অম্বিকাগিৰিৰ কথাই আজি সঁচা হ’ল!

► মৃদুল কুমাৰ সন্দিকৈ

সংকটত আজি অসমীয়া জাতি, ভাষা আৰু জাতীয় ভৱিষ্যত। অবৈধ বিদেশীৰ সমস্যাৰ বোজা কঢ়িয়াই ফুৰা জাতি তথা ৰাজ্যখনৰ প্ৰতি কি সংকট আহিছে সেয়া বুজিও যেন বহু পক্ষই বুজা নাই। জাতীয় অস্তিত্বৰ প্ৰতি অহা এইটোৱে প্ৰথম সংকট নহয়। ইয়াৰ পূৰ্বেও তেনে বহু সংকট আহিছিল। জাতীয় মাৰ্গদৰ্শন হৃদয়ংগম কৰি সেই কথা বিজ্ঞজনে আমাক বিভিন্ন সময়ত সকীয়াই আহিছে। কিন্তু সেইবোৰৰ প্ৰতি আমাৰ ভ্ৰূক্ষেপ নাই। ১৯১৭চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত। সেই অধিৱেশনৰ সভাপতিৰ ভাষণত পদ্মনাথ গোঁহাই বৰুৱাই কৈছিল- ‘ধৰ্মৰ বান্ধ জটিল অথচ ঢিলা হৈ পৃথিৱীত ভালেমান জাতীয় জীৱন অকালতে তললৈ গৈছে। যি জাতিয়ে জাতীয় সাহিত্য গঢ়ি তুলিব নোৱাৰে, সেই জাতিৰ প্ৰাণ নাবাচিব। যি জাতি সাহিত্য কোৱাৰ ভাষাৰ পৰা নিলগ হৈ যায়, সেই জাতিৰ জাতীয় জীৱন সিমান খীণাবলৈ ধৰে আৰু অন্তত কেতিয়াবা তাৰ অস্তিত্ব লুপ্ত পাইগৈ।’

এতিয়া যেন সেয়াই হ’বলৈ গৈ আছে। কোনো কোনোৱে কৈছে- অসমৰ অস্তিত্ব ৰক্ষা কৰিবলৈ বাংলাদেশ তথা আন বিদেশী ৰাষ্ট্ৰৰ পৰা হিন্দু বিদেশীসকলক অনাটো প্ৰয়োজন। জাতীয় জীৱনৰ বাবে ইয়াতকৈ ডাঙৰ পদাঘাত কি হ’ব পাৰে?

হিন্দু তথা হিন্দী বলয়ৰ আগ্ৰাসন আজিৰ নহয়। জাতীয় জীৱনক মষিমূৰ কৰি বহু দিনৰ পৰাই ৰাষ্ট্ৰীয়তাবাদৰ নামত জাতি-জনগোষ্ঠীবোৰ স্বকীয়তা কাঢ়ি ল’বলৈ ৰাষ্ট্ৰ যন্ত্ৰই ষড়যন্ত্ৰ কৰি আহিছে। ১৯৫৯চনত বৰপেটাৰ সাহিত্য সভাৰ অধিৱেশনত আনন্দ চন্দ্ৰ বৰুৱাই সেই ষড়যন্ত্ৰৰ বিৰোধিতা কৰিছিল। আনকি ১৯৬৮চনৰ তেজপুৰ সাহিত্য সভাৰ অধিৱেশনত তেতিয়াৰ সাহিত্য সভাৰ সভাপতি জ্ঞাননাথ বৰাই হিন্দী ভাষাৰ অগ্ৰাসনক মুকলি প্ৰত্যাহ্বান জনাইছিল।

