উত্তৰ গুৱাহাটীত বন বিভাগত চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰা প্ৰৱঞ্চক আটক
পঙ্কজ নাথ, চাংসাৰিঃ বিজেপি চৰকাৰে দুৰ্নীতি, ভ্ৰষ্টাচাৰ ৰোধ হোৱাৰ কথা কৈ আছে যদিও বাস্তৱ ক্ষেত্ৰত বৰ্তমান সময়ত চাৰিওফালে নানান দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ চলি থকাহে পৰিলক্ষিত হব ধৰিছে। একাংশ ৰাজনৈতিক নেতাৰ পৰা বিভিন্ন বিভাগৰ দুৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰীয়ে নানান দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পোহাৰ মেলাৰ খবৰ সংবাদ মাধ্যমত প্ৰায়ে প্ৰচাৰ হব ধৰিছে এই শূণ্য শহনশীলতাৰ শ্লোগান দি থকা বিজেপি চৰকাৰখনতে। এতিয়া কেইটামান বিভাগত খালী হোৱা চাকৰিৰ বাবে দুৰ্নীতিৰ বজাৰ পাতিব লৈছে একাংশ দুৰ্নীতিগ্ৰস্তই। এই বজাৰ খনত একাংশ মন্ত্ৰীৰ পৰা চৰকাৰী উচ্চ পদস্থ বিষয়াও জড়িত হৈ পৰাৰ গুৰুতৰ অভিযোগ তুলিছে একাংশ সচেতন ৰাইজে। এতিয়াৰ সময়ত যে চাৰিওফালে দুৰ্নীতিয়ে বেঢ়ি ধৰিছে সেই কথা আজি বন বিভাগত চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰা প্ৰৱঞ্চক দুজনক উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰ গাৱঁত ৰাইজে আটক কৰিবলৈ সক্ষম হোৱাৰ পিছতেই প্ৰমাণিত হৈছে। আজি মঙ্গলবাৰে ৰাইজে আটক কৰা ব্যক্তি দুজনৰ মূল অভিযুক্ত বৈকুণ্ঠ তালুকদাৰ ঘৰ হল নলবাৰী জিলাৰ টিহু চকত। তেওঁৰ লগত অহা আনজন হল পাইকাৰকুছিৰ দিলীপ ডেকা।
জানিব পৰা অনুসৰি পূৰ্বেও নানা প্ৰবঞ্চনাৰ ঘটনাৰ লগত জড়িত বৈকুণ্ঠই ইয়াৰ আগতেও উত্তৰ গুৱাহাটীত এবাৰ প্ৰবঞ্চনাৰ জাল মেলি দিছিল । প্ৰবঞ্চক বৈকুণ্ঠই নলবাৰীত শিক্ষাবৃত্তিৰ লগত জড়িত মৃদুল দাসৰ জড়িয়তে সম্পৰ্কলৈ আহিছিল উত্তৰ গুৱাহাটীৰ মৃগেন শইকীয়া নামৰ যুৱক এগৰাকীৰ লগত। বন বিভাগৰ চাকৰিত নিযুক্তি দিয়াৰ প্ৰলোভনৰে ইতিমধ্যে মৃগেন শইকীয়াৰ পৰা ১ লাখ টকা আগধন হিচাপে সৰকাই নিবলৈ সক্ষম হৈছিল ধুৰন্ধৰ প্ৰবঞ্চক বৈকুণ্ঠ তালুকদাৰে। ইয়াৰ পিছত পুনৰ লক্ষাধিক টকাৰ চেক সংগ্ৰহ কৰিবলৈ মৄগেন শইকীয়াৰ উত্তৰ গুৱাহাটী ৰূদ্ৰেশ্বৰস্হিত ঘৰত উপস্থিত হোৱাৰ কথা একাংশ ৰাইজক অৱগত কৰিছিল মৃগেনে। সেই অনুসৰি পূৰ্বেৰ পৰা খাপ পাতি থকা ৰাইজে প্ৰবঞ্চক দুজনক আজি ইয়ন গাড়ীসহ আটক কৰিবলৈ সক্ষম হয় । বৈকুণ্ঠই মৃগেনক মোৱাইল যোগে পঠোৱা কাগজ পত্ৰত বিসংগতি দেখি সন্দেহ ওপজাত ৰাইজে আজি প্ৰবঞ্চক দুজনক আৱদ্ধ কৰে যদিও ইয়াৰ লগত যে এক বৃহৎ চক্ৰ জড়িত হৈ আছে সেই কথাৰ আশংকা ব্যক্ত কৰিছে উত্তৰ গুৱাহাটী ৰূদ্ৰেশ্বৰ বাসীয়ে । সেয়েহে এই বিষয়ত গুৰুত্ব প্ৰদান কৰি উচিত ও উচ্চ পৰ্যায়ৰ তদন্তৰ মাধ্যমৰে চাকৰিৰ বজাৰ মেলি দুৰ্নীতিৰ পোহাৰ মেলা এই দুষ্ট চক্ৰৰ পোখাই পুলিয়ে বিনষ্ট কৰিবলৈ শূণ্য শহনশীলতাৰ শ্লোগান দি থকা সৰ্বানন্দ সোনোৱাল চৰকাৰক অঞ্চলবাসী ৰাইজে দাবী উত্থাপন কৰিছে। এতিয়া ইয়াৰ ওপৰত অনুসন্ধান কৰি চাকৰি দিয়াৰ দুৰ্নীতিৰ বজাৰখন দুৰ্নীতি বিৰোধী চৰকাৰখনে বন্ধ কৰিবলৈ সক্ষম হয় নে তেওলোকে ইয়াৰ লগত মিলি দুৰ্নীতিৰ বজাৰখন জীপাল কৰি ৰাখে সেয়া সময়তহে লক্ষণীয় হব।
The post উত্তৰ গুৱাহাটীত বন বিভাগত চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰা প্ৰৱঞ্চক আটক appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2qkwx7A
via IFTTT
Comments
Post a Comment