠন কৰিছিল। তাৰপাছত “জনহিত জনসেৱাৰ্থে” বাণীৰে অসম আৰক্ষী গঠন কৰা পূৰ্বেই ১৮৮২চনত আছাম ফ্ৰন্টিয়াৰ পুলিচ গঠন কৰা হৈছিল।
এই বিভাগটোৰ চাৰিটা শাখা আছিল। লখিমপুৰ, কাছাৰ, গাৰোপাহাৰ আৰু নগাপাহাৰত আছিল ৪খন থানা। ১৯১৩ চনত এই বিভাগটোত এটা অপৰাধ নিৰাময় শাখা গঠন কৰা হৈছিল। ১৯৩৫ চনত দ্য আছাম ফ্ৰণ্টিয়াৰ পুলিচৰ মুখ্য কাৰ্য্যালয় শ্বিলঙত স্থাপন কৰা হয়। আৰ আৰ কামিঙক প্ৰথম সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছিল এই বিভাগটোত। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত দ্য আছাম ফ্ৰণ্টিয়াৰ পুলিচৰ নাম অসম আৰক্ষী কৰা হৈছিল।
১৯২৯চনত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটিখন গঠন কৰিছল যদিও ই কাৰ্যকৰী হৈছিল দেশ স্বাধীন হোৱাৰ পাছত। স্বাধীনতাৰ সময়ত অসম পুলিচত ৮০০০জন পুলিচ কৰ্মী আৰু ৩৩৫০ জন বিষয়া আছিল। এতিয়া এই অসম আৰক্ষীত প্ৰায় ৮০হাজাৰৰো অধিক বিষয়া-জোৱান আছে।
আৰক্ষী অৰ্থাৎ পুলিচ জনতাৰ সেৱাৰ বাবে। কিন্তু জনসাধাৰণৰ সৈতে আৰক্ষীৰ সুসম্পৰ্ক আজিও গঢ় লৈ উঠা নাই। ৰাজ্যৰ আইন শৃংখলাজনিত সমস্যা সমাধানৰ বাবে আৰক্ষীৰ এক ভূমিকা আছে। সেই ভূমিকাক সুচাৰুৰূপে পালন কৰিবলৈ জনসাধাৰণৰ সহযোগৰ অবিহনে আৰক্ষীৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয়। পুলিচে কেতিয়াবা জনসাধাৰণক বন্ধুত্বপূৰ্ণ ব্যৱহাৰ নকৰাৰ বাবে বা পুলিচৰ প্ৰতি সৰ্বসাধাৰণৰ ভাল ভাব নথকাৰ বাবে আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্ক সুদৃঢ় হোৱা নাই।
পুলিচক গালি বা সমালোচনা কৰিলেই আৰক্ষী নিজে নিজেই ভাল হৈ নাযায়। ইয়াৰ বাবে সংস্কাৰমুখী কাৰ্যসূচীৰ প্ৰয়োজন আছে। অসম আৰক্ষীয়ে দীৰ্ঘদিন ধৰি জনসাধাৰণৰ সৈতে সুসম্পৰ্ক ৰক্ষাৰ বাবে এনে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আশ্বাসৰ জৰিয়তে আৰক্ষীয়ে জনসাধাৰণৰ মাজলৈ যাবলৈ চেষ্টা কৰিছিল। ঠিক একেইদৰে ‘প্ৰজেক্ট প্ৰহৰী’ নামৰ এক অভিলাষী কাৰ্যসূচী হাতত লৈছিল কুলধৰ শইকীয়াই। কিন্তু এইবোৰৰ ধাৰাবাহিকতা সময়ত ম্লান পৰিল। ঠিক একেদৰেই গাঁওৰক্ষী বাহিনী গঠনেৰে আৰক্ষীক জনমুখী কৰাৰ প্ৰচেষ্টা পূৰ্বৰ দৰে আজি সক্ৰিয় বুলি ক’ব নোৱাৰি।