আজি সৃষ্টি হোৱা পৰিস্থিতিৰ উমান ১৯৫০চনতেই পাইছিল অম্বিকাগিৰি ৰায় চৌধুৰীয়ে। তেওঁ সেইবাৰ সাহিত্য সভাৰ সভাপতিৰ আসনত বহি জাতিক সতৰ্ক কৰি কৈছিল- ‘বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই, অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দু কেইটাই ভয় দেখুৱাই আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমান কেইটাৰ ওপৰত অসমীয়া হিন্দুই উপদ্ৰব কৰিব বুলি ফুচুলাই, অসমীয়াৰ ভিতৰত বিভেদ, অশান্তি সৃষ্টি কৰি, বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী ষড়যন্ত্ৰই অসমীয়াৰ ওপৰত আধিপত্য কৰাৰ পথ মুকলি কৰিব। আৰ্থি, সামাজ, ভাষিক সাংস্কৃতিক জীৱন-লুণ্ঠন কৰি অসমীয়াক দাসত্বত বান্ধি ল’ব, তেনে অৱস্থা, অসমীয়াই এজন জী থকালৈকে কেতিয়াও ঘটিব নিদিব। এই অভিসন্ধি লৈ যেয়ে অসমত সোমাব তাকেই অসমীয়াই অসমৰ বাহিৰ কৰি দিব। সি মুছলমান হওঁক, হিন্দু হওঁক, বৌদ্ধ, খৃষ্টান যিয়েই নহওঁক।’

এইবাৰ কথা এতিয়া সঁচা প্ৰমাণিত হৈছে। সৰ্বভাৰতীয় পটভূমিত সকলো মধ্যশ্ৰেণী প্ৰথমে আছিল ৰাজভক্তি। উনবিংশ শতিকাত ভাৰতৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক জগতখনলৈ বহু পৰিৱৰ্তন আহিছিল। সাম্ৰাজ্যবাদী শাসক শ্ৰেণীটোৰ প্ৰতি তেওঁলোক আছিল অনুগত। সংস্কাৰবাদী আন্দোলন আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়লৈকে সমাজক নেতৃত্ব দিয়া এই শ্ৰেণীটোৱে ব্ৰিটিছক শাসনক আন্তৰিকতাৰে স্বীকাৰ কৰিছিল।

ঊনবিংশ শতিকাৰ পৰাহে জাতীয় চিন্তা-চেতনাৰ উন্মেষ ঘটিছিল। এই উন্মেষৰ কাৰণ আছিল ব্ৰিটিছৰ ৰাজনৈতিক প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পাইছিল। ধৰ্মীয় অগ্ৰাসনত হিন্দু আৰু মুছলমান উভয় ধৰ্মাৱলম্বী লোকসকল শংকিত হৈ পৰিছিল। কিন্তু তেতিয়া উন্মেষ ঘটা এই  জাতীয়তাবাদৰ বহু দিশ ভুল ৰূপে পৰৱৰ্তী সময়ত বিবেচিত হৈছিল। জাতীয়তাবাদীসকলে প্ৰথমে উপনিৱেশ শোষক-শাসকসকলক শত্ৰুৰূপে চিহ্নিত নকৰি মুছলমানসকলকে শত্ৰু জ্ঞান কৰিবলৈ লৈছিল। কিয়নো মুছলমানসকলক তেওঁলোকে ভাৰতীয় সভ্যতাৰ সংস্কৃতিত আক্ৰমণ চলোৱা এক শাসকগোষ্ঠী ৰূপে জ্ঞান কৰিছিল।

বুদ্ধিজীৱী বংকিমচন্দ্ৰ চট্টোপাধ্যায় হিন্দুত্ববাদৰ পৃষ্ঠপোষকতা কৰি এই কথা কৈছিল যে, ভাৰতৰ জাতীয় ঐতিহ্য ৰক্ষা হ’ব কেৱল হিন্দুসকলৰ সু-সংগঠিত জাতীয় মুক্তি আন্দোলনৰ জৰিয়তে। কিন্তু পৰৱৰ্তী সময়ত এই বিষয়ক লৈ সংঘাত হৈছিল।

