চানমাৰিত ৯ নৱেম্বৰৰ পৰা উত্তৰ-পূৱ গ্ৰন্থমেলা
ডিজিটেল ডেস্ক, গুৱাহাটীঃ সদৌ অসম পুথি প্ৰকাশ আৰু বিক্ৰেতা সন্থাই আয়োজন কৰা ২০ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা অহা ৯ৰ পৰা ২০ নৱেম্বৰলৈ গুৱাহাটী চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ ৯ নৱেম্বৰৰ বিয়লি ৩ বজাত বিশিষ্ট য়েছে দৰজি ঠংচিয়ে গ্ৰন্থমেলাৰ শুভ উদ্ধোধন কৰিব৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে এই কথা সদৰি কৰে৷ এইবাৰৰ গ্ৰন্থমেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দিল্লী, মুম্বাই আৰু গুজৰাটৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব৷ ইয়াৰোপৰি বাংলাদেশৰ তিনিটা প্ৰকাশন গোষ্ঠীয়ে অংশ ল’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই বিপনীৰ বাবে আবেদন কৰা প্ৰকাশক তথা ব্যৱসায়ী গোষ্ঠাসমূহক লটাৰীৰ জৰিয়তে বিপনীসমূহ আবন্টন দিয়ে৷ এই লটাৰী অনুষ্ঠান বিশিষ্ট অধিবক্তা সত্যেন্দ্ৰ প্ৰকাশ ডেকা, বিমল কুমাৰ হাজৰিকা, শিক্ষাবিদ ডঃ ঘনশ্যাম নাথ, ডাঃ লোকেন্দ্ৰ প্ৰাসাদ ডেকাকে ধৰি বহুকেইগৰাকী সদস্য উপস্থিত থাকে৷ অহা ১ নৱেম্বৰৰ দিনৰ ১১ বজাত উত্তৰ-পূৱ গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰা হ’ব৷
The post চানমাৰিত ৯ নৱেম্বৰৰ পৰা উত্তৰ-পূৱ গ্ৰন্থমেলা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2Rp3Lho
via IFTTT
Comments
Post a Comment