অনলাইনত মাছ পাছলি বজাৰ কৰাৰ সুবিধা পাব যোৰহাটবাসীয়ে, উপলব্ধ হব ইলেকট্ৰিচিয়ান প্লাম্বাৰঃ মন্ত্ৰীয়ে উন্মোচন কৰিলে মোবাইল এপ
গণবাৰ্তা বিশেষ, যোৰহাটঃ যোৰহাট বাসীৰ বাবে সুখবৰ। ডিজিটেল ইণ্ডিয়াৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনে প্ৰস্তুত কৰিছে এটা মোবাইল এপ। সম্প্ৰতি অধিক জনপ্ৰিয় হোৱা অনলাইন বজাৰৰ দৰেই এতিয়াৰ পৰা যোৰহাটবাসীয়ে মোবাইলৰ জড়িয়তে লাভ কৰিব কেতবোৰ বিশেষ সুবিধা। সততে প্ৰতিটো পৰিয়ালত সঘনাই প্ৰয়োজন হোৱা এজন ইলেকট্ৰিচিয়ান অথবা এজন প্লাম্বাৰৰ বাবে এতিয়াৰ পৰা হাবাথুৰি খাব লগীয়া নহয়। কাৰণ নতুন মোবাইল এপৰ জড়িয়তে অতি সহজে ইলেকট্ৰিচিয়ান বা প্লাম্বাৰৰ ফোন নম্বৰ সংগ্ৰহ কৰি যোগাযোগ কৰিব পাৰিব। ৩০ অক্টোবৰ মঙ্গলবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত যোৰহাট ইঞ্জিনিয়াৰিঙ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিওৱা মোবাইল এপ ‘থলুৱা’ উন্মোচন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পল্লৱ লোচন দাসে।
উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা ইলেকট্ৰিচিয়ান আৰু প্লাম্বাৰৰ প্ৰশিক্ষণত প্ৰশিক্ষণ প্ৰাপ্ত সকলৰ নাম ইতিমধ্যে এই এপত ভৰোৱা হৈছে। মোবাইলৰ প্লে ষ্টৰত গৈ ইংৰাজীত থলুৱা শব্দ টাইপ কৰি এপটো ডাউনলড কৰি সকলোৱে এই এপৰ সুবিধা গ্ৰহন কৰিব পাৰিব। এই এপটো উন্মোচন কৰি মন্ত্ৰী পল্লৱ লোচন দাসে কয় যে এইটো এটা অতি সময়োপযোগী পদক্ষেপ। ইয়াৰ পৰা ৰাইজে সুবিধা পাব। আনহাতে জিলাখনৰ খেতিয়ক সকলৰ লগতো ইতিমধ্যে আলোচনা কৰা হৈছে আৰু আগন্তুক দিনত খেতিয়ক সকলক উন্নত মানৰ শস্য শাক পাছলি উৎপাদনৰ বাবে আহ্বান জনোৱা হৈছে। কৃষক উৎপাদিত সামগ্ৰীও এই এপত উপলব্ধ হব। বৰ্তমান সমগ্ৰ বিশ্ব এটা মোবাইল ফোনত সোমাই পৰিছে বুলি মন্তব্য কৰি মন্ত্ৰী জনে কয় এই এপটোৱে এখন বজাৰ সৃষ্টি কৰিব।
আনহাতে জিলা উপায়ুক্ত নাৰায়ন কোৱৰে জনোৱা মতে ইতিমধ্যে ১৯ জন প্ৰশিক্ষণ প্ৰাপ্ত ইলেকট্ৰিচিয়ান আৰু ২১ জন প্ৰশিক্ষণ প্ৰাপ্ত প্লাম্বাৰৰ নাম মোবাইল নম্বৰ এই এপত অন্তৰ্ভুক্ত কৰা হৈছে। জিলা খনত কেইবাটাও ক্লাষ্টাৰ ডেভলপ কৰা হৈছে। এপত গৈ এজন ব্যক্তিয়ে যিকোনো সুবিধা লব বিছাৰিলে তেওক সমীপৱৰ্তী ক্লাষ্টাৰৰ পৰা সহায় কৰা হব। সতেজ শাক পাছলি, থলুৱা মাছৰ লগতে গামোচাৰ, বোৱা কাপোৰৰ বাবে এপত ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰি উপায়ুক্ত জনে কয় যে ইতিমধ্যে শিপিনীৰ লগত যোগাযোগ কৰা হৈছে। চৰকাৰৰ ১০০ শতাংশ বিজুলী যোগান আচনিৰ পিছতে ইলেকট্ৰিচিয়ানৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এই এপৰ জড়িয়তে অনলাইন বজাৰৰ সৃষ্টি কৰিব পৰা যাব। ঘৰতে বহি বজাৰ কৰাৰ যি ব্যৱস্থা গঢ় লৈ উঠিছে সেই সময়ত এই এপে সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাব। এই এপৰ বাবে যোৰহাট ইঞ্জিনিয়াৰিঙ কলেজৰ চি এ এচ ই বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰূপম বৰুৱাক জিলা প্ৰশাসনৰ তৰফৰ পৰা যোগাযোগ কৰা পিছত বিভাগৰ সপ্তম সন্মাষিকৰ ইমদাদ হুচেইন মহম্মদ, দেৱজিৎ ভৰালী, ৰিশ্বভ শৰ্মা, পুনম বৰদলৈ, পল্লৱী বৰাই এই এপটো ডিজাইন কৰি উলিয়াইছে। এই এপটো উন্মোচনৰ পিছতে এতিয়া যোৰহাটত আৰম্ভ হ’ব এক নতুন যুগৰ।
The post অনলাইনত মাছ পাছলি বজাৰ কৰাৰ সুবিধা পাব যোৰহাটবাসীয়ে, উপলব্ধ হব ইলেকট্ৰিচিয়ান প্লাম্বাৰঃ মন্ত্ৰীয়ে উন্মোচন কৰিলে মোবাইল এপ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2zdSQ2Q
via IFTTT
Comments
Post a Comment