পালক বিদায় দি লুণ্ঠনৰ নতুন অংক… ৰিহণৰ জনস্বাস্থ্যত এইবোৰ চলিছে কি?

ডিজিটেল সংবাদ, গুৱাহাটীঃ জনস্বাস্থ্য কাৰিকৰী বিভাগত যেন জ্যেষ্ঠ অভিযন্তাৰ বৃহৎ অভাৱে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইবাবেই যেন একেজন জ্যেষ্ঠ অভিযন্তাক তিনি-চাৰিটাকৈ গুৰুত্বপূৰ্ণ পদবী গতোৱাতে ক্ষান্ত নাথাকি অৱসৰ গ্ৰহণৰ পিছতো গৌতম পাল নামৰ অভিযন্তাগৰাকীক প্ৰথমে কাৰ্যকাল বৃদ্ধিৰ চেষ্টা কৰি সেয়া বিফল হোৱাত ঠিকাভিত্তিক নিযুক্তিৰ বিকল্প পথ অৱলম্বন কৰা হৈছিল।
এয়া বিভাগটোৰ স্বাস্থ্যৰ বাবে নহয়, মন্ত্ৰী ৰিহণ দৈমাৰী আৰু অকাৰিকৰী আমোলা সিদ্ধাৰ্থ সিঙৰ মন্ত্ৰণা আৰু একাংশ ঠিকাদাৰৰ স্বাৰ্থতে বিধি-বৰ্হিভূতভাৱে গৌতম পালক বৃহৎ বিভাগটোৰ শাখা-প্ৰশাখাৰ সকলো দায়িত্ব গতাই দিব বিচৰা হৈছিল। কিন্তু ‘অসমীয়া প্ৰতিদিন’ৰ ধাৰাবাহিক বাতৰিত পদে পদে উজুটি খোৱা চৰকাৰে প্ৰথমে গৌতম পালৰ কাৰ্যকাল বৃদ্ধিৰ অবৈধ প্ৰস্তাৱ বাতিল কৰাৰ পিছত আজি ডব্লিউ এছ এছত ঠিকাভিত্তিক নিযুক্তিৰ পৰিকল্পনাও বাতিল কৰিবলৈ বাধ্য হয়।
পিছে সহজতে হাৰমনা বিধৰ নহয় জনস্বাস্থ্য কাৰিকৰী বিভাগত সুদীৰ্ঘ কাল খোপনি পুতি থকা লুণ্ঠনকাৰী চক্ৰ। এই চক্ৰৰ পৰিকল্পনামতেই বিভাগীয় মন্ত্ৰী আৰু সচিবৰ সহযোগত আজি জনস্বাস্থ্য বিভাগত অদক্ষ আৰু সোৰোপা অভিযন্তাৰূপেই চিহ্নিত হোৱা কনিষ্ঠ কাৰিকৰী বিষয়া লৰেন্স ইংতিক অতিৰিক্তভাৱে ৱাটাৰ চেনিটেশ্যন ছাপৰ্ট (ডব্লিউ এছ এছ)ৰ সঞ্চালকৰ দায়িত্ব চমজাই দিয়া হয়। উল্লেখ্য যে মুখ্য কাৰ্যালত অতিৰিক্ত মুখ্য অভিযন্তাৰূপে কাৰ্যনিৰ্বাহ কৰা লৰেন্স ইংতিয়ে পূৰ্বে পাৰ্বত্য ভূমি কাৰ্বি আংলঙত কাৰ্যনিৰ্বাহ কৰিছিল যদিও এক দশকৰো অধিক কাল গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি আছিল।
শেহতীয়াকৈ মুখ্য কাৰ্যালয়ৰ অতিৰ্কত অভিযন্তা পদৰ পৰা তেওঁক জনস্বাস্থ্যৰ ছেনিটেছন শাখাৰ মুখ্য অভিযন্তাৰ পদ গতাই দিয়াৰ লগতে ডব্লিউ এছ এছৰ সঞ্চালক আৰু নামনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাৰ পদকেইটাও গতাই দিয়া হয়। আচৰিত কথা এয়ে যে যি সময়ত কেন্দ্ৰীয় চৰকাৰে বিশুদ্ধ খোৱাপানী, অনাময়, আৰু স্বচ্ছতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে তেনে সময়তে অসমত বিজেপিৰে চৰকাৰ থকা অৱস্থাত অতিকে গুৰুত্বপূৰ্ণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চাৰিটাকৈ পদক লৈ এনেদৰে চৰকাৰে লুণ্ঠনকাৰী ঠিকাদাৰৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি হেতালি খেলিছে।
যাৰবাবে প্ৰথমে গৌতম পালক এটাৰ পিছত আন এটাকৈ পদ গতাই দিয়া কাৰ্যৰ আঁৰৰ উদ্দেশ্য ‘অসমীয়া প্ৰতিদিনে’ ফাদিল কৰি দিয়া পৰিপ্ৰেক্ষিতত যদিও তেওঁক পদবী গতোৱাৰ দুটাকৈ পৰিকল্পনা বাঞ্চাল হয় তথাপি চতুৰ ঠিকাদাৰ গোষ্ঠীৰ চক্ৰান্তমৰ্মে মন্ত্ৰী-সচিবৰ সহযোগত আন এগৰাকী ব্যক্তিক গৌতম পালক গতাব বিচৰা সমুদায় পদত অধিষ্ঠিত কৰা হয়। ইয়াৰ আঁৰৰ মূল উদ্দেশ্যই হ’ল স্বচ্ছতা আৰু অনাময়ৰ নামত কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া বৃহৎ পুঁজি আঁচনি ৰূপায়ণ অবিহনে এচাম ঠিকাদাৰ আৰু আমোলাই মিলি হজম কৰা। য’ত বিভাগীয় মন্ত্ৰীগৰাকীৰ সহযোগিতালৈও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
ইফালে লৰেন্স ইংতিৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো গুৰুতৰ অভিযোগ নাথাকিলেও কৰ্মদক্ষতাক লৈ সকলোৱে সন্দিহান। তালৈ চাই লুণ্ঠনকাৰী চক্ৰৰ সহজ হোৱাকৈ সোৰোপা আৰু হোজা ব্যক্তি এগৰাকীক বিভাগটোৰ গুৰুত্বপূৰ্ণ পদ গতাই দিয়া হৈছে বুলি চৰ্চা চলিছে। আনহাতে বিভাগটোত এজনেই চাৰিটাকৈ উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰিবলগীয়া পৰিস্থিতি কিয় হৈছে বুলি প্ৰশ্ন উত্থাপন হৈছে। এনে বহু প্ৰশ্নৰ উত্তৰ বিভাগীয় মন্ত্ৰী নহয়, খোদ মুখ্যমন্ত্ৰীয়েহে দিব পাৰিব বুলিও ভিন্নমহলে মন্তব্য কৰা দেখা গৈছে।
The post পালক বিদায় দি লুণ্ঠনৰ নতুন অংক… ৰিহণৰ জনস্বাস্থ্যত এইবোৰ চলিছে কি? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SzOlbJ
via IFTTT
Comments
Post a Comment