অসমত ইংৰাজৰ শাসনকালত অভিজাত শ্ৰেণীটোৱে ইংৰাজক আদৰণি জনালে যদিও গোমধৰ কোঁৱৰ, পিয়লি ফুকন আদি সামন্তীয় অভিজাত শ্ৰেণীটোৱে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ পাতনি মেলিছিল। ১৮৫৭চনলৈকে ইংৰাজৰ পৰম ভক্ত আৰু পৰামৰ্শদাতা ৰূপে থকা মণিৰাম দেৱানে তেওঁৰ ব্যক্তিগত স্বাৰ্থত ব্ৰিটিছে আঘাত হনাত ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল। শনিৰাম ঢেকিয়াল ফুকন, যজ্ঞৰাম খাৰঘৰীয়া আদিয়ে ব্ৰিটিছ চৰকাৰৰ উচ্চ পদবী আসনত অধিষ্ঠিত হৈ অসমীয়া ভাষা-সংস্কৃতিক অবজ্ঞা কৰাৰ উদাহৰণ আছে। তেতিয়াই অৰ্থাৎ ১৮৩৫চনত গুৱাহাটীত এখন ইংৰাজী আৰু বাংলা স্কুল স্থাপনৰ বাবে উদ্যোগ লোৱা সকলৰ ভিতৰত যজ্ঞৰাম খাৰঘৰীয়া ফুকনো আছিল অন্যতম।

হৰকান্ত শৰ্মা মজুমদাৰ বৰুৱা সেই সময়ত অসমৰ এজন উল্লেখযোগ্য ব্যক্তি আছিল। তেওঁ আছিল ব্ৰিটিছ কোম্পানীৰ তলৰ প্ৰথম ছিৰস্তাদাৰ। অসমীয়া ভাষা আৰু জাতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ আছিল বুলিব নোৱাৰি। ৰাজভক্তি নিদৰ্শন কৰোতে ব্ৰিটিছ প্ৰশস্তি গাই এইজন হৰকান্ত শৰ্মাই আত্মজীৱন লিখিছিল।

সেই সময়ৰ পৰাই অসমত বাংলা ভাষাৰ অাগ্ৰাসন হৈছিল আৰু তাত হাত উজান দিছিল এচাম অসমীয়াই। কিন্তু অসমীয়া ভাষাক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আনন্দ ৰাম ঢেকিয়াল ফুকনে আগভাগ লৈছিল। প্ৰাশ্চাত্যৰ শিক্ষাৰে শিক্ষিত হৈও ব্ৰিটিছৰ উচ্চপদবী কৰ্মচাৰীৰূপে দায়িত্ব পালিও নতুন চিন্তাৰ উন্মেষ ঘটাই আধুনিক মনৰ পৰিচয় দি জাতি আৰু ভাষা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ নেতৃত্ব লৈছিল। তেনে এক পৰিৱেশ-পৰিস্থিতিৰ মাজতে বহু ধুমুহা অতিক্ৰম কৰাৰ পাছত জাতীয়তাবাদৰ বীজ ৰোপণ আৰু কেন্দ্ৰীভূত হৈছিল বিভিন্ন আন্দোলনৰ জৰিয়তে।

তাৰ পৰৱৰ্তী কালছোৱাত জাতীয় জীৱনে এক মৰ্যাদাপূৰ্ণ স্থান লাভ কৰিছিল, ভাষা-সংস্কৃতিৰ উন্নতি হৈছিল। পুনৰ ভাষা আন্দোলনৰ সময়ত আকৌ এবাৰ জাতীয় জীৱনৰ প্ৰতি সংকট নামি আহে। অসমীয়া ভাষা আৰু জাতীয় জীৱনৰ এই সন্ধিক্ষণ অতিক্ৰম কৰাৰ পাছতেই অসম আন্দোলনে অনুৰূপ পৰিৱেশেই সৃষ্টি কৰিলে।

এদিন অসম আন্দোলনৰ সমাপ্তি হ’ল। বিদেশী সমস্যা সমাধান নহ’ল। ৰাজনৈতিকভাৱে এই সমস্যা সমাধান কৰাৰ হকে কোনোদিনেই ফলপ্ৰসূ পদক্ষেপ হাতত নল’লে শাসকগোষ্ঠীয়ে। কেৱল ই এক সংঘাতময় সময়ৰ ইতিহাস হৈ ৰৈ গ’ল। আকৌ এবাৰ জাতীয় জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। এইবাৰ শাসকগোষ্ঠীয়ে বৰ কৌশলেৰে হিন্দুত্ববাদক আধাৰ কৰি লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীসকলক আদৰিবলৈ সাজু হৈছে। ইতিমধ্যে এই প্ৰক্ৰিয়া আন ৰাজ্যত আৰম্ভ কৰি তাৰ জাল লাহে লাহে অসমৰ ফালে চেপি আনিছে।

