মহানগৰীত আমছুৰ ১০০১ গছি বন্তি প্ৰজ্বলনঃ অভিশাপ্ত ৩০/১০ কাণ্ডৰ দহ বছৰ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ অভিশাপ্ত ৩০ অক্টোবৰৰ  সেই ভিভিষিকাময় ঘটনাৰ ১০ বছৰ। এন ডি এফ বি ৰঞ্জন দৈমৰাৰীৰ গোটে চলোৱা ধাৰাবাহিক গণহত্যাযজ্ঞৰ স্মৃতি আজি সোঁৱৰী সকলোৱে উচুপি উঠিল। ৩০/১০ সেই ভয়াবহ দিনটোত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতৰ আত্মাৰ সদগতি কামনা কৰি আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ’ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমছুৰ মহানগৰ জিলা সমিতিয়ে আজি সন্ধিয়াৰ ভাগত মহানগৰ ৰাজধানী মছজিদৰ সমীপত এন ডি এফ বিৰ নৰসংহাৰত অকাল মৃত্যুক সাৱটি লোৱা লোকসকলৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি ১০০১ গছি বন্তি প্ৰজ্বলন কৰে। নিহতৰ আত্মাৰ চিৰশান্তি কমনা কৰাৰ লগতে বিস্ফোৰণত ঘূণিয়া হৈ পংগুত্ব জীৱন অতিবাহিত কৰা সকলৰ আশু আৰোগ্য কামনা কৰি উক্ত স্থানত উপস্থিত থাকি আমছুৰ মহানগৰ জিলা সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে কয় যে ৩০/১০ কাণ্ডৰ আজি দহ বছৰ। বিগত ১০টা বছৰে উক্ত ঘটনাৰ সৈতে জড়িত এন ডি এফ বিৰ সদস্যক শান্তি প্ৰদান নকৰাৰ বিষয়টো লজ্জাজনক। উল্লেখ্য যে ২০০৮চনৰ ৩০ অক্টোবৰত মহানগৰীৰ গণেশগুৰি, কাছাৰী, বৰপেটা, পাণবজাৰ আৰু কোকৰাঝাৰত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা। এন ডি এফ বিৰ এই বৰ্বৰ ঘটনাত অৰ্ধশতাধিক লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় দুই শতাধিক লোক পগু হৈছিল। এন ডি এফ বিৰ এই বিস্ফোৰণত ঘূণিয়া হৈ পংগুত্ব জীৱন-যাপন কৰা লোকসকলক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে।
বন্তি প্ৰজ্বলন অনুষ্ঠান স্থানীয় ব্যৱসায়ী সকলৰ লগতে মহানগৰীৰ বহুতো সন্মানীয় ব্যক্তিয়ে উপস্থিত থাকি নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰে বন্তি প্ৰজ্বলন কৰে৷ আমছুৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ইমাৰাণ আহমেদে উপস্থিত থাকি এইধৰণৰ ঘটনা যাতে কোনো দিনেই অসমৰ ইতিহাসত পুনাবৃত্তি নঘটে তাৰে কামনা কৰে৷ অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলা সমিতিৰ মফিজ উদ্দিন অহমেদৰ লগতে কেইবাগৰাকী ছাত্ৰ নেতা উপস্থিত থাকে৷

The post মহানগৰীত আমছুৰ ১০০১ গছি বন্তি প্ৰজ্বলনঃ অভিশাপ্ত ৩০/১০ কাণ্ডৰ দহ বছৰ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2ABa0t7
via IFTTT

Comments