বৰপেটাৰ পহুমাৰা নদীত বাঁহৰ ভূৰৰ পৰা পৰি যুৱকৰ সলিল সমাধিঃ এছডিআৰএফেও উদ্ধাৰ কৰিব পৰা নাই মৃতদেহ

ছাহেদ আলী আহমেদ, কয়াকুছিঃ বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত সৰুক্ষেত্ৰী গাঁৱত পহুমাৰা নৈৰে বাঁহৰ ভূৰ লৈ কয়াকুছি লৈ আহি থকা অৱস্থাত এগৰাকী যুৱক কালি সন্ধিয়া পৰত পানীত বাগৰি পৰে আৰু ডুব গৈ সলিল সমাধি ঘটাত অঞ্চল ব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে, বৰপেটা জিলাৰ কঠালমুৰী ঘাট গাঁৱৰ ৩৫ বছৰ বয়সীয়া প্ৰাণজিত কলিতা নামৰ যুৱক গৰাকী পহুমাৰা নদীৰে বাঁহৰ ভূৰ লৈ কয়াকুছি লৈ আহি থকা অৱস্থাত হঠাৎ পানীত বাগৰি পৰি যায়। সেই সময়ত নদীত বৰশী বাই থকা মনিৰুল ইছলাম নামৰ স্থানীয় এগৰাকী লোকে ঘটনাটো প্ৰত্যেক্ষ কৰি চিঞৰ-বাখৰ কৰাত গাঁৱৰ কিছু লোকে পানীত সাতুৰি বিচাৰে যদিও যুৱক গৰাকীৰ মৃতদেহৰ সন্ধান নহ’ল। আজি পুৱাৰ ভাগত বৰপেটাৰ এছ ডি আৰ এফৰ ডুবাৰু দলে অভিযান চলাই আছে যদিও বাতৰি যুগুতোৱা পৰলৈকে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাস্থলীত সম্প্ৰতি কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত হালৈৰ নেতৃত্বত এটি আৰক্ষীৰ দল উপস্থিত হৈছে।

The post বৰপেটাৰ পহুমাৰা নদীত বাঁহৰ ভূৰৰ পৰা পৰি যুৱকৰ সলিল সমাধিঃ এছডিআৰএফেও উদ্ধাৰ কৰিব পৰা নাই মৃতদেহ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2Dchp4L
via IFTTT

Comments