সেই সুযোগ গ্ৰহণ কৰিছে এচাম ৰাজনৈতিক নেতাই। বঙালী-অসমীয়াৰ মাজত গঢ় লৈ উঠা স্বাভাৱিক পৰিৱেশক পুনৰ ঘোলা কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোক জপিয়াই পৰিছে। অসমতেই অসমীয়াৰ বিৰুদ্ধে হুংকাৰ দি তেওঁলোকে এনেদৰে ক’বলৈও সাহস কৰিছে- ‘এতিয়া আৰু আগৰ সেই পৰিৱেশ নাই!’ অসমক কাশ্মীৰ নহয় ত্ৰিপুৰাহে কৰিম বুলি মুকলিকৈ মন্তব্য কৰিছে। তাৰ বিপৰীতে জাতীয় জীৱনলৈ অহা প্ৰত্যাহ্বানক আধাৰ কৰি লৈ আন এচামে উগ্ৰ জাতীয়তাবাদীৰ পৰিচয় দি সমগ্ৰ পৰিৱেশটোকেই বাকযুদ্ধলৈ ৰূপান্তৰ কৰিছে।

কিন্তু এয়া বাকযুদ্ধৰ সময় নহয়। জাতীয় জীৱনলৈ অহা অস্তিত্বক সংকটৰ মুহূৰ্তত সকলোৱে একেলগ হৈ শাসকগোষ্ঠীৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱা সময় আছিল এয়া। ধৰ্মীয় পৰিচয়েৰে দেশী-বিদেশী চিনাক্ত কৰি কাৰোবালৈ ৰঙা দলিচা পাৰি জাতীয় অস্তিত্বক নিঃশেষ কৰিব খোজাসকলক বাধা দিবলৈ সন্মিলিত সংগ্ৰামৰ সূচনা হ’লেও ইয়াত বহু বিভীষণৰূপী চৰিত্ৰই ব্যক্তিগত-ৰাজনৈতিক স্বাৰ্থৰ সুৰক্ষাৰ বাবেই জাতি-মাটি-ভেটিৰ বিৰুদ্ধে থিয় দিছে।

অসমত বাস কৰা হিন্দু-মুছলমান, অসমীয়া-বঙালী সকলোৱে এই যুক্তিত নিশ্চয় হয়ভৰ দিব যে- বিদেশী সদায় বিদেশীয়ে। বছৰ বছৰ ধৰি অবৈধ বিদেশী সমস্যাত ভাৰাক্ৰান্ত ৰাজ্যখনৰ প্ৰতি নাগৰিকত্ব সংশোধনী বিধেয়কে কোনো কাৰণতেই ভাল খবৰ কঢ়িয়াই আনিব নোৱাৰে। এই অতিৰিক্ত নাগৰিকৰ বোজা কোনো কাৰণতেই অসমে ল’ব নোৱাৰে।

অসম আন্দোলনৰ জৰিয়তে বিদেশী নাগৰিকক বিতাড়নৰ দাবী তোলা সকলেই আজি বিদেশী নাগৰিকৰ পৃষ্ঠপোষক হৈছে। জাতিৰ স্বাৰ্থলৈ পিঠি দি তেওঁলোকৰ প্ৰবক্তা হৈ মাত মাতিছে। তাত অসমীয়া-বঙালীৰ বিভেদেৰে আন এচামে হাত উজান দিছে। অম্বিকাগিৰি ৰায় চৌধুৰীয়ে ১৯৫০চনতেই কৈছিল- ‘বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই, অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দু কেইটাই ভয় দেখুৱাই আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমান কেইটাৰ ওপৰত অসমীয়া হিন্দুই উপদ্ৰৱ কৰিব বুলি ফুচুলাই, অসমীয়াৰ ভিতৰত বিভেদ, অশান্তি সৃষ্টি কৰিছে।’ সেয়াই এইবাৰো হৈছে। দায়িত্বশীল মন্ত্ৰীয়ে ঘোষণা কৰিছে- ‘হিন্দু বাংলাদেশীসকলক আদৰি নল’লে অসমৰ ৰাজনৈতিক ক্ষমতা মুছলমানৰ হাতলৈ যাব।’