আৰক্ষীয়ে কিয় বেয়া ব্যৱহাৰ কৰে? বাইক এখন বা গাড়ী এখন চলাই অহা মানুহ এজনক ৰখিবলৈ দি আৰক্ষীয়ে তালাচী কৰাত কাৰো আপত্তি থাকিব নোৱাৰে। কিন্তু এজন ভদ্ৰলোকক ৰাজপথত- ‘ঐ তই ক’ৰ পৰা আহিছ’ জাতীয় শব্দৰে সম্বোধন কৰিলে সেই লোকজনৰ মনত কিছু হ’লেও আঘাত লাগে। নিশ্চিতভাৱে তেওঁ আৰক্ষীৰ প্ৰতি মনৰ ভিতৰত এটা বেয়া ভাব লৈ ফুৰে। ইয়াৰ সলনি আৰক্ষীয়ে ‘আপুনি ক’ৰ পৰা আহিছে’ অৰ্থাৎ ভদ্ৰভাৱে তেওঁক সোধপোছ কৰিলে সেই লোকজনে পুলিচক সহযোগ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে। ইয়াকে নকৰি অতি পুলিচী আৰু বৰ্বৰ তথা কৰ্কশভাৱে কৰা আৰক্ষীৰ ব্যৱহাৰে জনসাধাৰণৰ মাজলৈ এক বেয়া বাৰ্তা কঢ়িয়াই নিয়ে।
পোছাকত থকা আৰক্ষী বিষয়াজন বা আৰক্ষী জোৱানজনক আৰক্ষী বুলি সাধাৰণ মানুহে চিনি পায়। কিন্তু সাধাৰণ মানুহ এজন কোন সেই কথা আৰক্ষীয়ে নাজানে। এজন স্বাধীন দেশৰ নাগৰিক হিচাপে সেই ব্যৱহাৰ আৰক্ষীৰ পৰা প্ৰাপ্য। আৰক্ষী মানেই গালি-গালাজ পাৰিব পৰা, বেয়া মাত মাতি ৰঙা চকু দেখুৱাব পৰা সেই চৰিত্ৰৰ অৱসান ঘটিছে কেতিয়াবাই। এটা দিন আছিল, হাতত লাঠী এডাল লৈ আৰক্ষীয়ে এটা অঞ্চল শাসন কৰিছিল। দাৰোগা বুলি ক’লেই সৰু ল’ৰা-ছোৱালীয়ে কন্দা বন্ধ কৰিছিল। সেই পৰিৱেশ এতিয়া নাই। সেয়েহে আৰক্ষীয়ে নিজকে সংশোধন আৰু সংস্কাৰৰ সময় কেতিয়াবাই আহিছে।
আৰক্ষীয়ে সমাজখনক বা সমাজখনে আৰক্ষীক নিলগাই ৰাখিব নোৱাৰে। এটা আনটোৰ পৰিপূৰক। আৰক্ষীৰ ব্যৱহাৰৰ সন্দৰ্ভত ইতিমধ্যে বহু কথা আলোচনা হৈ গৈছে। ব্যৱহাৰ আৰু দুৰ্নীতি আৰক্ষীৰ ভাবমূৰ্তি নষ্ট কৰাৰ অন্যতম কাৰণ। বিপদত সদায় মানুহ আৰক্ষীৰ কাষলৈ যায়।পুলিচৰ পৰা সেই সময়ত পোৱা আশ্বাস আৰু সহযোগিতাই কোনো এজন বিপদগ্ৰস্ত লোকক সকাহ দিয়ে। ইয়াকে নকৰি সেই বিপদৰ সুযোগ লৈ আৰু ভয় খুৱাই পুলিচগিৰি কৰা আৰক্ষী কেতিয়াও জনসাধাৰণৰ বন্ধু হ’ব নোৱাৰে।
