আমনিত এখন বাইকতে ৪জন লোক, দুৰ্ঘটনাত ২জনৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ চামগুৰিৰ আমনিত বুধবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহয় হয় দুজনকৈ লোক।
প্ৰাপ্ত বাতৰি মতে, ৪জনকৈ যুৱকে এখন বাইকতে উঠি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল। সেই সময়তে এখন তীব্ৰবেগী ট্ৰাকে বাইকখনক মহতিয়াই নিয়ে।
ফলত বাইকখনত অহা দুজনকৈ লোকৰ থিতাতে মৃত্যু ঘটে। নিহত লোক দুজন হ’ল কলিয়াবৰৰ মিছাৰ ডিপু লোহাৰ আৰু মাৰিছ ওৰাঙ।
দুৰ্ঘটনাটোত আন দুজন লোক আহত হয়। আহত লোক দুজন বিষু লোহাৰ আৰু ৰাহুল ওৰাঙ। আহত লোক দুজনক জখলাবন্ধা এফ আৰ ইউ লৈ প্ৰেৰণ কৰা হৈছে।
⇒পঢ়িবলৈ ফটোত Click কৰক
‘মৃত্যু’ক বন্দী কেমেৰাত! চাওক VIDEO
দুৰ্ঘটনাটোত পতিত চাৰিওজন লোক একেখন বাইকত অহাৰ কথা প্ৰকাশ কৰিছে আহত লোক দুজনে। ‘আমি এখন বাইকতে ৪ জন উঠি লাহে লাহে আহি আছিলো। তেনেতে ট্ৰাক এখনে আমাক খুন্দা মাৰি তাৰ পৰা উধাও হয়।’-এইদৰে কয় আহত এজন লোকে।
The post আমনিত এখন বাইকতে ৪জন লোক, দুৰ্ঘটনাত ২জনৰ কৰুণ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RpeSqY
via IFTTT
Comments
Post a Comment