এনে এক অৰাজক পৰিৱেশ-পৰিস্থিতিত কিন্তু চৰকাৰে নীৰৱ ভূমিকা পালন কৰিছে। চৰকাৰৰ এই নীৰৱতাই পৰিৱেশ আৰু উত্তপ্ত কৰি পেলাইছে। সৰ্বসাধাৰণৰ মাজত পুঞ্জীভূত হোৱা ক্ষোভ দেখিও স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰিছে- ‘ৰাইজে আমাক ক্ষমতাচ্যুত কৰিলেও আমি এই পদক্ষেপত সমৰ্থন জনাবই লাগিব।’ অৰ্থাৎ হিন্দু বাংলাদেশীৰ পক্ষত তেওঁলোকে অৱস্থান লৈ এনে এক উত্তপ্ত পৰিস্থিতিৰ মাজেৰে সংঘাতময় পৰিৱেশ সৃষ্টি হোৱাতোৱেই তেওঁলোকে যেন কামনা কৰিছে।

ৰাজ্যখনৰ প্ৰতি অহা এই মহাসংকটৰ সময়ত বাকযুদ্ধৰো প্ৰয়োজন নাই। হুংকাৰ আৰু কথাৰ ফুলজাৰিৰে ইয়াক ৰোধ কৰিব নোৱাৰি। জাতীয় চেতনাৰে সমৃদ্ধ এক গণ আন্দোলনৰ জৰিয়তে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন এক সংগ্ৰামৰ বাবে সকলো সাজু হোৱাৰ সময় এয়া। আৱেগ বৰ্জিত আৰু ভৱিষ্যত সুৰক্ষাৰ বাবে সুনিৰ্দিষ্ট কৰ্মপন্থাৰে আমি ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আছিল। তাকেই নকৰি বহুধা শিবিৰত বিভক্ত হৈ সংঘৱদ্ধ এই সংগ্ৰামক দুৰ্বল কৰাৰো প্ৰয়াস চলিছে। যিসকলে ইমান দিনে বিদেশীৰ কথা কৈ আছিল- তেওঁলোকে কেৱল সতৰ্কবাণী দিয়েই মৌন হৈ ৰৈছে। এয়া অসমীয়া আৰু বঙালীৰ সংঘাত কেতিয়াও নহয়। ধৰ্মীয় মেৰুকৰণেৰে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এচামে ক্ষমতাৰ ৰাগীত লোৱা সিদ্ধান্তত আত্মঘাতী হ’ব লাগিব অসম আৰু অসমীয়াৰ স্বাভিমান। ইতিমধ্যেই অসমৰ ৰাইজেও চিনিছে অসম আৰু অসমীয়াৰ বিভীষণ কোন, শত্ৰু কোন?

এই সময়ত মাৰবান্ধি অসমীয়াই ইয়াক প্ৰতিহত কৰিব নোৱাৰিলে হয়তো সুধাকণ্ঠ ভূপেন হাজৰিকাই কৈ যোৱা সেই কথাই সঁচা হ’ব- অসমতে অসমীয়া ভগনীয়া হ’ব। সেই সময় আহিবলৈনো এতিয়া আৰু কিমান দিন? সকলো দেখিও, সকলো জানিও আমি আজিলৈকে একত্ৰিত হৈ এই কথাই ক’ব পৰা নাই- ‘নালাগে আমাক আৰু বিদেশীৰ বোজা। সি লাগে হিন্দুৱে হওঁক বা মুছলমানেই হওঁক।’

The post অম্বিকাগিৰিৰ কথাই আজি সঁচা হ’ল! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zfk5tX
via IFTTT

Comments