‘ৰাতি ৰাতি ডাঙৰ ডাঙৰ ট্ৰাক আহে আৰু যন্ত্ৰসমূহ উঠাই নিয়ে’

• পলাশজ্যোতি গগৈ

১৯৬২ চনত স্থাপিত হৈছিল এটি উদ্যোগ। বিশিষ্ট উদ্যোগপতি দৈৱকীনন্দন জটিয়াই স্থাপন কৰিছিল উদ্যেগটো। স্থাপন কৰাৰ পিছতে উদ্যোগটোত সংস্থাপন লাভ কৰিছিল প্ৰায় ৭ শতাধিক লোকে। বহু সপোন সঁচা হৈছিল। সেয়া এতিয়া অতীত। চন্দ্ৰপুৰ সূতা কল। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সূতা কল আছিল চন্দ্ৰপুৰৰ সূতাকলটো।

ৰাজ্য তথা দেশৰ এক যুগান্তকাৰী ইতিহাসৰ সূচনা হৈছিল সূতা কলটোৰ জৰিয়তে। এতিয়া সেই ঠাইখন তথা বৃহৎ অট্টালিকাটোত মৰিশালি সদৃশ পৰিৱেশ। চাৰি বেৰৰ বাহিৰে তাত একোৱে নাই। গছ-লতাৰে ভৰপূৰ মাত্ৰ এটা চৌহদ। গেটৰ সন্মুখত তিনিজন নিৰাপত্তাৰক্ষী। গেটৰ ভিতৰলৈ কোনো সোমাব নোৱাৰে। সাংবাদিক অথবা সূতা কলটো চাবলৈ যোৱা লোকৰ বাবে ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি নাই।

১৯৭২ চনৰ ২৮ জুনত ব্যক্তিগতখণ্ডৰ পৰা উদ্যোগটো নিয়া হৈছিল ৰাষ্ট্ৰীয় বস্ত্ৰ উদ্যোগ নিগমৰ অধীনলৈ। এটা লাভজনক স্পিনিং ইউনিট আছিল চন্দ্ৰপুৰ সূতা কলটো। এই স্পিনিং ইউনিটটো ৰাষ্ট্ৰীয় বস্ত্ৰ উদ্যোগ নিগমৰ পশ্চিম বংগ, অসম, বিহাৰ আৰু উৰিষ্যাকলৈ গঠন কৰা এক মণ্ডলৰ অসমত থকা ইণ্ডাষ্ট্ৰীজৰ অধীনত আছিল।

কলটোৰ বাবে সমগ্ৰ ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সুকীয়া পৰিচয় লাভ কৰিছিল। চৰকাৰৰ অমনোযোগিতাৰ বাবে এদিন বন্ধ হৈছিল সূতা কলটো। সেয়া আছিল ১৯৮২ চন। চৰকাৰে তথা কৰ্তৃপক্ষই সূতা কলটোলৈ পিঠি দিবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই চন্দ্ৰপুৰৰ সূতা কলটো ধ্বংস হ’বলৈ আৰম্ভ হৈছিল। মেৰামতি নকৰাৰ বাবে উৎপাদন ক্ষমতা কমি আহে। শ্ৰমিকসকলক কৰ্তৃপক্ষই হেচা দিছিল উৎপাদন বৃদ্ধি কৰিবলৈ। সেয়া সম্ভৱ নহ’ল। বহুলোক কাম এৰি গৃহমুখী হৈছিল। কিছু কিছু লোকে স্বেচ্ছামূলক অৱসৰ লৈছিল। ২০০৭ চনৰ ৩১ জুলাইত উৎপাদন বন্ধ হৈ পৰিছিল সূতা কলটোৰ। আধাতে কাম সামৰিবলৈ বাধ্য হৈছিল বহু লোক।

