পৰীক্ষাৰ মাচুল বৃদ্ধিক লৈ নলবাৰীত ডি এছ অ’ৰ বিক্ষোভ

প্ৰতিদিন সংবাদ, নলবাৰীঃ অল ইণ্ডিয়া ডি এছ অ’ৰ নলবাৰী জিলা সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অস্বাভাৱিক মাচুল বৃদ্ধিৰ বিৰুদ্ধে আৰু নথি পত্ৰ শুধৰণিৰ নামত অতিৰিক্ত মাচুল লোৱা সিদ্ধান্তৰ বিৰুদ্ধে মঙলবাৰে ছাত্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
সংগঠনটোৰ কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে নলবাৰী চহৰৰ শান্তিপুৰৰ পৰা থানা চ’ক হৈ সমদল বাহিৰ কৰি নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, মাচুল বৃদ্ধিৰে শিক্ষাৰ সুযোগ কাঢ়ি লোৱা বন্ধ কৰক, নথিপত্ৰ শুধৰণিৰ নামত অত্যধিক মাচুল আদায় কৰা বন্ধ কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে ‘ছেবা’ৰ সচিবলৈ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাচুল ১৫০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰা, নথি পত্ৰ শুধৰণিৰ নামত এশ টকাৰ সলনি তিনিশ টকাকৈ মাচুল গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই কোৱা হয় যে শিক্ষা হৈছে এক জনসেৱামূলক বিষয়, ইয়াক ব্যৱসায়ৰ দৃষ্টিৰে বিচাৰ কৰাটো অন্যায় আৰু অযুক্তিকৰ।
The post পৰীক্ষাৰ মাচুল বৃদ্ধিক লৈ নলবাৰীত ডি এছ অ’ৰ বিক্ষোভ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RrtWnX
via IFTTT
Comments
Post a Comment