মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই বৰপেটাত জিলা প্রশাসনৰ উচ্ছেদ অভিযান
গণককুছি ৰিজাৰ্ভত অবৈধভাৱে নির্মিত মছজিদসহ ৯৪টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ
ডিজিটেল ডেস্ক, বৰপেটাঃ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ কঠোৰ নির্দেৰ্শৰ পাছত কালি বৰপেটা জিলা প্রশাসনে চহৰখনৰ সমীপৱৰ্তী গণককুছি ৰিজাৰ্ভত অভিযান চলাই এটা মছজিদসহ ৯৪টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰে। উল্লেখ্য, গণককুছি ৰিজাৰ্ভৰ চৰকাৰী ভূমি, নখান্দা নৈৰ পাৰ আৰু গণককুছি-ভাতকুছি সংযােগী মথাউৰিৰ বিগত প্রায় আঠ-দহ বছৰ ধৰি একাংশ সন্দেহজনক লােকে ঘৰদুৱাৰ সাজি অবৈধভাৱে বসতি স্থাপন কৰিছিল। ২৩ অক্টোবৰত পাটবাউসী সত্র দর্শন কৰিবলৈ অহাৰ সময়ত মুখ্যমন্ত্রীক বৰপেটাৰ বিভিন্ন দল-সংগঠনৰ প্রতিনিধিয়ে সাক্ষাৎকৰি সত্ৰৰ মাটি আৰু বৰপেটাচহৰৰ পার্শ্ববর্তী অঞ্চলৰ চৰকাৰী ভুমি, জলাশয় আদিত থকা বেদখল উচ্ছেদ কৰিবলৈ দাবী জনাইছিল। বিষয়টো গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্রীয়ে সিদিনাই বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰক বেদখলৰ কবলত থকা চৰকাৰী মাটি পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রী নির্দেশ অনুসৰি জিলা উপায়ুক্তই সিদিনাই স্থানীয় সচেতন লােকক লগত লৈ বেদখলকৃত অঞ্চলটো পৰিদৰ্শন কৰে আৰু বেদখলকাৰী সকলক শীঘ্ৰে সেই স্থান বেদখলমুক্ত কৰি দিবলৈ নির্দেশ জাৰি কৰে। ইয়াৰ পাছতে ২৬ অক্টোবৰত মাটি বেদখলমুক্ত কৰাৰ নামত পাটবাউসী দলঙৰ কাষৰ মথাউৰিত প্রশাসনে এক উচ্ছেদ অভিযান চলায়।
এই অভিযানত মথাউৰিৰ দুয়ােপাৰে নিৰ্মাণ কৰা তিনিটা মাটিৰ ঘৰ ভাঙি পেলােৱা হয়। কিন্তু উক্ত অঞ্চলটোত প্রায় শতাধিক পৰিয়ালে বেদখল কৰি আছে যদিও মাত্র তিনিটা পৰিয়ালক প্রশাসনে উচ্ছেদ কৰা ঘটনাই চহৰখনৰ বিভিন্ন মহলত প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে ২৮ অক্টোবৰৰ সন্ধিয়া মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লােহিয়াই বৰপেটাৰ উপায়ুক্তক উক্ত অঞ্চলৰ বেদখল সম্পূৰ্ণৰূপে উচ্ছেদ কৰিবলৈ নির্দেশ দিয়ে। এই নির্দেশ লাভ কৰাৰ পাছতে সিদিনাই জিলা উপায়ুক্ত সংশ্লিষ্ট চৰকাৰী বিষয়াসকলক চৰকাৰী বাসগৃহলৈ জৰুৰীভাৱে তলব কৰি এক বৈঠকত মিলিত হয় আৰু উচ্ছেদ অভিযান চলাবলৈ সিদ্ধান্ত লয়। সেইমর্মে কালি পুৱা বৰপেটা জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত মনােজ কুমাৰ চিকাৰীয়া, সৰভােগ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়া, বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পল্লৱী গগৈ, সহকাৰী আয়ুক্ত মিনার্ভা দেৱী আৰাম আৰু বৰপেটাৰ সদৰ উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত সংশ্লিষ্ট চৰকাৰী কৰ্মচাৰী আৰু আৰক্ষী- অর্ধসামৰিক বাহিনীৰ এটা সুসজ্জিত দলে জেচিবি আদি লৈ গণককুছি ৰিজাৰ্ভত উচ্ছেদ অভিযান আৰম্ভ কৰে। ৰিজাৰ্ডখনৰ সমীপৰ মথাউৰিৰ দুয়ােপাৰে অবৈধভাৱে সজা ঘৰ-বাৰীসমূহ দুখনকৈ জেচিবিৰে ভাঙি পেলােৱা হয়। পুৱাৰ পৰা সন্ধিয়ালৈকে চলা এই উচ্ছেদ অভিযানত এটা মছজিদসহ ৯৪টা পৰিয়ালৰ বাসগৃহ ভাঙি পেলােৱা হয়। নদী ভাঙি অহা মানুহ বুলি দাবী কৰা একাংশ সন্দেহজনক লােকে ৰিজাৰ্ডখনৰ মাটি বেদখল কৰি অবৈধভাৱে বসতি আৰম্ভ কৰিছিল। চৰকাৰ- প্রশাসনৰ জ্ঞাতসাৰেই এই বেদখল প্রক্রিয়া চলি আহিছিল। প্রশাসনৰ উচ্ছেদ অভিযানৰ পাছত গৃহহীন হৈ পৰা একাংশ পৰিয়ালৰ মহিলাসকল দুখত ভাগি পৰাৰ লগতে বিজেপিক ভােট নিদিওঁ বুলি কৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। দুই এটা পৰিয়ালে জনৈক নুৰ আৰু চোবুৰ নামৰ দুই দালালৰ পৰা মাটি ক্রয় কৰি সেই ঠাইত ঘৰ সাজিছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
The post মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই বৰপেটাত জিলা প্রশাসনৰ উচ্ছেদ অভিযান appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2ET9hYz
via IFTTT
Comments
Post a Comment