মূখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰখাৰ আহ্বান মন্ত্ৰী পল্লৱ লোচন দাসৰ
গণবাৰ্তা বিশেষ, যোৰহাটঃ ৰাজ্যত বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সাধাৰণ ৰাইজৰ মাজত এক চেপা উত্তেজনা বিৰাজ হৈ থকা সময়তে মূখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে মন্ত্ৰী পল্লৱ লোচন দাসে। মঙ্গলবাৰে যোৰহাটৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী পল্লৱ লোচন দাসে সাংবাদিকৰ সৈতে হোৱা আচুতীয়া সাক্ষাৎকাৰত এনেদৰে কয়। তেওঁ লগতে কয় যে ৰাজ্যত এতিয়া এক সুস্থিৰ আলোচনাৰ প্ৰয়োজন। ৰাজ্যত ঘৰত সোমাই মাৰিম পিটিম দৰে কিছুমান শব্দ ব্যৱহাৰৰ পিছত উত্তাল হৈ থকা পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰি মন্ত্ৰীজনে লগতে কয় যে অসম খন শঙ্কৰদেৱৰ আদৰ্শৰে নিৰ্মিত ৰাজ্য। সংস্কৃতিৰে সমৃদ্ধিশালী ৰাজ্য খনৰ উন্নয়নৰ বাবে চৰকাৰে বহু পদক্ষেপ হাতত লৈছে। সামাজিক নিৰাপত্তাৰ দিশত অধিক মনোযোগ দিছে চৰকাৰে। সামাজিক নিৰাপত্তাৰ লগতে উন্নত স্বাস্থ্য, যাতায়তৰ উন্নয়নে সমগ্ৰ ব্যৱস্থাত পৰিবৰ্তন আনিব পাৰিব। ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এজন অসমীয়া আৰু অসমীয়াৰ ৰক্ষাৰ বাবে তেখেতে কাম কৰিব। মূখ্যমন্ত্ৰীৰ ওপৰত ৰাজ্যবাসীক বিশ্বাস ৰাখিবলৈ অনুৰোধ কৰে মন্ত্ৰী জনে। আনহাতে বিধায়ক শিলাদিত্য দেৱৰ মন্তব্য সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰী জনে কয় যে শিলাদিত্যৰ মন্তব্য ব্যক্তিগত মন্তব্য। দল বা চৰকাৰে এনে মন্তব্য কৰিলেহে আলোচনা কৰিব লাগে বুলি কয় মন্ত্ৰী দাসে।
The post মূখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰখাৰ আহ্বান মন্ত্ৰী পল্লৱ লোচন দাসৰ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2Pw1Ev4
via IFTTT
Comments
Post a Comment