শহুৰেকক হত্যা কৰি পলায়ণ কৰা জোঁৱাই গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত এগৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মঙলবাৰে সন্ধিয়া কৃষ্ণাইৰ আৰক্ষীয়ে অতি কৌশলেৰে এই গৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰ হোৱা হত্যাকাৰী জনৰ নাম চেবাষ্টিয়ান মাৰাক৷

উল্লেখ্য যে, যোৱা ২৪ অক্টোৱৰত নিশা চুটিপাৰা ছেংমাৰীস্থিত বাসগৃহত নিজ শহুৰেক কেবাৰচোন চাংমাক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰিছিল৷ হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰিছিল জোৱাই চেবাষ্টিয়ান মাৰাকে৷ মদৰ ৰাগীতে ঘৰুৱা কণ্ডলৰ সৃষ্টি হৈ এই হত্যাকাণ্ডৰ সূত্ৰপাত হৈছিল৷ অৱশেষত হত্যাকাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

The post শহুৰেকক হত্যা কৰি পলায়ণ কৰা জোঁৱাই গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CRRGxl
via IFTTT

Comments