গোলাঘাটৰ ছাত্ৰ নেতাৰ পিছত এইবাৰ আলফালৈ যোৱাৰ হুংকাৰ শ্বহীদৰ ভাতৃৰ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ মই আলফাত যোগ দিম। ৰাজহুৱাকৈ এই হুংকাৰ ২০-২২ বছৰীয়া এজন যুৱকৰ। ডেল্টন দেউৰী নামৰ এই যুৱকজনৰ ককায়েক আছিল ভাৰতীয় নৌ বাহিনীৰ এজন জোৱান। ককায়েকে দেশ মাতৃৰ সেৱাৰ বাবে নিজক উছৰ্গা কৰিছিল যদিও ভাতৃ ডেল্টনৰ এতিয়া মন ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ।
কিয় আলফালৈ গৈ ভাৰতৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিব বুলি ফেচবুকত ঘোষণা কৰিছে ডেল্টনে? তাৰ কাৰণো উল্লেখ কৰিছে তেওঁ। ভাৰত তথা অসম চৰকাৰৰ বঞ্চনা সহ্য কৰাতো আৰু সম্ভৱ নহয় বাবে এতিয়া আলফালৈ গৈ অসম স্বাধীন কৰিব লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এইজন যুৱকে।
‘ময়ো যোগদান কৰিম আলফাত। কিয় নকৰিম? মোক চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ কিমান বছৰ হ’ল? মোৰ দৰে দেশৰ আৰু কিমান লোকক বা চৰকাৰে এনেদৰে ঠগন দিছে তাৰ কি ঠিক?’- সদৌ অসম ছাত্ৰ সন্থাৰ দেৰগাঁও আঞ্চলিক সমিতিৰ উপ-সভাপতি পংকজ প্ৰতিম দত্তই আলফাত যোগ দিয়াৰ পিছতে এই যুৱকজনে ফেচবুকত এনেদৰে পোষ্ট কৰা কাৰ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে।
উল্লেখ্য যে, ২০১৩ বৰ্ষৰ ১৪ আগষ্টৰ নিশা মুম্বাইত সংঘটিত হোৱা চাবমেৰিন দুৰ্ঘটনাত শ্বহীদ হৈছিল ডেল্টনৰ ককায়েক নৰোত্তম দেউৰী। তেতিয়াই চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে শ্বহীদগৰাকীৰ পৰিয়ালৰ কোনো এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব।
পূৰ্বৰ চৰকাৰে সেই প্ৰতিশ্ৰুতি পাহৰি পেলালে। পৰৱৰ্তী সময়ত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ সলনি হ’ল। প্ৰায়েই দেশপ্ৰেমৰ কথা কোৱা এতিয়াৰ চৰকাৰখনেও পাহৰি গ’ল দেশৰ হকে প্ৰাণ দিয়া নৌ সেনাৰ জোৱানজনৰ ত্যাগৰ কথা। শ্বহীদ নৰোত্তমৰ পৰিয়ালে কেবাবাৰো আবেদন-নিবেদন কৰিলে যদিও সেই আবেদনে নাপালে কোনো গুৰুত্ব।
চৰকাৰৰ প্ৰতিশ্ৰুতি অনুযায়ী এটা চাকৰিৰ বাবে সচিবালয়ৰ দুৱাৰে দুৱাৰে তাত-বাতি কাঢ়িও বিমুখ হৈ অবশেষত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি ফেচবুকৰ জৰিয়তে বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদানৰ হুংকাৰ দিয়ে শ্বহীদ পৰিয়ালটোৰ দুৰ্ভগীয়া যুৱকজনে।
আলফাত যোগ দিব বুলি ঘোষণা কৰা পোষ্টটোত ডেল্টনে আৰু লিখিছে, ‘চৰকাৰে মোক মুকলি প্ৰশ্নৰ উত্তৰ দিব লাগিব। আৰু মোক কিমান দৌৰাম বুলি ভাবিছে চৰকাৰে? ইমান দৌৰাতকৈ আলফাত যোগ দিয়াই ভাল।’
⇒পঢ়িবলৈ ফটোত Click কৰক
‘মৃত্যু’ক বন্দী কেমেৰাত! চাওক VIDEO
বৰ্তমান যুৱকজনে পোষ্টটো ডিলিট কৰিছে যদিও এনেকৈ ক্ষোভৰ উদ্গীৰণ ঘটাই আলফাত যোগ দিবলৈ মন যোৱাৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰা বিষয়টোৱে সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ গোলাঘাটৰ ছাত্ৰ নেতাজনেও এনেদৰে বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ কাম-কাজত বিতুষ্ট হৈ আলফাত যোগ দিয়া বুলি ফেচবুকত কৰা ঘোষণাৰ বাবে উক্ত পোষ্টটোক সহজভাৱে লোৱা নাই সচেতন মহলে।
পোষ্টটোৰ শেষৰ ফালে আলফাত যোগদানৰ তীব্ৰ ইচ্ছা প্ৰকাশ কৰি ডেল্টনে ক্ষোভেৰে কৈছে, ‘মোৰ মুকলি প্ৰশ্নৰ উত্তৰ ভাৰত চৰকাৰেই হওক বা অসম চৰকাৰেই হওক কোনোৱে দিবনে? অন্যথা এনে গণতন্ত্ৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হ’ম। তেতিয়া চৰকাৰে মোক জগৰীয়া কৰিব নোৱাৰিব।’
উক্ত পোষ্টটোৰ স্ক্ৰীণশ্বট ইতিমধ্যে ফেচবুকত ভাইৰেল হৈ পৰাত ৰাজ্যবাসীয়ে বিষয়টো চৰকাৰক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাইছে। অন্যাথাই গোলাঘাটৰ ছাত্ৰ নেতাজনৰ দৰে এইজন যুৱকেও বিদ্ৰোহী সংগঠনত যোগ দিবলৈ বুলি ওলাই গ’লে ৰাজ্যখনৰ পৰিস্থিতি অনাগত দিনত অধিক ভয়াৱহ হ’ব বুলি আশংকা প্ৰকাশ কৰিছে।
The post গোলাঘাটৰ ছাত্ৰ নেতাৰ পিছত এইবাৰ আলফালৈ যোৱাৰ হুংকাৰ শ্বহীদৰ ভাতৃৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CT94Sn
via IFTTT
Comments
Post a Comment