নাতিনীয়েকক ওমলাই নহয়, যৌন নিৰ্যাতন চলাই ৰঙাঘৰলৈ গ’ল ককাক

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত সংঘটিত এক জঘন্য কাণ্ডই সভ্য সমাজক লজ্জানত কৰি তুলিছে। এগকাৰী ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে কিশোৰীগৰাকীৰ ৫২ বছৰীয়া ককাকক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত চেপন শলগুৰি লাইপ্লেং গাঁৱৰ প্ৰকাশ মহন নামৰ লম্পট ব্যক্তিজনে নিজৰ কণমানি নাতিয়েকক ঘৰত অকলে পাই যৌন কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা কৰে। কিন্তু সেই সময়ত সৌভাগ্যক্ৰমে কিশোৰীগৰাকীৰ খুৰীয়েক সেই স্থানত উপস্থিত কিশোৰীগৰাকীক উদ্ধাৰ কৰে।
ইফালে কিশোৰীগৰাকীৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত মৰাণহাট আৰক্ষীয়ে প্ৰকাশ মহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি লম্পটজনক গ্ৰেপ্তাৰ কৰে।
The post নাতিনীয়েকক ওমলাই নহয়, যৌন নিৰ্যাতন চলাই ৰঙাঘৰলৈ গ’ল ককাক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qiqnVv
via IFTTT
Comments
Post a Comment