‘ষ্টেচু অব ইউনিটি’তকৈও ওখ আছিল পেটেল

♦ মৃদুল কুমাৰ সন্দিকৈ

আৰু এটা তাজমহল! কোনোৱে যদি ভাৰত নকৈ নিৰ্মাণ কৰে তেন্তে সেই তাজমহলে আগ্ৰাৰ তাজমহল দৰে ছাহজাহান আৰু মমতাজৰ প্ৰেমৰ স্মৃতি সুঁৱৰি কোনো লোকক আকৰ্ষণ কৰিব পাৰিব বুলি সন্দেহ আছে। বিশ্বৰ ভিতৰত ওখ কোনো এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলেই সেই মহান ব্যক্তিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে বুলি মানি ল’বলৈ টান লাগে।

দৰিদ্ৰৰ দেশ ভাৰত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত মুঠ জনসংখ্যাৰ ২২ শতাংশই এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। ১২০ কোটিৰো অধিক জনসংখ্যাৰ দেশ ভাৰত। এই দেশত সমস্যাৰ শেষ নাই। বিশ্বৰ ধনী ব্যক্তি যেনেকৈ এই দেশত আছে আটাইতকৈ বেছি দুখীয়া লোকে এই দেশতে বাস কৰে। তেনে এখন দেশত এটা প্ৰতিমূৰ্তি কোনো এজন ব্যক্তিক সন্মান জনাবলৈ নিৰ্মাণ কৰাৰ নামত প্ৰায় ২৯৮৯ কোটি টকা খৰছ কৰাতো মানি ল’ব পাৰি নে নোৱাৰি সেয়া প্ৰতিজন দেশবাসীয়ে নিজৰ বিবেকক সোধা উচিত।

চৰ্দাৰ বল্লভভাই পেটেল আছিল স্বাধীন ভাৰতৰ অন্যতম ৰূপকাৰ। মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ পন্থাত বিশ্বাসী পেটেলে গান্ধীৰ আদৰ্শ আৰু অনুকৰণৰে স্বাধীনতা আন্দোলনত যোগ দিছিল। কেবাবাৰো কাৰাবাস খাটিছিল এইগৰাকী নেতাই। ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মগ্ৰহণ কৰা পেটেল আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী আৰু উপ-প্ৰধানমন্ত্ৰী। ১৯৫০ চনৰ ১৫ ডিচেম্বৰত মৃত্যুবৰণ কৰা এইগৰাকী ৰাজনীতিবিদৰ দেশৰ প্ৰতি আছিল অপৰিসীম ভালপোৱা, দায়িত্ববোধ। তেওঁ এনে এখন দেশৰ কল্পনা কৰিছিল য’ত একতা থাকিব, দৰিদ্ৰতা নাথাকে আৰু সমৃদ্ধি আৰু প্ৰাচুৰ্যৰে ভৰপূৰ হ’ব।

মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ তুলনা কোনোবাই কৰিলেও সেয়া ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এক স্বাৰ্থবাজ কাৰবাৰ। এইটো ঠিক যে স্বাধীন ভাৰতৰ প্ৰতিষ্ঠাত যিসকলৰ হাত আছিল সেইসকলৰ ভিতৰত চৰ্দাৰ বল্লভভাই পেটেল অন্যতম। ইয়াৰো এক কাৰণ আছে। গৃহমন্ত্ৰী হিচাপে পেটেলে ১৯৪৮ আৰু ১৯৫০ চনত দুখন শ্বেতপত্ৰ সংসদত দাখিল কৰিছিল। য’ত ঐক্যৱদ্ধ ভাৰত নিৰ্মাণৰ কৃতিত্ব লিপিৱদ্ধ হৈছিল। সেই সময়ত ভাৰতৰ সৈতে ৰাজকীয় ৰাজ্যসমূহক চামিল বা সংযোগকৰণৰ প্ৰক্ৰিয়াত পেটেলক সহায় কৰিছিল লৰ্ড মাউণ্টবেটেন আৰু ভি পি মেননে।

