৩০ অক্টোবৰ কাণ্ডৰ বলি সকলৰ প্ৰতি জাঁজীত শ্ৰদ্ধাঞ্জলী জনালে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে
হাঁহচৰা,৩০ অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমামুৰীয়া জাঁজী অঞ্চলতো আজি ৩০/১০ কাণ্ডৰ বলি সকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ জাঁজী আঞ্চলিক সমিতিৰ উদ্যোগত আজি সন্ধ্যা জাঁজীৰ ঐতিহাসিক মাছখোৱা গড়ৰ কাষত অৱস্থিত সমিতিৰ কাৰ্যালয়ৰ আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেন্টছ এছোচিয়েছনৰ সভাপতি ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, সাংবাদিক প্ৰসেনজিৎ গগৈ, জ্যেষ্ঠ নাগৰিক ললিত খাটনিয়াৰ, সমাজকৰ্মী ইমৰান হুছেইন প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। যুৱ ছাত্ৰ নেতা গৌতম গগৈয়ে আতঁধৰা অনুষ্ঠানটোত উপস্থিত সকলে ২০০৮ চনৰ ৩০ অক্টোবৰৰ বিভীষিকাময় ঘটনা স্মৰণ কৰে।জ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মী ললিত খাটনিয়াৰে উক্ত ঘটনাৰ পিছদিনা লিখা “এজাক ধুমুহা আহক” শীৰ্ষক এটি স্ব-ৰচিত কবিতা পাঠ কৰি ৩০/১০ ঘটনাৰ নিহত সকলৰ প্ৰতি শ্ৰদ্ধা জনায়।
The post ৩০ অক্টোবৰ কাণ্ডৰ বলি সকলৰ প্ৰতি জাঁজীত শ্ৰদ্ধাঞ্জলী জনালে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2qh3UrQ
via IFTTT
Comments
Post a Comment