গুৱাহাটী-শিলচৰ ৰেলৰ পৰা একেটা পৰিয়ালৰ চাৰিজনক অচেতন অৱস্থাত উদ্ধাৰ, লুটি নিলে সা-সামগ্ৰী

ডিজিটেল সংবাদ,লামডিংঃ ৰাজেন গোহাঁইৰ ৰেল বিভাগত মুঠেই সুৰক্ষিত নহয় ৰে’লযাত্ৰী। নিতৌ ইটোৰ পিছত সিটো ৰেলত দুৰ্বৃত্তই ৰে’লযাত্ৰীক নিচাজাতীয় দ্ৰব্য খুৱাই যাত্ৰীক অচেতন কৰি সমস্ত বয়-বস্তু লুটি কৰি নিয়াৰ পাছতো কাণসাৰ নাই বিভাগটোৰ। পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হল চলন্ত ৰে’লত। ঘটনা সংঘটিত হল গুৱাহাটী শিলচৰ ৰে’লত ।
চেকেন্দ্রাবাদৰ পৰা কৰিমগঞ্জলৈ যাত্ৰা কৰা এটা পৰিয়ালক টাৰ্গেট কৰি দুৰ্বৃত্তই চলন্ত ৰেলতে চলালে চাফাই অভিযান। বিজু সিংহাৰ পৰিয়ালৰ শিশু সহ চাৰিজন সদস্যই গন্তব্য স্থানলৈ যাত্ৰা কৰাৰ পথত গুৱাহাটী ষ্টেচনৰ পৰা উঠা এজন যুৱকৰ সৈতে পৰিয়ালটোৰ চিনাকী হৈছিল। সেইমতে একেলগে যাত্ৰা কৰাৰ পথত যুৱকজনে পৰিয়ালৰ সদস্য কেইজনক খুৱাইছিল শীতল পানীয়। যুৱকজনে দিয়া পানীয় খাই অচেতন হৈ পৰিছিল আটাইকেইজন সদস্য।
অচেতন হোৱাৰ সুযোগতে যাত্ৰীৰূপী দুৰ্বৃত্তই লুটি নিলে পৰিয়ালটোৰ সকলো সামগ্ৰী। ৰেলৰ এছ ৬ ডবাত দুৰ্বৃত্তই এনেদৰে পৰিয়ালটোক নিচাজাতীয় দ্ৰব্য খাবলৈ দি অচেতন হোৱাৰ পিছত সা-সামগ্ৰী লুট কৰি নিয়াৰ ঘটনাই ৰে’লত যাত্ৰী সুৰক্ষিত নহয় যে তাকে প্ৰতিপন্ন কৰিছে।
ইফালে বিজু সিংহৰ জেষ্ঠা পুত্ৰই ৰেলত হুলস্থুল লগোৱাত দুৰ্বৃৰ্ত্তই ৰে’লৰ চেইন টানি পলাই যাবলৈ সক্ষম হয় ৷ ডবাখনত থকা আন যাত্ৰীসকলে আৰ পি এফক খবৰ দিয়াত ৰেল খন লামডিং ষ্টেচন পোৱাৰ পিছত অচেতন অৱস্থাত বিজু সিংহা,বিমলা সিংহা,ববী সিংহা আৰু বিবেকক উদ্ধাৰ কৰি লামডিং ৰে’ল চিকিৎসালয়ত ভৰ্তি কৰাইছে।
The post গুৱাহাটী-শিলচৰ ৰেলৰ পৰা একেটা পৰিয়ালৰ চাৰিজনক অচেতন অৱস্থাত উদ্ধাৰ, লুটি নিলে সা-সামগ্ৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CP9Lw5
via IFTTT
Comments
Post a Comment