পৰৱৰ্তী সময়ত বল্লভভাই পেটেলক যি কাৰণতে নহওক, শাসনত থকা সময়ত কংগ্ৰেছ চৰকাৰে দিবলগীয়া সন্মান দিয়াত কৃপণালি কৰাৰ অভিযোগ তুলি ইয়াক ৰাজনৈতিক সমীকৰণলৈ সলনি কৰি গান্ধীৰ বিপৰীতে পেটেলক নায়ক সজোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিলে এচামে। দেখাত পেটেলৰ সন্মান প্ৰদানৰ বাবেই এনে এক আন্দোলনৰ সূচনা কৰা হৈছে বুলি প্ৰচাৰ কৰিলেও আচলতে গান্ধী পৰিয়াল-নেহেৰুৰ বিৰুদ্ধে পেটেলক এক ৰাজনৈতিক পাক চক্ৰৰে কংগ্ৰেছৰ স্বজন প্ৰীতিৰ প্ৰতি খুব কৌশলৰে তেওঁক প্ৰতিমূৰ্তিৰ ৰূপত থিয় কৰাই দিলে।

গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তে এই কাম আৰম্ভ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। সেয়া আছিল ২০১০ চনৰ ৭ অক্টোবৰ। চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় একতা ন্যাস গঠনৰে বিশ্বৰ ভিতৰতে চৰ্দাৰ বল্লভভাই পেটেলৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে এক আন্দোলনৰ শুভাৰম্ভ কৰিছিল যাৰ নাম আছিল ষ্টেচু অব ইউনিটি মোভমেণ্ট। প্ৰায় ৩ মাহ ধৰি চলা এই আন্দোলনৰ সময়ত দেশজুৰি খেতিয়কসকলৰ পৰা বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ৫০০০ টন লোহা সংগ্ৰহ কৰা হৈছিল। অৱশ্যে এই সকলো লোহা এই প্ৰতিমূৰ্তিত ব্যৱহাৰ নহ’ল।

২০ হাজাৰ বৰ্গ মিটাৰ ক্ষেত্ৰত নৰ্মদা নৈৰ পাৰত নিৰ্মাণ কৰা ১৮২ মিটাৰ উচ্চতাৰ পেটেলৰ এই প্ৰতিমূৰ্তি প্ৰায় ৫৬ মাহৰ মূৰত নিৰ্মাণ সম্পূৰ্ণ হ’ল। ইয়াৰে ১৫ মাহ সময় প্ৰয়োজন হৈছিল প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে পৰিকল্পনা কৰাৰ নামত। ১৭ হাজাৰ টন ব্ৰঞ্জ, ১৮৫০ টন ব্ৰঞ্জ ক্লেডিং, ৭০ হাজাৰ মেট্ৰিক টন চিমেণ্ট, ১৮ হাজাৰ মেট্ৰিক টন ৰিইনফৰ্চমেণ্ট ষ্টীল আৰু ৬ হাজাৰ ৫০০ মেট্ৰিক টন ষ্ট্ৰাকছাৰেল ষ্টীল। মুঠ ২২ হাজাৰ বৰ্গ মিটাৰ ব্ৰঞ্জৰ প্লেটৰ প্ৰয়োজন হৈছিল এই প্ৰতিমূৰ্তিত। যিবোৰ ৱেল্ডিং কৰি জোৰা লগাবলগীয়া হৈছিল। ভাৰতীয় কোম্পানীয়ে এই কাম কৰিব নোৱৰাত চীনৰ ঝিয়াংজি টোকিন কোম্পানী চমুকৈ জেটিকিউক এই দায়িত্ব প্ৰদান কৰা হয়।