অসমীয়া সমাজ জীৱনত প্ৰচলিত এষাৰি বাক্য- ‘মতাই বাব হাল, মাইকীয়ে ব’ব শাল’। অসম এখন কৃষিপ্ৰধান ৰাজ্য। কৃষিৰ পাছতেই স্থান দিয়া হয় বয়ন শিল্পক। অসমত শিপিনীৰ অভাৱ নাই। অতি প্ৰাচীন কালৰে পৰা অসমত তাত শিল্পৰ প্ৰচলন আছে। তাত শিল্পৰ ক্ষেত্ৰত অসম এখন চহকী ৰাজ্য। আমাৰ পূৰ্বপুৰুষসকলে এই উদাহৰণ দি গৈছে।

এই শিল্প প্ৰাচীন গ্ৰাম্য শিল্প। সকলো জাতি-জনজাতিৰ লোকে তাত বয়। তৈয়াৰ কৰে কাপোৰ। অতীতত বোৱা কাপোৰ দেখি দেশী-বিদেশী পৰ্যটকে আজিও তবধ মানে। অসমৰ মহিলাই ৰাতিটোৰ ভিতৰতে সূতা কাটি তাত বৈছিল। প্ৰবাদ অনুসৰি পুৰণি কালত ৰজাঘৰীয়াই বাৰ্তা প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা বস্ত্ৰও শিপিনীয়ে তাত শালত বয় উলিয়াইছিল। অসমীয়া বাপোতিসাহোন বিহু তথা অন্যান্য সময়ত আমি ব্যৱহাৰ কৰা গামোছা, ৰিহা, টঙালিখনো বহুলোকে নিজঘৰতে বয় উলিয়ায়। প্ৰয়োজন হয় সূতাৰ। প্ৰতিঘৰ লোকে নিজগৃহতে এই সূতা প্ৰস্তুত কৰে।

সূতা ৪ প্ৰকাৰৰ- এৰি সূতা, মুগা সূতা, পাট সূতা আৰু টছ সূতা। এই সূতাসমূহ আমি থলুৱা পদ্ধতিৰে প্ৰস্তুত কৰিব পাৰো। এই ক্ষেত্ৰত প্ৰয়োজনীয় কিছু পদ্ধতি পলু অথৱা পোকৰ কথা ক’ব পাৰো। এৰী সূতা এৰী পলুৰ পৰা আৰু মুগা সূতা মুগা পলুৰ পৰা উৎপন্ন কৰা হয়। এই ক্ষেত্ৰত আমি পলুৰ খেতি কৰিব লাগে।

বৰ্তমানৰ এইসমূহ আমাৰ সমাজত প্ৰচলিত হৈ আছে। এয়া থলুৱা পদ্ধতিৰে সূতা উৎপন্ন কৰাৰ নিয়ম। যি কাম সূতা কলসমূহে অতি কম সময়তে কৰিব পাৰে। সূতা উৎপন্ন কৰি চৰকাৰে সেই সূতা বজাৰত বিক্ৰী কৰি ৰাজকোষ টনকিয়াল কৰিব পাৰে। তেনে এটা সূতা কল চন্দ্ৰপুৰৰ সূতা কলটো। যিটো বৰ্তমান বন্ধ হ’ল।

চৰকাৰী পক্ষৰ চূড়ান্ত অৱহেলাৰ বাবে তিলতিলকৈ মৃত্যুৰ মুখলৈ ঢাপলি মেলিছে ৰাজ্যৰ উদ্যোগিক খণ্ড। তাৰেই উদাহৰণ এয়া। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সূতা কলৰো এতিয়া পানীত হাঁহ নচৰা অৱস্থা। কলটোৰ নামত মাত্ৰ এটা ঘৰ আছে। ঘৰটোৰ ভিতৰত একোৱে নাই। হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা কলটোৰ সামগ্ৰীসমূহ আধা মূল্যত বহিৰাগত বণিয়াক গতালে চৰকাৰে।

