নগাঁৱত উত্তৰ পূৱ শিশু গ্ৰন্থমেলা, ‘গ্ৰন্থ অধ্যয়নৰ এক সুস্থ পৰিৱেশ গঢ়ি উঠিছে নগাঁৱত’

ডিজিটেল সংবাদ, নগাঁওঃ বুধবাৰৰ পৰা ৮ দিনীয়াকা উত্তৰ পূৱ গ্ৰন্থ শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যেগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰম্ভ হৈছে ষষ্ঠ সংক্যক উত্তৰ পূৱ শিশু গ্ৰন্থমেলা-২০১৮। পুৱা গ্ৰন্থমেলাৰ পতাতা উত্তোলনেৰে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ সুভাৰম্ভ কৰে গ্ৰন্থমেলা উদযাপন সমতিৰ কাৰ্যকৰী সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। পতাকা উত্তোলন কৰি নগাঁৱত গ্ৰন্থমেলাৰ ইতিহাস আছে বুলি মন্তব্য কৰে বিধায়কজনে।
উল্লেখ্য যে, অসমত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল নগাঁৱত। নগাঁৱৰ বিধায়কগৰাকীয়ে জিলাখনত গ্ৰন্থ অধ্যয়নৰ এক সুষ্ট পৰিৱেশ আছে বুলি মন্তব্য কৰি কয় যে, নগাঁৱৰ গ্ৰন্থমেলাত কবি, সাহিত্যিক, লিখক আৰু পঢ়ুৱৈৰ সমাগম মন কৰিবলগীয়া। গ্ৰন্থমেলাখনৰ শ্বহীদ তৰ্পণ মুকলি কৰে গ্ৰন্থমেলাৰ উপ সভাপতি তথা সাংবাদিক কনক হাজৰিকাই।
বিয়লি গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰি দিয়া ভাষণত নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে নগাঁও এখন ঐতিহ্যপূৰ্ণ আৰু সংস্কৃতিবান চহৰ বুলি মন্তব্য কৰে। লগতে কয়, কলঙৰ বাকৰি নেহৰু বালিত আৰম্ভ হোৱা উত্তৰ পূৱ শিশু গ্ৰন্থমেলাই সকলোকে গ্ৰন্থৰ সুৱাস বিলাব। ইফালে সন্ধিয়া অংশ লোৱা গ্ৰন্থ বিপনীৰ লগত জড়িত গ্ৰন্থ বান্ধৱ সকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে অসমৰ লগতে বহিঃৰাজ্যৰ বহু গ্ৰন্থ বিপনী আৰু প্ৰকাশন পৰিষদে অংশগ্ৰহণ কৰিছে এই গ্ৰন্থমেলাত। বৃহস্পতিবাৰে পুৱা ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যেগত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ইয়াৰ লগতে বৃহস্পতিবাৰে অন্যান্য বহু কেইটা অনুষ্ঠান হ’ব বুলি জানিবলৈ দিয়ে উদ্যেক্তাসকলে।
The post নগাঁৱত উত্তৰ পূৱ শিশু গ্ৰন্থমেলা, ‘গ্ৰন্থ অধ্যয়নৰ এক সুস্থ পৰিৱেশ গঢ়ি উঠিছে নগাঁৱত’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DeQHZ0
via IFTTT
Comments
Post a Comment