দেৱী বন্দনা… লতাশিলত সাজু বিশ্বৰ আটাইতকৈ ওখ মন্দিৰ!

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃন্দাবনৰ চন্দ্ৰোদয়া মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ আৰু কেবাবছৰো বাকী। বিশ্বৰ ভিতৰতে আটাইতকৈ ওখ মন্দিৰ হিচাপে পৰিগণিত এই মন্দিৰটোৰ নিৰ্মাণ সম্পূৰ্ণ নহ’লেও সেয়া ৫ দিনৰ বাবে সম্ভৱ হৈ উঠিব লতাশিলত।
শাৰদীয় দুৰ্গোৎসৱত এই চন্দ্ৰোদয়া মন্দিৰটো সম্পূৰ্ণৰূপত মহানগৰবাসীয়ে দেখিবলৈ পাব লতাশিলৰ পূজাত। ইতিমধ্যে লতাশিল পূজা কমিটিয়ে ইয়াৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে। নিৰ্মীয়মাণ অৱস্থাত থকা বিশ্বৰ সৰ্ববৃহৎ মন্দিৰৰ আৰ্হিত পূজা মণ্ডপৰ লগতে নিৰ্মাণ কৰা হ’ব প্ৰতিমা।
‘আমি এইবাৰ চন্দ্ৰোদয়া মন্দিৰটোক আৰ্হি হিচাপে লৈছো। বিশ্বৰ ভিতৰতে আটাইতকৈ ওখ মন্দিৰ হ’ব এইটো। এনে এটা মন্দিৰৰ বিষয়ে মহানগৰবাসীয়ে আভাষ পাওক বুলিয়েই আমি ইয়াক আৰ্হি হিচাপে লৈছো। ২৫ জনীয়া শিল্পীৰ দল এটাই পূৰ্ণ গতিত কাম আগবঢ়াই নিছে।’- সকলোকে লতাশিলৰ পূজাত ভাগ ল’বলৈ আহ্বান জনাই এইদৰে কয় লতাশিল আয়োজক কমিটিৰ এগৰাকী বিষয়ববীয়াই।
‘মন্দিৰটোৰ কাষতে এখন মঞ্চৰ ব্যৱস্থা কৰা হৈছে। এই মঞ্চত অনুষ্ঠিত হ’ব বিভিন্ন অনুষ্ঠান। বিজয়া দশমীৰ দিনা বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছো।’- ১৫-২০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি বিষয়ববীয়াই কয়।
অানহাতে, মহানগৰীৰ বেলতলাৰ লক্ষ্মী মন্দিৰৰ পূজা মণ্ডপত এইবাৰ প্ৰতিফলিত হ’ব হস্তী-মানৱৰ সংঘাত। ৰাজ্যৰ ভিন্ন প্ৰান্ত হস্তী-মানৱৰ সংঘাত ভয়াৱহভাৱে বৃদ্ধি পোৱালৈ চাই এইবাৰ পূজা কমিটিখনে ইয়াকে বিষয়-বস্তু হিচাপে লৈ ব্যাপক প্ৰস্তুতি চলাইছে। এইবাৰৰ বাজেট প্ৰায় ৪০-৫০ লাখ টকা নিৰ্ধাৰণ কৰা বুলি জনাইছে পূজা কমিটিখনে।
The post দেৱী বন্দনা… লতাশিলত সাজু বিশ্বৰ আটাইতকৈ ওখ মন্দিৰ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Qj0i3y
via IFTTT
Comments
Post a Comment