নীতিশ কুমাৰক সাক্ষাৎ অগপৰ, নাটক আখ্যা বিজেপিৰ

ডিজিটেল ডেস্কঃ দেওবাৰে অসম গণ পৰিষদক সমালোচনাৰে থকা সৰকা কৰিলে বিজেপি বিধায়ক মৃণাল শইকীয়াই। অগপ সাতজনীয়া এটা দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰ্মথন বিছাৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু মহাৰাষ্ট্ৰৰ ৰাজ থাকৰেক সাক্ষাৎক অগপৰ এখন নাটক বুলি মন্তব্য কৰিছে।

বিজেপি বিধায়কজনে লগতে কয় ‘ আমাৰ লগত থাকি ১০ বছৰীয়া পাপৰ পূণ্য কৰিছে অগপই। চৰকাৰত থাকিলে মিলিজুলি থাকক।’ বিধায়কজনে কয় ‘গুপ্তহত্যাকে ধৰি বহু পাপ খণ্ডন কৰাত এতিয়া ব্যস্ত অগপ।’ অগপক সমালোচনা কৰিবলৈ গৈ বিধায়ক জনে আঞ্চলিক দলটোৱে অসম আন্দোলন আৱেগিকভাৱেহে কৰিছিল বুলি মন্তব্য কৰে।

The post নীতিশ কুমাৰক সাক্ষাৎ অগপৰ, নাটক আখ্যা বিজেপিৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NPciNm
via IFTTT

Comments