আৰক্ষী এটা চাকৰি। আৰক্ষী কেতিয়াও কোনো এজন লোকক শাসন কৰাৰ বাবে দিয়া চৰকাৰী লাইচেঞ্চ নহয়। আইনৰ উৰ্ধ্বত আৰক্ষীও হ’ব নোৱাৰে। সেই কথা মানুহবোৰে এতিয়া বুজে। ৰঙা চকু, লাঠী, গুলীৰে কৰিব নোৱাৰা কাম আৰক্ষীয়ে বুদ্ধিৰে আৰু ভাল ব্যৱহাৰেৰে কৰিব পাৰে। তেনে এটা উদাহৰণ হ’ল- কিছুদিনৰ পূৰ্বলৈকে গুৱাহাটী মহানগৰীত কৰ্মৰত এজন আৰক্ষী বিষয়া। ভাল ব্যৱহাৰ, উপস্থিত বুদ্ধি আৰু জনসাধাৰণৰ সৈতে থকা সুসম্পৰ্কৰ বাবে এইগৰাকী বিষয়াই সুচাৰুৰূপে মহানগৰীৰ তেওঁৰ কাৰ্যকালত সৃষ্টি হোৱা বহু কঠিন পৰিস্থিতি অতি সহজতে অতিক্ৰম কৰিব পাৰিছিল।
বিশেষকৈ পূজা, উৎসৱ-পাৰ্বন সময়ত পৰিকল্পিতভাৱে তেওঁ যি নীতি-নিৰ্দেশনা জাৰি কৰিছিল তাৰ সৈতে সৰ্বসাধাৰণক সহযোগী কৰি লৈ সেইবোৰ বলবৎ কৰাৰ বাবে অতি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল। বিশেষকৈ পূজাৰ সময়চোৱাত এই আৰক্ষী বিষয়া গৰাকীয়ে শৃংখলাবদ্ধভাৱে প্ৰতিটো কাম যাতে সমাধান হয় তাৰবাবে পূৰ্ব পৰিকল্পিত কিছু নীতি জনসাধাৰণৰ সহযোগত মহানগৰীত এনেদৰে ব্যৱহাৰ কৰিছিল যে সেইবোৰ কোনো লোকে ভংগ কৰা নাছিল। এয়া আছিল সেই আৰক্ষী বিষয়াগৰাকীৰ দক্ষতা। মহানগৰীৰ আৰক্ষী আয়ুক্ত পদত থকা হীৰেণ নাথৰ কাৰ্যকালত জনসাধাৰণ আৰু আৰক্ষীৰ মাজত এক সুসম্পৰ্ক স্থাপন হৈছিল। সেই সম্পৰ্কৰ ধাৰাবাহিকতা অটুত ৰখাতো অতিকৈ প্ৰয়োজন।
পুলিচে বৰ্বৰ আচৰণ কৰে। পুলিচে গুৰু-গোসাঁই নামানে। কিন্তু ৰাজনৈতিক নেতা, ভিভিআইপিৰ ওচৰত আৰক্ষী লেতু-সেতু হৈ পৰে। কাৰোবাৰ ইচাৰাত উঠ-বহ কৰা আৰক্ষীয়ে মানুহৰ কল্যাণ সাধিব নোৱাৰে। থানালৈ মানুহ যাব ভয় কৰে। দুৰ্ঘটনা এটা সংঘটিত হোৱাৰ পাছত বহুতে কয়- ‘মই সহায় কৰিম বুলি ভাবিছিলো, কিন্তু পুলিচৰ লাফৰাত পৰাৰ ভয়ত এনে নকৰিলো।’ মানুহৰ মনত এই ধাৰণা, সন্দেহ আৰু অবিশ্বাসৰ বীজ পুলিচে নিজে সিচি থৈছে। পুলিচৰ আচাৰ-ব্যৱহাৰ গণমুখী হ’ব লাগিব। আৰক্ষীৰ সচেতনতাই বহু অপৰাধ প্ৰতিৰোধ কৰিব পাৰে। সংবাদ মাধ্যমৰ সৈতে আৰক্ষীৰ সম্পৰ্ক এক গুৰুত্বপূৰ্ণ বিষয়। এই গণমাধ্যমসমূহৰ জৰিয়তে আৰক্ষীয়ে এফালে সচেতনতা বৃদ্ধি, আনফালে ইয়াৰ পৰাও বহু তথ্য সংগ্ৰহ কৰি তাৰ উপযুক্ত অধ্যয়নেৰে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