২০০৯ চনত ১৬৩ কোটি টকাত বিক্ৰী হৈছিল কলটোৰ কিছু যন্ত্ৰপাতি। ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল। যন্ত্ৰসমূহ ক্ৰয় কৰিছিল কলকাতাৰ বি কে আগৰৱালা নামৰ এজন লোকে। সেয়া নকলোৱেই বা! ২০১৬ চনত সমুদায় যন্ত্ৰ চৰকাৰে ৩ কোটি টকাতে বিক্ৰী কৰিছিল। যাক কেন্দ্ৰ কৰি চন্দ্ৰপুৰৰ লগতে সমগ্ৰ ৰাজ্যত চৰকাৰৰ জৱাৱদিহি কৰিছিল একাংশ লোকে।

‘আমাৰ আশা শেষ হ’ল। ল’ৰা-ছোৱালীৰ ভৱিষ্যতৰ বাবে এয়া দুখজনক খবৰ। আমাৰ চকুৰ আগতেই এনেদৰে ইটোৰ পিছত সিটো কল-কাৰখানা ধ্বংস হৈছে। অথচ আমি নিমাত। আমি কৰিব পৰা একো কাম নাই। চৰকাৰৰ ওপৰতে সকলো এৰি দিছো। ইয়ালৈ আগতে মন্ত্ৰীসকল আহে। সূতা কলটো পুনৰ নিৰ্মাণ কৰাৰ কথা কয়। কিছুদিন পিছত দেখো ৰাতি ৰাতি ডাঙৰ ডাঙৰ ট্ৰাক আহে আৰু যন্ত্ৰসমূহ উঠাই নিয়ে।’ -চন্দ্ৰপুৰৰ এগৰাকী স্থানীয় মহিলাই আক্ষেপেৰে এই মন্তব্য কৰে।

পাট শিল্পৰ ঘাটি অসম। এতিয়া গাঁওসমূহত আত্ম সহায়ক গোটসমূহে এই শিল্প জীয়াই ৰাখিছে। তেওঁলোকে অন্যান্য কামৰ লগতে পলু খেতি কৰে। স্বাৱলম্বী হৈছে। চৰকাৰৰ এটা বিভাগ আছে। বিলাসী আঁচনিও আছে। আৱন্টিত হয় কোটি কোটি টকা। কিন্তু ৰূপায়িত নহয় কাম। গাঁৱৰ আত্ম সহায়ক গোটকেইটাৰ ওপৰতে এটা প্ৰচীন শিল্পক এৰি দিয়াতো উচিতনে? সেই খেতিৰে আমি উৎপন্ন কৰিব পৰা সূতাৰ চাহিদাও বুজিব লাগিব।

লেটা পোকেৰে আমি সূতা উৎপন্ন কৰো। আমি থলুৱা পদ্ধতিৰে সূতা উৎপন্ন কৰা কাৰ্যক গুৰুত্ব নিদিয়ে চৰকাৰে। কেঁচা সামগ্ৰীসমূহ বহিঃৰাজ্যলৈ নি সূতা উৎপন্ন কৰাৰ পক্ষত চৰকাৰ। বহিঃৰাজ্যত সূতা উৎপন্ন কৰি সেই সূতাৰে তৈয়াৰী বস্ত্ৰ অধিক দামত অসমতে বিক্ৰী কৰে। ৰাজ ভঁৰাললৈ টকা যাওক বা নাযাওক, একাংশ মধ্যস্থতাকাৰীয়ে নিজৰ পকেটত দুটকা সুমোৱাৰ চেষ্টা কৰে। ৰাজ্যখনৰ থলুৱা লোকসকলক মাথমাৰ শোধাই বহিৰাগত বণিয়াক বৰপীৰা পাৰি দিয়ে।

