হাতীগড় চাহ বাগিছাত বনৰীয়া হাতীৰ উপদ্ৰৱ, ৮টা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ অন্তৰ্গত হাতীগড় অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ৷ মঙলবাৰে নিশাও প্ৰায় ১ বজাত বাগিছাখনৰ আৱাসীক এলেকাত সোমাই বনৰীয়া হাতীৰ জাকৰ কেইবাটাও অকলশৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আঠটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰে ৷
বাগিছাখনৰ কৰ্মচাৰী আৰু শ্ৰমিক লাইনৰ ক্ৰমে লৱ দীঘাল,ৰাহুল তাঁতি,নৰহৰি হাৰিয়া,বন্তি ডেকা,নৱীন মহন্ত,লক্ষন শ্ৰীধৰ, গোপাল চাচনি আৰু নন্দ চাচনিৰ মুঠ ৮ টা পৰিয়ালৰ ঘৰ বনৰীয়া হাতীয়ে ভাঙে যদিও পৰিয়ালৰ লোকসকলে হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে ৷ ধনশ্ৰী বন সংমণ্ডলৰ অন্তৰ্গত খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এটাজাকে দীৰ্ঘদিন ধৰি হাতীগড় চাহ বাগিছাত আশ্ৰয় লৈ প্ৰতি নিশাই বাগিছাখনৰ আৱাসীক এলেকাৰ উপৰি নিকটৱৰ্তী ৰাজহ গাঁৱত ঘৰ-দুৱাৰ ভাঙি বয়-বস্তু লণ্ডভণ্ড কৰি ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে ৷
অসম চৰকাৰৰ লগতে ওদালগুৰি জিলাৰ বন বিভাগে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে বিজ্ঞানসন্মত কোনো বিশেষ প্ৰতিৰোধ আঁচনি গ্ৰহণ নকৰাত এই সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈ চৰকাৰী তথ্য অনুসৰিয়েই জিলাখনত ১০ জন মানুহ আৰু ৪ টা হাতীৰ এই হাতী-মানুহ সংঘাতত মৃত্যু ঘটিছে ৷ বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰি নিশা কটোৱা জিলাখনৰ উত্তৰাঞ্চলৰ ৰাইজে হাতী-মানুহ সংঘাত ৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে ৷
The post হাতীগড় চাহ বাগিছাত বনৰীয়া হাতীৰ উপদ্ৰৱ, ৮টা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qnkxlP
via IFTTT
Comments
Post a Comment