বিশ্বৰ ওখ প্ৰতিমূৰ্তিসমূহৰ ভিতৰত ‘ষ্টেচু অব ইউনিটি’ নিৰ্মাণ কৰাৰ পূৰ্বে প্ৰথম স্থানত আছিল চীনৰ স্প্ৰীং টেম্প’লত থকা বুদ্ধৰ প্ৰতিমূৰ্তি। ইয়াৰ উচ্চতা ১৫৩ মিটাৰ। সেইদৰে ষ্টেচু অব লিবাৰ্টিৰ উচ্চতা ৯৩ মিটাৰ। এইবোৰক অতিক্ৰম কৰি গ’ল ‘ষ্টেচু অব ইউনিটি’য়ে। যিজন লোকে দুখীয়া-দৰিদ্ৰ জনতাৰ কথা ভাবিছিল, সেইজন লোকৰ নামত প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত ইমান বৃহৎ ধনৰাশি ব্যয় কৰাৰ প্ৰয়োজন বা যুক্তি ক’ত। ‘ষ্টেচু অব লিবাৰ্টি’ চাবলৈ যোৱা লোকসকলে কেতিয়াও এই প্ৰতিমূৰ্তিটো কিমান ওখ তাক চাবলৈ নাযায়, অথচ চীনত থকা স্প্ৰীং টেম্প’লৰ বুদ্ধৰ প্ৰতিমূৰ্তি ‘ষ্টেচু অব লিবাৰ্টি’তকৈ বহু ওখ। কিন্তু এতিয়ালৈকে পৰ্যটনৰ দিশত ১০ গুৰুত্বপূৰ্ণ স্থান হিচাপে এইবোৰ সুউচ্চ প্ৰতিমূৰ্তিয়ে স্থান লাভ কৰা নাই। এয়া কেৱল আত্মসন্তুষ্টি আৰু অতি গোপনভাৱে কৰা ৰাজনীতি।

ভাৰত এখন বিভিন্ন ঐতিহ্যপূৰ্ণ মঠ-মন্দিৰ, কীৰ্তিস্তম্ভৰে ভৰপূৰ দেশ। তেনে বহু কীৰ্তিস্তম্ভ ধনৰ অভাৱত উপযুক্ত সংৰক্ষণ হোৱা নাই। পেটেলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি পৰ্যটনৰ নতুন যুগৰ শুভাৰম্ভ কৰিব খোজাসকলে সেই পুৰণি কীৰ্তিস্তম্ভবোৰৰ সংৰক্ষণৰ বাবেও এই ধন ব্যয় কৰাৰ সুযোগ আছিল। কিন্তু তাত ৰাজনীতি বা সস্তীয়া প্ৰচাৰ নাছিল বাবে সেইবোৰলৈ আজিও পিঠি দি থকা হৈছে।

আইফেল টাৱাৰ আৰু বুৰ্জ খলিফা দুয়োটাই ওখ টাৱাৰ। আইফেলতকৈ ডুবাইত থকা বুৰ্জ খলিফা ওখ। কিন্তু বছৰি ৭০ লাখ পৰ্যটক যায় কেৱল আইফেল টাৱাৰ চাবলৈ। বিপৰীতে ডুবাইৰ বুৰ্জ খলিফা চাবলৈ বছৰি যায় মাত্ৰ ২০ লাখ পৰ্যটক। গতিকে ওখ হ’ল বুলিয়েই পৰ্যটনৰ দিশত ‘ষ্টেচু অব ইউনিটি’য়ে বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিব বুলি সন্দেহ ৰৈ যায়। আৰ্কিঅলজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ অধীনত ৩৬ হাজাৰতকৈ কীৰ্তিস্তম্ভ আৰু ঐতিহ্যমণ্ডিত স্থান আছে। ইয়াৰে ৩৬টাই বিশ্ব ঐতিহ্যক্ষেত্ৰ। এইসমূহ কীৰ্তিস্তম্ভকে চৰকাৰে সংৰক্ষণ কৰিব নোৱাৰি বেচৰকাৰী খণ্ডৰ হাতত গতাই দিছিল।

সেই বাস্তৱৰ মাজতে ‘ষ্টেচু অব ইউনিটি’ মুকলি কৰি কোনোৱে বাহ বাহ ল’লেও এই কথা পাহৰি গ’লে নহ’ব যে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ বিৰু্দেধ গণ আন্দোলন গঢ়ি উঠিছিল। হাজাৰ হাজাৰ জনগোষ্ঠীয় লোকক তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰি খেদি পঠিওৱা হৈছিল। মেক ইন ইণ্ডিয়াৰ কথা কোৱাসকলে চীনৰ সহায় লৈ এনে এক কাম সমাধান কৰি সস্তীয়া সন্তুষ্টিত গদগদহৈ আচলতে দৰিদ্ৰজনৰ হৈ কাম কৰা এই নেতাজনক সন্মান প্ৰদৰ্শন কৰিলে নে অসন্মান প্ৰদৰ্শন কৰিলে সেয়া অতি সূক্ষ্মভাৱে বিচাৰ কৰি চাবলগীয়া।

