প্ৰাক্তন সেনা জোৱান দ্বীপেন নাথৰ হত্যাৰে জড়িত ৩ অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ ননৈৰ খাটৰ গাঁৱত প্ৰাক্তন সেনা জোৱান দ্বীপেন নাথৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি অভিযুক্তক মঙলবাৰে নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে, দীৰ্ঘদিনীয়া এক ব্যৱসায় কেন্দ্ৰিক সংঘাতৰ বাবেই ২২ অক্টোবৰৰ সন্ধিয়া দ্বীপেন নাথক ঘৰৰ পদূলি মুখত গুলিয়াই দুজনীয়া দুৰ্বৃত্তৰ দলে হত্যা কৰিছিল।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি নগাঁৱৰ ভিন্ন স্থানত অভিযান চলাই যোৱা ২৭ অক্টোবৰত মুল অভিযুক্ত ৰাজীৱ বনিকৰ লগতে প্ৰনৱজ্যোতি নাথ আৰু চুলতান আলীক অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল। ২৮ অক্টোবৰত অভিযুক্ত তিনিওজনকে নগাঁও আদালতত হাজিৰ কৰাই আৰক্ষীয়ে তিনি দিনৰ জিম্মাত লৈছিল।

মঙলবাৰে আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাত তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২, আৰ ডব্লিউ-২৭/৩ আৰ্মচ এক্টৰ অধীনত ৩৬০২/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰিছিল।

The post প্ৰাক্তন সেনা জোৱান দ্বীপেন নাথৰ হত্যাৰে জড়িত ৩ অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CTIAQX
via IFTTT

Comments