গৌতম ৰয়ৰ সোঁহাত অভিযন্তাই ৰিহণক দুয়োহাতত লৈ নচুৱাইছে জনস্বাস্থ্যক

ডিজিটেল সংবাদ, গুৱাহাটীঃ কংগ্ৰেছ আমোলত গৌতম ৰয়ৰ সোহাতস্বৰূপ হৈ পৰা গৌতম পালে কিদৰে পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমান বিজেপি চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীক দুয়োহাতৰ মুঠিত লৈ বিভাগটোৰ চাৰিটাকৈ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হৈছিল আৰু ইয়াকে লৈ বিভাগটোত যোৱা কেবাটাও মাহত কেনে অসন্তুষ্টি বিৰাজ কৰিছিল সেই কথা সৰ্বজনবিদিত।

কিন্তু ৰাজনৈতিক ক্ষমতাৰে বলীয়ান গৌতম পালে এনে ক্ৰিয়া-প্ৰতিক্ৰিয়া একোলৈকে কেৰেপ নকৰি বিভাগটোৰ সচিব সিদ্ধাৰ্থ সিঙৰ সহযোগত অৱসৰৰ পিছতো যাতে তেওঁৰ গাদী নলৰে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ধনৱান এইগৰাকী অভিযন্তাৰ দুয়োহাতত বন্দী মন্ত্ৰীয়ে চকু মুদি ইয়াত অনুমোদন জনাইছিল যদিও ‘অসমীয়া প্ৰতিদিন’ত সমস্ত পৰিকল্পনা ফাদিল হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি অহা ৩১ অক্টোবৰত অৱসৰ ল’বলগীয়া বিষয়াজনৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাব নাকচ কৰে।

পিছে মুখ্যমন্ত্ৰীৰ এনে স্থিতিক অংগুষ্ঠ প্ৰদৰ্শনৰে শেহতীয়াকৈ বিভাগীয় মন্ত্ৰী আৰু সচিবৰ সহযোগত এইগৰাকী গৌতম পালে সম্পূৰ্ণ সুকীয়া পদ্ধতিৰে অহা নিশাটোৰ ভিতৰতে নতুন এক নিৰ্দেশনাৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সাম্প্ৰতিক সময়ৰ সবাতোকৈ বিত্তশালী আৰু গুৰুত্বপূৰ্ণ শাখাৰূপে পৰিগণিত ৱাটাৰ এণ্ড ছেনিটেশ্যন ছাপৰ্ট (ডব্লিউ এছ এছ)ৰ সঞ্চালক হিচাপে ঠিকাভিত্তিক নিযুক্তিৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখ্য যে ৩১ অক্টোবৰত গৌতম পালৰ কাৰ্যকাল অন্ত পৰিব আৰু তাৰ প্ৰাকক্ষণত কাইলৈ নিশাৰ ভাগত অথবা পৰহিলৈ এইগৰাকী মহামহিমক বিত্তশালী বিভাগটোৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ’ব।

এইক্ষেত্ৰত আশ্বৰ্যজনক কথাটো হ’ল, যি সময়ত কেন্দ্ৰ চৰকাৰে অনাময় আৰু স্বচ্ছ ভাৰত মিশ্যনক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে সেই সময়তো বহু দক্ষ আৰু ডেকা অভিযন্তা থকাৰ পিছতো এইগৰাকী গৌতম পালক কেৱল কমিছন লাভৰ প্ৰয়োজনতে ইতিপূৰ্বেও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চাৰিটাকৈ পদবীত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুবিধা প্ৰদান কৰাই নহয়, ৩১ অক্টোবৰত অৱসৰ গ্ৰহণৰ পিছতো আন এটা বছৰলৈ তেওঁৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল।

কিন্তু, চৰকাৰৰ নীতি আৰু চাকৰি বিধিৰ পৰিপন্থী এনে পৰিকল্পনা আগতীয়াকৈ ফাদিল হৈ পৰাত মুখ্যমন্ত্ৰীয়ে এনে প্ৰস্তাৱ নাকচ কৰে যদিও সিদ্ধাৰ্থ সিং নামৰ সচিবগৰাকীৰ নতুন পৰিকল্পনামতে এইবাৰ তেওঁক এবছৰলৈ ঠিকাভিত্তিক নিযুক্তি দি আন পদবীবোৰৰ দায়িত্বও পৰ্যায়ক্ৰমে গতাই দিয়াৰ পৰিকল্পনা কৰা হৈছে। কেৱল ধনৰ বাবেই যে এনেদৰে চৰকাৰী বিধি-বিধান জলাঞ্জলি দিয়া হৈছে সেয়া মুখ্যমন্ত্ৰীয়ে জানে নে নাই সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই যদিও এনে পৰিকল্পনাৰ প্ৰতি তেওঁৰ অনুমোদন আছে নেকি সেয়া অহা এনিশাৰ ভিতৰতে স্পষ্ট হৈ পৰিব।

তাৎপৰ্যপূৰ্ণ যে, বৰ্তমানলৈকে ডব্লিউ এছ এছৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্বত তেওঁ আছিল যদিও অৱসৰৰ লগে লগে সেই পদো এৰিব লগা অভিযন্তাগৰাকীৰ নাম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৱেবছাইটত আজিয়েই শাখাটোৰ সঞ্চালক হিচাপে লিপিৱদ্ধ কৰা হৈছে।

The post গৌতম ৰয়ৰ সোঁহাত অভিযন্তাই ৰিহণক দুয়োহাতত লৈ নচুৱাইছে জনস্বাস্থ্যক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PxkvWy
via IFTTT

Comments