অসম আৰক্ষীত বহু সমস্যা আছে। মহানগৰীত আজিও ভাড়াঘৰত চলি আছে থানা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থানা বা আৰক্ষী চকীৰ অস্তিত্ব কেৱল ঘৰটোত ৰৈছে। মানুহৰ সংখ্যা বৃদ্ধিৰ লগে লগে সেই সমানুপাতত অঞ্চলবোৰত আৰক্ষী বৃদ্ধি হোৱা নাই। পূৰ্বৰ তুলনাত থানাবোৰত অধিক মানৱ সম্পদৰ প্ৰয়োজন যদিও পূৰ্বৰ সংখ্যা অনুসৰি থাকিব লগা বিষয়া বা জোৱানেই নাই। তেনেস্থলত এজন আৰক্ষী বিষয়া বা জোৱানে অতিৰিক্তভাৱে বহু কাম কৰিব লগা হয়। আৰক্ষীৰ ওপৰত এই অত্যাধিক হেঁচা মনোবৈজ্ঞানিক দিশৰ পৰা পুলিচ-জনসাধাৰণৰ সংঘাতৰ অন্যতম কাৰণ।
এজন আৰক্ষী বিষয়াই কিমান ঘণ্টা কৰ্তব্য কৰিছে, তেওঁ খাইছে নে নাই বা পৰিয়ালৰ খবৰ ৰাখিব পাৰিছেনে নাই পৰা এইবোৰ কথা আমি আওকাণ কৰি চলো। এজন মানুহ হিচাপে আৰক্ষী বিষয়াজনৰো সুখ-দুখ, ইচ্ছা-অনিচ্ছা আদি বিষয়বোৰ তেওঁৰ ব্যৱহাৰত প্ৰভাৱ পেলাব পৰা কাৰক। সেই ধৰণে আৰক্ষী বিভাগ এটাক গঢ়ি দিবলৈ আজিও চেষ্টা চলোৱা হোৱা নাই। কেৱল কথা আৰু কামতহে স্মাৰ্ট পুলিচৰ কথা কোৱা হয়।
আৰক্ষীৰ ওচৰলৈ মানুহ আহিলে এক আশা লৈ আহে। সেই আশাত ক’ৰবাত চেঁচাপানী পৰিলে পুলিচৰ প্ৰতি এক বিৰোপ মনোভাৱ সৃষ্টি হয়। আৰক্ষীয়ে নিজকে সংশোধন কৰাৰ যিধৰণে প্ৰয়োজন আছে, সেইদৰে আৰক্ষী বিভাগ এটাক নেতৃত্ব দি সকলো পৰ্যায়ৰ বিষয়াৰ সৈতে মৰ্যাদাবোধৰ পৰিৱেশ আৰু সমাজমুখী চেতনাৰে তেওঁলোকক গঢ়ি তোলাৰ বাবে কিছু কাৰ্যপন্থা আৰক্ষীয়ে ল’বই লাগিব।
উত্তৰগুৱাহাটীত শেহতীয়াকৈ সংঘটিত হোৱা নাও দুৰ্ঘটনাত উদ্ধাৰকাৰী বাহিনী বা আৰক্ষী গৈ পোৱাৰ আগতে সাধাৰণ ৰাইজে সেই লোকসকলক উদ্ধাৰ কৰিবলৈ নামি পৰিছিল। এই কথা সত্য যে- সেই সময়ত আৰক্ষী অহালৈ বাট নাচাই এইদৰে সাধাৰণ লোকসকল নামি পৰাৰ বাবেই বহুতৰ জীৱন ৰক্ষা হৈছিল। একেইদৰে দিখৌমুখৰ শেহতীয়া দুৰ্ঘটনাৰ সময়ত একেটা পৰিয়ালৰ ৫জন সদস্যৰ উদ্ধাৰৰ বাবে চলোৱা অভিযানত ৰাইজে সহযোগ কৰিছিল। এই সামগ্ৰিক ঘটনাৱলী পৰ্যালোচনা কৰিলে দেখা পোৱা যায় যে, জনসাধাৰণৰ সহযোগিতা আৰক্ষীৰ সফলতাৰ অন্যতম মাপকাঠি। উত্তৰ গুৱাহাটী অশ্বক্লান্তত সংঘটিত নাও দুৰ্ঘটনাত সাহসেৰে যাত্ৰীক উদ্ধাৰ কৰা লোকসকলৰ তিনিজনক আৰক্ষীয়ে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰমাণ পত্ৰও প্ৰদান কৰিলে। এয়া আৰক্ষীৰ ইতিবাচক চিন্তাৰ ফচল।