১৯৯০ চনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন টি ৰামাৰাৱে এক সপোন দেখিছিল। হুছেইন সাগৰ লেকত নিৰ্মাণ কৰিব ৪৪০ টন ওজনৰ গ্ৰেনাইটৰ এটা বুদ্ধৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব। এই সপোন তেওঁ দেখিছিল নিউয়ৰ্কৰ ‘ষ্টেচু অব লিবাৰ্টি’ক অনুকৰণ কৰি। কিন্তু সেই সপোন তেওঁৰ পূৰণ নহ’ল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও একেই সপোন দেখিছিল। ৰাজা ভোজৰ ওখ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব। এনে সপোন বহুতেই দেখে। কিন্তু তাৰ আঁৰত সেই লোকজনক সন্মান প্ৰদান কৰাতকৈ আন কিছুমান স্বাৰ্থ লুকাই থাকে।

অসমতো তেনে সপোন দেখিয়েই ব্ৰহ্মপুত্ৰ বুকুত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিল। জাতীয় বীৰজনৰ প্ৰতি সেয়া সন্মান বুলি ঘোষণা কৰিছিল সেই সময়ত শাসনত থকা তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে। কিন্তু এতিয়া সেই স্থানত নিশা আলোকসজ্জাৰ কোনো ব্যৱস্থা নাই। বাহিৰৰ পৰা অহাজনে নাজানে কাৰ প্ৰতিমূৰ্তি? ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হোৱাৰ পিছত এলাগী হৈ পৰে এইবোৰ কাম।

এইটো ঠিক বল্লভভাই পেটেলক উপযুক্ত সন্মান দিয়াতো প্ৰতিখন চৰকাৰ আৰু দেশবাসীৰ দায়িত্ব। প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ লৈ কাৰ্যালয়লৈ
প্ৰথমবাৰ যোৱাৰ সময়ত অটল বিহাৰী বাজপেয়ী যোৱাৰ পূৰ্বেই কাৰ্যালয়ত পূৰ্বতে থকা নেহেৰুৰ ফটো আঁতৰোৱা হৈছিল। সেই কথা গম পাই পূৰ্বৰ স্থানত আনি নেহেৰুৰ ফটো আঁৰিবলৈ নিৰ্দেশ দিছিল বাজপেয়ীয়ে। এয়াই সন্মান। কাৰোবাক সন্মান জনাবলৈ কোনোবাই পূৰ্বতে কৰা ভুলবোৰৰ দৰে কাৰোবাৰ নামত কলেজ, কাৰোবাৰ নামত আঁচনি, কাৰোবাৰ নামত ষ্টেডিয়াম নামাকৰণ কৰিব নালাগে। যি পৰম্পৰা কংগ্ৰেছে কৰিছিল সেই পৰম্পৰাকে তেওঁলোকে আনে পূৰ্বতে কৰা বুলি যুক্তি দি কৰিলে সেয়া ভুলৰে পুনৰাবৃত্তি হয়।

গৃহমন্ত্ৰী হৈ থকা সময়ত পেটেলে এদিন নিষিদ্ধ কৰিছিল আৰএছএছক আৰু এতিয়া তেনে এচাম লোকৰ পৃষ্ঠপোষকতাতে পেটেলৰ বন্দনা! পেটেলৰ বিশ্বৰ সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ঘোষণা কৰিছে- ‘চাওক আমি কি কৰিছো পেটেলৰ বাবে….। নিৰ্মাণ কৰিছো তেওঁৰ সুউচ্চ প্ৰতিমূৰ্তি।’ কিন্তু সত্য কথাটো হ’ল এই প্ৰতিমূৰ্তিতকৈ তেওঁ বহু ওখ। তেওঁৰ ব্যক্তিত্ব, ৰাজনৈতিক বিচক্ষণতা আপোনালোকতকৈ হাজাৰ গুণ অধিক। আপোনালোকে দৰিদ্ৰ জনতাৰ ধন ব্যয় কৰি এই প্ৰতিমূৰ্তি নিৰ্মাণ নকৰা হ’লেও তেওঁ বাওনা হৈ নগ’লহেতেন।

The post ‘ষ্টেচু অব ইউনিটি’তকৈও ওখ আছিল পেটেল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://www.asomiyapratidin.in/patel-is-more-and-more-taller-than-the-statue-of-unity/
via IFTTT

Comments