অসমৰ গাৰো পাহাৰ কপাহৰ বাবে বিখ্যাত। এই সমূহ কপাহো একাংশ দুষ্ট চক্ৰই ৰাজ্যত সূতা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰাৰ বিপৰীতে বহিঃৰাজ্যলৈ পঠিয়ায়। এই কপাহেৰে সূতা উৎপন্ন কৰিবলৈ ৰাজ্যখনত সূতা কলৰ অভাৱ। চন্দ্ৰপুৰৰ সূতা কল এটা উদাহৰণহে। গোলাঘাটৰ ডাবিডুবি সূতা কলো এক অন্যতম উদাহৰণ। যি কেইবা দশকধৰি বন্ধ হৈ আছে।

ৰঙিয়াৰ এপ’ল’ মিলৰো একেই দশা। জাগীৰোডৰ কাগজ কল, বৰুৱা বামুনগাঁৱৰ চেনী কল, চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্প ইত্যাদিও একেদৰে ধ্বংস গৰাহত পৰা উদ্যোগ। প্ৰতিশ্ৰুতিৰে নিৰ্বাচনৰ সময়ত ভোট লাভৰ বাবে ভাষণ দিবলৈ ব্যৱহাৰ কৰা বৰ বৰ শব্দৰ একো একোটা উদাহৰণহে এই উদ্যোগসমূহ। এইসমূহ উদ্যোগ ‘এডভান্টেজ আছাম’ৰ দৰে পদক্ষেপৰ বাবে তীব্ৰ প্ৰত্যাহ্বান।

অসম এতিয়া এনে এখন ৰাজ্যত পৰিণত হৈছে, য’ত ৩০০ অথৱা ৪০০ কোটি টকাত বিক্ৰী কৰিবৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ খৰছেৰে উদ্যোগ স্থাপন কৰা হয়। এই সকলোবোৰ একো একোজন আমোলাৰ চক্ৰান্ত বুলিও অভিযোগ উত্থাপিত হয়। উদ্যোগ এটা স্থাপন হ’লেই বহু লোকে নিযুক্তি লাভ কৰে। কিন্তু ৰাজ্যখনত উদ্যোগ স্থাপন হোৱাৰ সময়ত নিযুক্তি লাভ কৰা লোকসকলৰ ভিতৰতো কোনো কোনো লোক অযোগ্য থাকে বুলিও অভিযোগ উঠে। ৰাজনৈতিক নেতাৰ আশীষপুষ্ট তথা ৰাজনৈতিক নেতা-আমোলাৰ কৃপাধন্য নহ’লে কোনো যদু-মধুৰে এই নিযুক্তিৰ সৌভাগ্য নিমিলে। মেধাক চূড়ান্ত ভেঙুচালি কৰি একো একোজন নিৰ্দিষ্ট লোককহে নিযুক্তি দিয়া হয়। সেয়া আমাৰ কথা নহয়, হাজাৰ হাজাৰজন থলুৱাৰ ভাষাহে।

এবাৰো ব্যৱহাৰ নকৰাকৈ যন্ত্ৰসমূহ ক্ৰয় কৰি এদিন সেইসমূহ আধা মূল্যত বিক্ৰী কৰা হয়। ব্যৱহাৰ নকৰাকৈয়ে মাত্ৰ টকা আদায়ৰ বাবেহে এয়া কৰা হয়। অপ্ৰিয় হ’লেও সেয়াই সত্য। জাগীৰোডৰ পেপাৰ মিল, চন্দ্ৰপুৰৰ সূতা কল ইত্যাদিসমূহ পুনৰ উজ্জীৱিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা হাতত নলয়, প্ৰতিশ্ৰুতিহে দিয়ে। অসমত স্থাপন কৰা উদ্যোগ কেইটাও বহিৰাগত বণিয়াই নিয়ন্ত্ৰণ কৰে। এনে পৰিস্থিতিত মনত উদয় হয় এটাই মাথো প্ৰশ্ন- কোন দিশে অসমৰ ঔদ্যোগিকীকৰণৰ ভৱিষ্যত?

The post ‘ৰাতি ৰাতি ডাঙৰ ডাঙৰ ট্ৰাক আহে আৰু যন্ত্ৰসমূহ উঠাই নিয়ে’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EViRKg
via IFTTT

Comments