এতিয়া অপৰাধৰ ধৰণ-কৰণ সলনি হৈছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু অপৰাধ সংঘটিত হয়। মহানগৰীৰ লগতে ৰাজ্যখনত যান-বাহনৰ চুৰি এক সাধাৰণ ঘটনা হৈ পৰিছে। কোনো এজন লোক এখন বাহন চুৰি হোৱাৰ পাছত আৰক্ষীৰ কাষলৈ সহায়ৰ বাবে যাওঁতে আৰক্ষীৰ সহযোগিতাৰ অতিকৈ প্ৰয়োজন। তাকে নকৰি আৰক্ষীয়ে অৱহেলাৰ মনোভাৱেৰে বিষয়টো এৰাই চলিব বিচাৰিলে কাৰ মনত ভাল ভাব সৃষ্টি হ’ব আৰক্ষীৰ প্ৰতি? সেই তৎপৰতা আৰক্ষীৰ সাধাৰণ মানুহজনৰ প্ৰতিও থাকিব লাগিব।কিয়নো পুলিচ কেতিয়াও কোনো ভিভিআইপি বা বিশেষ ব্যক্তিৰ বাবে নহয়। আৰক্ষীয়ে সকলো মানুহকে সমান দৃষ্টিৰে চাব জানিলেহে তেওঁলোকৰ প্ৰতিও একেই দৃষ্টি আৰু সন্মান তথা আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিব।
আৰক্ষী কেতিয়াও শত্ৰু হ’ব নোৱাৰে। একেইদৰে আজিৰ প্ৰেক্ষাপটত আৰক্ষীক একেষাৰে মিত্ৰ বুলিও ক’ব নোৱাৰি। বহু ঘটনা তেনে আছে যিবোৰে আৰক্ষীৰ বৰ্বৰতা, পক্ষপাত, দুৰ্নীতিৰ কথাহে উদঙাই দিয়ে। এইবোৰ ঘটনা প্ৰতিৰোধৰ বাবে এক সুস্থ পৰিকাঠামো উচ্চপদস্থ বিষয়াসকলে গঢ়ি তুলিব পাৰিব লাগিব। নহ’লে আৰক্ষীৰ প্ৰতি মানুহৰ অবিশ্বাস-আন্তৰিকতাহীন ভাবৰ অন্ত নপৰিব।
এজন ভদ্ৰলোকে ঘৰৰ কলিং বেল বাজি উঠাত কোনোবা মানুহ আহিছে নেকি চাবলৈ কাম কৰা ল’ৰাজনক পঠিয়াইছিল। ল’ৰাজনে দৰ্জা খুলি পুলিচ দেখি ভদ্ৰলোকক গৈ উত্তৰ দিছিল- ‘মানুহ নহয়, পুলিচহে আহিছে।’ এই সৰু ঘটনাটোৱে কিন্তু বহু কথা কৈ যায়। আৰক্ষীও মানুহ।সেই উপলব্ধি পুলিচে যেনেদৰে কৰিব লাগিব। ঠিক একেদৰে মানুহেও কৰিলেহে দুই পক্ষৰ মাজত এক সু-সম্পৰ্ক গঢ় লৈ উঠিব। এই সম্বন্ধই সৰ্বসাধাৰণৰ লগতে পুলিচ আৰু সমাজৰো কল্যাণ সাধিব।
The post পুলিচ আমাৰ শত্ৰু নে বন্ধু? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OsYB6B
via IFTTT
Comments
Post a Comment