ব্যতিক্ৰমী চালকে চাপানালাৰ টেম্প’ত লগালে ডাষ্টবিন

ডিজিটেল সংবাদ, নগাঁওঃ কেন্দ্ৰ চৰকাৰে স্বচ্ছতাৰ বাবে গ্ৰহণ কৰিছে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি। কিন্তু গ্ৰামাঞ্চলত একাংশ লোকে স্বচ্ছতাৰ বাবে গ্ৰহণ কৰিছে কিছু ব্যতিক্ৰমী পন্থা।
নগাঁৱৰ চাপানালাৰ জৈৱ বৈচিত্ৰ আৰু চাপানালাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ স্বাৰ্থত চাপানালাৰ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক ২০১৪ বৰ্ষৰ ৱাইল্ড এছিয়া চেঞ্চুৰী পুৰস্কাৰপ্ৰাপ্ত বিনোদ দুলু বৰাই চাপানালাৰ টেম্প’ চালক সন্থাৰ সহযোগত আৰম্ভ কৰিলে এই অভিনৱ পদক্ষেপ।
বহু ধন ব্যয়ৰে অৰ্ধশতাধিক বাঁহৰ ডাষ্টবিন তৈয়াৰ কৰি সংস্থাপন কৰে চাপানালাৰ পৰা নগাঁও চহৰ অভিমুখী যাত্ৰীবাহী টেম্প’সমূহত। যাত্ৰীসকলে যাত্ৰাপথত পেলনীয়া আবৰ্জনাসমূহ ডাষ্টবিনত নিক্ষেপ কৰিলে নিশ্চয় শীঘ্ৰে পৰ্যটনস্থলী চাপানালা পৰিস্কাৰ হৈ পৰাৰ উপৰিও জৈৱ বৈচিত্ৰ সুৰক্ষিত হোৱাৰ আশাবাদী দুলু বৰাৰ লগতে সমূহ টেম্প’ চালক। যাৰ বাবে এতিয়া চাপানালাৰ টেম্প’ কেইখনত কঢ়িয়াই লৈ ফুৰা হৈছে ভৱিষ্যতে নিকা পৰ্যটনস্থলী হোৱাৰ ধ্বজাবাহক স্বৰূপ এই ডাষ্টবিনসমূহ।
The post ব্যতিক্ৰমী চালকে চাপানালাৰ টেম্প’ত লগালে ডাষ্টবিন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zFKkLB
via IFTTT
Comments
Post a Comment