অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে পতঞ্জলি কৰ্তৃপক্ষই

ডিজিটেল সংবাদ, আজাৰাঃ অৱশেষত ক্ষমা বিচাৰিলে পতঞ্জলি কৰ্তৃপক্ষই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত যোৱা ২৮ ছেপ্তেম্বৰত দৰং জিলাৰ দুনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভেৰুৱাত অনুষ্ঠিত হোৱা যোগ শিবিৰত পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে কৰা বিতৰ্কিত মন্তব্যক লৈ ৰামদেৱৰ প্ৰতিষ্ঠানটোৱে ৰাজহুৱাকৈ ক্ষমা বিচাৰে।

উল্লেখ্য যে, প্ৰায় দহ শতাধিক লোকৰ উপস্থিতিত শিবিৰটোত যোগ প্ৰশিক্ষণ দিবলৈ গৈ ‘শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়’, ‘নামঘোষাত একো ভাল কথা নাই’, ‘নামঘৰত মিঠাতেলৰ চাকি মুৰ্খই জ্বলায়’ আদি বিৰূপ মন্তব্য কৰিছিল বাৰালে। এই মন্তব্যৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তত যোগ নিৰীক্ষকগৰাকীৰ লগতে পতঞ্জলিৰ বিৰুদ্ধে প্ৰতিবাদেৰে উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য।

বিভিন্ন দল-সংগঠনে যোগ নিৰীক্ষক সতীনাথ বাৰালক তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে পতঞ্জলি কৰ্তৃপক্ষক মহাপুৰুষ গুৰুজনাক কৰা এনে অৱমাননাৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনাইছিল।

বিষয়টোক লৈ দেওবাৰে মিৰ্জাস্থিত পতঞ্জলি যোগ প্ৰশিক্ষণ কেন্দ্ৰত পতঞ্জলি কৰ্তৃপক্ষৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চই এক অলোচনাত মিলিত হয়। এই আলোচনাৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চই কৰা দাবীত সেও মানি সমগ্ৰ অসমবাসীৰ ওচৰত এই বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰি অনাগত দিনত অসমৰ জাতীয়-জীৱনক আঘাত হনা কোনো কাৰ্য সংঘটিত হ’বলৈ নিদিয়ে বুলি মন্তব্য আগবঢ়ায়।

The post অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে পতঞ্জলি কৰ্তৃপক্ষই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NUm7cY
via IFTTT

Comments